--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হামাছ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধৰ মাজতে ভাৰতে দেওবাৰে গাজা ষ্ট্ৰিপত সংঘৰ্ষগ্ৰস্ত পেলেষ্টাইনীসকললৈ মানৱীয় সাহায্য প্ৰেৰণ কৰে। প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী পেলেষ্টাইনলৈ প্ৰেৰণ কৰা হৈছে৷ ভাৰতে প্ৰেৰণ কৰা এই সাহায্য ইজিপ্ত হৈ দেশখনত উপস্থিত হ’ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয়, প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী কঢ়িয়াই অনা আইএএফ চি-১৭ বিমান খন ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হৈছে। সামগ্ৰীবোৰ ইজিপ্ত আৰু গাজাৰ মাজৰ ৰাফা সীমান্ত পাৰ হৈ পেলেষ্টাইনলৈ প্ৰেৰণ কৰা হ’ব।

বাগচীয়ে জনাইছে যে মানৱীয় সাহায্যৰ ভিতৰত আছে অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, টাৰ্পলিন, চেনিটাৰী ইউটিলিটি, পানী বিশুদ্ধকৰণ টেবলেট,  অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ইত্যাদি। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনী কৰ্তৃপক্ষৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে কথা পতাৰ তিনিদিন পাছত পেলেষ্টাইনলৈ ভাৰতে সাহায্য আগবঢ়াইছে৷ বৃহস্পতিবাৰে তেওঁলোকৰ বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে পেলেষ্টাইনীসকললৈ মানৱীয় সাহায্য প্ৰেৰণ অব্যাহত ৰাখিব। তেওঁ এখন চিকিৎসালয়ত বোমা বিস্ফোৰণৰ ফলত গাজা ষ্ট্ৰিপত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

আব্বাছৰ সৈতে কথা পতাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ সন্ত্ৰাসবাদ, হিংসা আৰু অৱনতি হোৱা নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

পেলেষ্টাইনী সন্ত্ৰাসবাদী গোটৰ আকস্মিক আৰু অভূতপূৰ্ব আক্ৰমণৰ পাছত ৭ অক্টোবৰত আৰম্ভ হোৱা ইজৰাইল আৰু হামাছৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধই এতিয়ালৈকে দুয়োপক্ষৰ ৫,০০০ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে আৰু মধ্য-প্ৰাচ্যত এক বৃহৎ মানৱীয় সংকটৰ সৃষ্টি কৰিছে। 

হামাছে কৰা মাৰাত্মক আক্ৰমণ, য’ত দলটোৱে দক্ষিণ ইজৰাইলৰ চহৰসমূহত ভূমিৰ মাজেৰে অনুপ্ৰৱেশ কৰি তেওঁলোকৰ ঘৰত সাধাৰণ লোকক গুলীবৰ্ষণ কৰা দেখা গৈছিল৷ যি ঘটনা সমগ্ৰ বিশ্ব আৰু বিশ্বনেতাসকলৰ পৰা তীব্ৰ নিন্দাৰ সন্মুখীন হৈছে। 

শেহতীয়াকৈ গাজাৰ এখন চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণে শ শ লোকে প্ৰাণ হেৰুৱাইছিল আৰু বিশ্বনেতাসকলৰ পৰা নিন্দাৰ সন্মুখীন হৈছিল। যদিও হামাছে দাবী কৰিছিল যে ইজৰাইলৰ ৰকেট আক্ৰমণে এই দুৰ্ঘটনা সংঘটিত কৰিছিল, কিন্তু ইজৰাইলে এই দাবী খণ্ডন কৰিছে।

ইফালে, ইজৰাইলে হামাছৰ সৈতে মোকাবিলা কৰাৰ বাবে এক সমন্বিত দৃষ্টিভংগীৰে গাজাত এক স্থল আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছে বুলি আশংকা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত