--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছে প্ৰখ্যাত বক্সাৰ মাইক টাইছনৰ নাম৷ যোৱা বছৰ ছান ফ্ৰান্সিস্কোৰ পৰা জেটব্লুৰ বিমানত সংঘটিত এক কাৰ্যত প্ৰাক্তন হেভিৱেট চেম্পিয়ন মাইক টাইছনৰ নাম জড়িত হৈ পৰিছে। ৫৫ বছৰীয়া বক্সাৰগৰাকীয়ে মেলভিন টাউনচেণ্ড নামৰ এজন সহযাত্ৰীক ঘোচা মাৰিছিল, যিজনে মদ্যপান কৰি বক্সিং কিংবদন্তিজনক উত্তেজিত কৰি তুলিছিল বুলি জানিব পৰা গৈছে। এতিয়া যাত্ৰীজনে এই কাণ্ডৰ বাবে টাইছনৰ অধিবক্তাসকললৈ এক বৃহৎ ''প্ৰি-লিটিগেচন ছেটেলমেণ্ট ডিমাণ্ড'' প্ৰেৰণ কৰিছে।

বিমানৰ ভিতৰত টাউনচেণ্ডৰ মস্কৰা বৃদ্ধি পাই এসময়ত টাইছনৰ ওপৰত পানীৰ বটল নিক্ষেপ কৰে, যাৰ ফলত দুয়োজনৰ মাজত শাৰীৰিক কাজিয়াৰ সৃষ্টি হয়। টাইছনে টাউনচেণ্ডক শান্ত হ’বলৈ অনুৰোধ কৰাৰ পাছতো পৰিস্থিতি তীব্ৰতৰ হৈ পৰে, যাৰ ফলত টাইছনে প্ৰতিবেশীজনক এটা প্ৰচণ্ড ঘোচা মাৰে।

ইপিনে টাইছনৰ অধিবক্তা এটৰ্নী ষ্টিফেন ৱেগষ্টাফে কয় যে টাইছন অভিযোগৰ সন্মুখীন নহ’ব, ইয়াৰ কাৰণ এই কাণ্ডৰ পূৰ্বে ভুক্তভোগীৰ আচৰণেই আছিল উত্তেজনাৰে পৰিপূৰ্ণ। বৰ্তমান মেলভিন টাউনচেণ্ডৰ অধিবক্তা জেক জণ্ডলে টাইছনৰ অধিবক্তালৈ ৪ লাখ ৫০ হাজাৰ ডলাৰৰ ‘প্ৰিলিটিগেচন ছেটেলমেণ্ট ডিমাণ্ড’ প্ৰেৰণ কৰিছে আৰু উল্লেখ কৰিছে যে টাউনচেণ্ডৰ তীব্ৰ মূৰৰ বিষ আৰু ডিঙিৰ বিষ বৰ্তমানলৈকে চলি আছে। এই কথা উল্লেখ কৰিব লাগিব যে টাইছনৰ অধিবক্তা এলেক্স স্পাইৰ’ই এই দাবীক “শ্বেকডাউন” বুলি নাকচ কৰে আৰু ধন দিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ