--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছে প্ৰখ্যাত বক্সাৰ মাইক টাইছনৰ নাম৷ যোৱা বছৰ ছান ফ্ৰান্সিস্কোৰ পৰা জেটব্লুৰ বিমানত সংঘটিত এক কাৰ্যত প্ৰাক্তন হেভিৱেট চেম্পিয়ন মাইক টাইছনৰ নাম জড়িত হৈ পৰিছে। ৫৫ বছৰীয়া বক্সাৰগৰাকীয়ে মেলভিন টাউনচেণ্ড নামৰ এজন সহযাত্ৰীক ঘোচা মাৰিছিল, যিজনে মদ্যপান কৰি বক্সিং কিংবদন্তিজনক উত্তেজিত কৰি তুলিছিল বুলি জানিব পৰা গৈছে। এতিয়া যাত্ৰীজনে এই কাণ্ডৰ বাবে টাইছনৰ অধিবক্তাসকললৈ এক বৃহৎ ''প্ৰি-লিটিগেচন ছেটেলমেণ্ট ডিমাণ্ড'' প্ৰেৰণ কৰিছে।


বিমানৰ ভিতৰত টাউনচেণ্ডৰ মস্কৰা বৃদ্ধি পাই এসময়ত টাইছনৰ ওপৰত পানীৰ বটল নিক্ষেপ কৰে, যাৰ ফলত দুয়োজনৰ মাজত শাৰীৰিক কাজিয়াৰ সৃষ্টি হয়। টাইছনে টাউনচেণ্ডক শান্ত হ’বলৈ অনুৰোধ কৰাৰ পাছতো পৰিস্থিতি তীব্ৰতৰ হৈ পৰে, যাৰ ফলত টাইছনে প্ৰতিবেশীজনক এটা প্ৰচণ্ড ঘোচা মাৰে।


ইপিনে টাইছনৰ অধিবক্তা এটৰ্নী ষ্টিফেন ৱেগষ্টাফে কয় যে টাইছন অভিযোগৰ সন্মুখীন নহ’ব, ইয়াৰ কাৰণ এই কাণ্ডৰ পূৰ্বে ভুক্তভোগীৰ আচৰণেই আছিল উত্তেজনাৰে পৰিপূৰ্ণ। বৰ্তমান মেলভিন টাউনচেণ্ডৰ অধিবক্তা জেক জণ্ডলে টাইছনৰ অধিবক্তালৈ ৪ লাখ ৫০ হাজাৰ ডলাৰৰ ‘প্ৰিলিটিগেচন ছেটেলমেণ্ট ডিমাণ্ড’ প্ৰেৰণ কৰিছে আৰু উল্লেখ কৰিছে যে টাউনচেণ্ডৰ তীব্ৰ মূৰৰ বিষ আৰু ডিঙিৰ বিষ বৰ্তমানলৈকে চলি আছে। এই কথা উল্লেখ কৰিব লাগিব যে টাইছনৰ অধিবক্তা এলেক্স স্পাইৰ’ই এই দাবীক “শ্বেকডাউন” বুলি নাকচ কৰে আৰু ধন দিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ