--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চলি থকা ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ সময়ত পেট কামিন্সৰ দ্বাৰা আউট হোৱাৰ পাছত বিমৰ্ষ-বিষণ্ণ হৈ পৰিছিল বিৰাট কোহলী। 

ৰোহিত শৰ্মা, শুভমন গিল আৰু শ্ৰেয়স আয়াৰৰ উইকেট হেৰুওৱাৰ পাছত কোহলীয়ে ৬৩টা বলত ৫৪ ৰাণৰ ইনিংছ খেলি ভাৰতীয় ইনিংছ স্থিৰ কৰি ৰাখিছিল। কোহলীৰ এয়া আছিল নৱম ফিফটি-প্লাছ স্ক’ৰ। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কোহলীয়ে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ ‘১০’ নম্বৰৰ জাৰ্চী লাভ কৰে।

মাষ্টাৰ-ব্লাষ্টাৰে তেওঁৰ নীলা জাৰ্চি প্ৰেৰণ কৰিছিল, যিটো তেওঁ ২০১২ত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন এদিনীয়া খেলত পিন্ধিছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে তেওঁলোকৰ অফিচিয়েল এক্স (পূৰ্বতে টুইটাৰ) একাউণ্টত কোহলীয়ে কিংবদন্তিৰ জাৰ্চি লাভ কৰাৰ মুহূৰ্তটোৰ ফটো শ্বেয়াৰ কৰিছিল।

ইয়াৰ পূৰ্বে বুধবাৰে কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৫০টা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমিফাইনেল খেলত বিৰাটে ১১৩ টা বলত ১১৭ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত নটা চাৰি আৰু দুটা ছয় আছিল। বিৰাটে ১০৩তকৈ ওপৰৰ ষ্ট্ৰাইক ৰেটত তেওঁৰ ৰাণ সংগ্ৰহ কৰিছিল। 

ইতিমধ্যে ভাৰতৰ প্ৰাক্তন অধিনায়কজনে ক্ৰিকেট বিশ্বকাপ সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক