--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চলি থকা ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ সময়ত পেট কামিন্সৰ দ্বাৰা আউট হোৱাৰ পাছত বিমৰ্ষ-বিষণ্ণ হৈ পৰিছিল বিৰাট কোহলী। 

ৰোহিত শৰ্মা, শুভমন গিল আৰু শ্ৰেয়স আয়াৰৰ উইকেট হেৰুওৱাৰ পাছত কোহলীয়ে ৬৩টা বলত ৫৪ ৰাণৰ ইনিংছ খেলি ভাৰতীয় ইনিংছ স্থিৰ কৰি ৰাখিছিল। কোহলীৰ এয়া আছিল নৱম ফিফটি-প্লাছ স্ক’ৰ। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কোহলীয়ে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ ‘১০’ নম্বৰৰ জাৰ্চী লাভ কৰে।

মাষ্টাৰ-ব্লাষ্টাৰে তেওঁৰ নীলা জাৰ্চি প্ৰেৰণ কৰিছিল, যিটো তেওঁ ২০১২ত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন এদিনীয়া খেলত পিন্ধিছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে তেওঁলোকৰ অফিচিয়েল এক্স (পূৰ্বতে টুইটাৰ) একাউণ্টত কোহলীয়ে কিংবদন্তিৰ জাৰ্চি লাভ কৰাৰ মুহূৰ্তটোৰ ফটো শ্বেয়াৰ কৰিছিল।

ইয়াৰ পূৰ্বে বুধবাৰে কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৫০টা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমিফাইনেল খেলত বিৰাটে ১১৩ টা বলত ১১৭ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত নটা চাৰি আৰু দুটা ছয় আছিল। বিৰাটে ১০৩তকৈ ওপৰৰ ষ্ট্ৰাইক ৰেটত তেওঁৰ ৰাণ সংগ্ৰহ কৰিছিল। 

ইতিমধ্যে ভাৰতৰ প্ৰাক্তন অধিনায়কজনে ক্ৰিকেট বিশ্বকাপ সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক