--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংককত অনুষ্ঠিত হোৱা বিমষ্টেক (BIMSTEC) সন্মিলনৰ সময়ত মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত অনুষ্ঠিত হোৱা প্ৰস্তাৱিত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত দিল্লীৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে ঢাকা।

আজি বৈদেশিক মন্ত্ৰালয়ত সংবাদ মাধ্যমত বৈদেশিক সচিব জাছিম উদ্দিনে কয় যে ‘আমি বৈঠকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছো।এতিয়া আমি ভাৰতৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো।’

ইউনুছ আৰু মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ভাৰত-বাংলাদেশৰ সম্পৰ্কত থকা উত্তেজনা দূৰ কৰিব পৰা যাব বুলিও তেওঁ কয়।

ইয়াৰ পূৰ্বে বাংলাদেশে দ্বিপাক্ষিক ভ্ৰমণ সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত বৈঠকৰ বাবে ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

২-৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক (BIMSTEC) শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে বেংকক ভ্ৰমণ কৰিব ইউনুছে ৷ ইয়াৰ পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কৈছিল যে ভাৰতে ইউনুছ আৰু মোদীৰ মাজত বৈঠকৰ কথা চিন্তা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা