--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজনিশা ৰাজপথত ঘূৰি ফুৰিছে এগৰাকী ৰহস্যময়ী মহিলা। মধ্য প্ৰদেশৰ গোৱালিয়ৰ চহৰত বসবাস কৰা লোকসকল এগৰাকী ৰহস্যময়ী মহিলাৰ কাৰ্যকলাপক লৈ আতংকিত হৈ পৰিছে। মাজনিশা এই সন্দেহজনক তথা ৰহস্যময়ী মহিলাগৰাকীয়ে ৰাজপথত ঘূৰি ফুৰে আৰু প্ৰতিটো ঘৰৰ দুৱাৰৰ মুখত ৰৈ কলিংবেল বজায়। মানুহে যেতিয়া দুৱাৰ খুলি চায় তেতিয়া কাকো দেখা নাপায়। 

এই মহিলাগৰাকীৰ এই কাৰ্যকলাপ অঞ্চলটোৰ ঘৰবোৰত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও তেওঁৰ মুখখন স্পষ্টকৈ দেখা পোৱা নাই৷ এই ৰহস্যময়ী মহিলাগৰাকীৰ উপস্থিতিৰ বাবে অঞ্চলটোত ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাইজ আতংকিত হৈ পৰিছে।

চিচিটিভিৰ ফুটেজত স্পষ্টকৈ দেখা গৈছে যে এই মহিলাগৰাকীয়ে মাজনিশা ৰাজপথেৰে খোজ কাঢ়ি প্ৰতিটো ঘৰৰ দুৱাৰৰ মুখত ৰৈ কলিংবেল বজাইছে। আশ্চৰ্যজনক কথাটো হ’ল এই সময়ছোৱাত ৰাস্তাত থকা কুকুৰ, গৰু আদিয়ে মহিলাগৰাকীক দেখি ভয় খাই ভিৰাই লৰ মাৰিছে। কুকুৰ, গৰু আদিৰ এই লক্ষণে আৱাসীসকলৰ মাজত শংকা আৰু বঢ়াই তুলিছে। ৰাইজে এই মহিলাগৰাকী ভূত বা অশৰীৰী কিবা বস্তু বুলি সন্দেহ কৰিছে কিয়নো কাৰণ জীৱ-জন্তুৱে অশৰীৰীৰ উপস্থিতি বেছিকৈ অনুভৱ কৰিব পাৰে।

একাংশই ইয়াক অলৌকিক ঘটনা বুলি গণ্য কৰি থকাৰ বিপৰীতে কোনোৱে এয়া মানুহৰে দুষ্টামি হ’ব পাৰে বুলিও ব্যক্ত কৰিছে।

এই ৰহস্যময়ী মহিলাগৰাকীৰ এই কাৰ্যত ভয় খাইছে অঞ্চলটোৰ ৰাইজ। ভূতৰ ভয় দূৰ কৰিবলৈ বহু পৰিয়ালে ভগৱান আৰু কালী মাক বিশ্বাসেৰে পূজা কৰি আছে। 

অৱশ্যে এই বিষয়ত আৰক্ষীয়ে এতিয়াও কোনো লিখিত অভিযোগ পোৱা নাই যদিও ভাইৰেল চিচিটিভি ফুটেজ দেখাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰঞ্জন শৰ্মাই কয় যে, "আমি এই সন্দৰ্ভত কোনো লিখিত অভিযোগ পোৱা নাই, কিন্তু ভাইৰেল ভিডিঅ'টোৰ আধাৰত আমি গোৱালিয়ৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিশা টহল বৃদ্ধি কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো। বৰ্তমান এই সন্দেহজনক মহিলাগৰাকীক বিচাৰি উলিওৱাত আৰক্ষী ব্যস্ত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা