--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই বহুলোক হত্যাৰ বলি হয়। আমাৰ সমাজৰে অনেক পত্নী বা স্বামী হেৰাই গ'ল পৰকীয়া প্ৰেমৰ বাবেই। এই পৰকীয়া প্ৰেমক স্বীকৃতি দি চৰ্চাৰ বিষয় হৈ পৰিছে এজন স্বামী। 

উত্তৰ প্ৰদেশৰ সন্ত কবিৰনগৰত এগৰাকী মহিলাই সন্তান আৰু স্বামীক এৰি প্ৰেমিকক বিয়া পাতিলে। ইয়াৰ আঁৰৰ ডাঙৰ কথাটো হ’ল এই বিয়াখন মহিলাগৰাকীৰ স্বামীয়ে নিজে আয়োজন কৰিছে আৰু নিজ হাতেৰে পত্নীক প্ৰেমিকৰ হাতত গতাই দিলে।

প্ৰথমে স্বামীয়ে পত্নীক আদালতৰ পৰা নটাৰী কৰাইছিল আৰু তাৰ পিছত পত্নীক প্ৰেমিকৰ সৈতে মন্দিৰত বিয়া পাতি দিয়ে। এই বিষয়টো বনজুইৰ দৰে অঞ্চলটোত বিয়পি পৰিল।

তথ্য অনুসৰি ২০১৭ চনত বাবলু নামৰ যুৱকজনে ৰাধিকা নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল। বিবাহৰ আঠ বছৰত তেওঁলোকৰ দুটা সন্তানো হৈছিল। ডাঙৰ সন্তানটো হৈছে সাত বছৰীয়া আৰ্য্য আৰু দুবছৰীয়া কন্যা শিৱানী। 

উপাৰ্জনৰ বাবে বাবলু প্ৰায়ে ঘৰৰ বাহিৰত থাকিছিল। ইফালে ৰাধিকাই গাঁৱত বাস কৰা এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিলে আৰু বহুদিন ধৰি সেই সম্পৰ্ক চলি থাকিল। এই সম্পৰ্ক ক্ৰমান্বয়ে গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিল। 

পৰিয়ালৰ লোকে এই কথা গম পাই বাবলুক খবৰ দিলে। ৰাধিকাৰ স্বামীয়ে যেতিয়া এই কথা গম পালে, তেতিয়া তেওঁ প্ৰথমে পত্নীক বুজাবলৈ বহু চেষ্টা কৰিলে। বুজনি কোনো কামত নহা দেখি, তেতিয়া তেওঁ এই বিষয়টো গাঁৱৰ মানুহৰ আগত আগবঢ়াই দিলে যে মোৰ পত্নীয়ে সিদ্ধান্ত ল’ব যে তাই মোৰ লগত থাকিব বিচাৰে নে তাইৰ প্ৰেমিকৰ লগত থাকিব বিচাৰে? যেতিয়া মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি সঁহাৰি জনাইছিল, তেতিয়া সমগ্ৰ সমাজখন স্তম্ভিত হৈ পৰিছিল।

স্বামীয়ে ক’লে, ঠিক আছে, আমি তোমাক তোমাৰ প্ৰেমিকৰ লগত বিয়া দিম আৰু মই নিজেই মোৰ ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰিম। এই সকলোবোৰৰ সাক্ষী হৈ থাকিল গাঁৱৰ ৰাইজ।

প্ৰেমিকৰ হাতত পত্নীক গতাই দি নিজেই সন্তান দুটাৰ সৈতে জীৱনৰ এক নতুন পৰ্যায়ৰ দিশে আগবাঢ়িল বাবলু।

বহু লোকে দুখ প্ৰকাশ কৰি কৈছে যে এই নিৰীহ শিশু দুটিৰ কি ভুল আছিল যে মাতৃ থকাৰ পাছতো এই কণমান বয়সতে মা শব্দটোৰ পৰা বঞ্চিত হ’ব লগা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা