--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় সংবাদ জগতৰ এক সোণোৱালী অধ্যায়ৰ সমাপ্তি ঘটিল শণিবাৰে। কেতিয়াও পূৰাব নোৱাৰা এক বৃহৎ খালী ঠাই সৃষ্টি কৰি নেদেখা জগতলৈ গুচি গ'ল ভাৰতীয় সংবাদ জগতৰ সিংহ পুৰুষ বিনোদ ডুৱা। ভাৰতীয় মিডিয়া জগতৰ এক পুৰোধা ব্যক্তি আছিল সাংবাদিক ডুৱা। ১৯৭৪ চনৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে সংবাদ জগতৰ এখন অতি পৰিচিত মুখ আছিল বিনোদ ডুৱাৰ। বিনোদ ডুৱা হৈছে এনে এজন ব্যক্তি যিয়ে ভাৰতীয় সংবাদ জগতৰ ইতিহাসত ব্লেক এণ্ড হোৱাইট টিভিৰ স্ক্ৰীণত এংকৰিং কৰাৰ পৰা ৰঙীন টিভি চেনেলকৈ এক দুৰ্বাৰ গতিত সাংবাদিকতা সেৱা আগবঢ়াই গৈছে।

এইজন মহান সাংবাদিকে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৪ ডিচেম্বৰ,২০২১ তাৰিখে নিয়তিৰ ওচৰত হাৰ মানি পৰলোকলৈ গমন কৰে। বিনোদ ডুৱা কেৱল সাংবাদিকেই নাছিল, তেওঁ আছিল একাধাৰে এংকৰ, ৰাজনৈতিক ভাষ্যকাৰ, নিৰ্বাচন বিশ্লেষক, প্ৰযোজক আৰু পৰিচালক। ২০০৮ চনত ভাৰত চৰকাৰে বিনোদ ডুৱাক সাংবাদিকতা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। সকলোতকৈ ডাঙৰ কথাটো হ'ল কোনো চৰকাৰকে কেতিয়াও ভয় কৰা নাছিল এইজন সাংবাদিকে। দূৰদৰ্শন আৰু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV ৰ সৈতে জড়িত ৬৭ বছৰীয়া সাংবাদিকগৰাকীয়ে চৰকাৰক ভিন্ন প্ৰশ্ন তথা সমালোচনাৰে থকা-সৰকা কৰিছিল। চৰকাৰৰ মুখ বন্ধ কৰি দিব পৰাকৈ তেওঁৰ কণ্ঠ আছিল বলিষ্ঠ। চৰকাৰে কেতিয়াও বিনোদ ডুৱাৰ প্ৰশ্নৰ উত্তৰ ভালকৈ দিব পৰা নাছিল। এক অৰ্থত তেওঁ চৰকাৰৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল।

জীৱনকালত সাংবাদিক ডুৱা কেইবাটাও সন্মানেৰে সন্মানিত হৈছিল। পদ্মশ্ৰীৰ উপৰিও ১৯৯৬ চনত তেওঁ লাভ কৰিছিল ৰামনাথ গোৱেংকা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা। ২০১৭ চনত তেওঁ লাভ কৰিছিল জীৱন জোৰা সাধনা বঁটা। তেওঁ দিল্লীৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপৰ এজন সক্ৰিয় সদস্য আছিল।

উল্লেখ্য যে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰা বাবে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল ৰাজদ্ৰোহৰ গোচৰ। তথাপিও কেতিয়াও কাৰো ওচৰত মূৰ তল কৰা নাছিল সাংবাদিকগৰাকীয়ে। ইচ্ছা কৰা হ'লে তেওঁ সাংবাদিকৰ ছদ্মবেশত চৰকাৰী মুখপাত্ৰ হৈ নিউজ চেনেল এটাৰ মালিক বা সম্পাদক হৈ থাকিব পাৰিলেহেঁতেন। কাৰো ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰি সাংবাদিকগৰাকীয়ে কেৱল জনতাৰ হকে, সমাজৰ হকে মাত মাতি গ'ল। এক অৰ্থত আমৃত্যু মূৰ ওপৰ কৰি জীৱন জিওৱাৰ পাঠ শিকাই গ'ল বিনোদ ডুৱাই। বিনোদ ডুৱা আপোনাক কেতিয়াও কোনো কাৰণত পাহৰিব নোৱাৰে ভাৰতৰ প্ৰতিজন পৰিৱৰ্তনকামী লোকে…পাহৰিব নোৱাৰে।

আৰু পঢ়কঃ অগ্নিগৰ্ভা নাগালেণ্ড! উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ