--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় সংবাদ জগতৰ এক সোণোৱালী অধ্যায়ৰ সমাপ্তি ঘটিল শণিবাৰে। কেতিয়াও পূৰাব নোৱাৰা এক বৃহৎ খালী ঠাই সৃষ্টি কৰি নেদেখা জগতলৈ গুচি গ'ল ভাৰতীয় সংবাদ জগতৰ সিংহ পুৰুষ বিনোদ ডুৱা। ভাৰতীয় মিডিয়া জগতৰ এক পুৰোধা ব্যক্তি আছিল সাংবাদিক ডুৱা। ১৯৭৪ চনৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে সংবাদ জগতৰ এখন অতি পৰিচিত মুখ আছিল বিনোদ ডুৱাৰ। বিনোদ ডুৱা হৈছে এনে এজন ব্যক্তি যিয়ে ভাৰতীয় সংবাদ জগতৰ ইতিহাসত ব্লেক এণ্ড হোৱাইট টিভিৰ স্ক্ৰীণত এংকৰিং কৰাৰ পৰা ৰঙীন টিভি চেনেলকৈ এক দুৰ্বাৰ গতিত সাংবাদিকতা সেৱা আগবঢ়াই গৈছে।

এইজন মহান সাংবাদিকে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৪ ডিচেম্বৰ,২০২১ তাৰিখে নিয়তিৰ ওচৰত হাৰ মানি পৰলোকলৈ গমন কৰে। বিনোদ ডুৱা কেৱল সাংবাদিকেই নাছিল, তেওঁ আছিল একাধাৰে এংকৰ, ৰাজনৈতিক ভাষ্যকাৰ, নিৰ্বাচন বিশ্লেষক, প্ৰযোজক আৰু পৰিচালক। ২০০৮ চনত ভাৰত চৰকাৰে বিনোদ ডুৱাক সাংবাদিকতা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। সকলোতকৈ ডাঙৰ কথাটো হ'ল কোনো চৰকাৰকে কেতিয়াও ভয় কৰা নাছিল এইজন সাংবাদিকে। দূৰদৰ্শন আৰু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV ৰ সৈতে জড়িত ৬৭ বছৰীয়া সাংবাদিকগৰাকীয়ে চৰকাৰক ভিন্ন প্ৰশ্ন তথা সমালোচনাৰে থকা-সৰকা কৰিছিল। চৰকাৰৰ মুখ বন্ধ কৰি দিব পৰাকৈ তেওঁৰ কণ্ঠ আছিল বলিষ্ঠ। চৰকাৰে কেতিয়াও বিনোদ ডুৱাৰ প্ৰশ্নৰ উত্তৰ ভালকৈ দিব পৰা নাছিল। এক অৰ্থত তেওঁ চৰকাৰৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল।

জীৱনকালত সাংবাদিক ডুৱা কেইবাটাও সন্মানেৰে সন্মানিত হৈছিল। পদ্মশ্ৰীৰ উপৰিও ১৯৯৬ চনত তেওঁ লাভ কৰিছিল ৰামনাথ গোৱেংকা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা। ২০১৭ চনত তেওঁ লাভ কৰিছিল জীৱন জোৰা সাধনা বঁটা। তেওঁ দিল্লীৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপৰ এজন সক্ৰিয় সদস্য আছিল।

উল্লেখ্য যে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰা বাবে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল ৰাজদ্ৰোহৰ গোচৰ। তথাপিও কেতিয়াও কাৰো ওচৰত মূৰ তল কৰা নাছিল সাংবাদিকগৰাকীয়ে। ইচ্ছা কৰা হ'লে তেওঁ সাংবাদিকৰ ছদ্মবেশত চৰকাৰী মুখপাত্ৰ হৈ নিউজ চেনেল এটাৰ মালিক বা সম্পাদক হৈ থাকিব পাৰিলেহেঁতেন। কাৰো ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰি সাংবাদিকগৰাকীয়ে কেৱল জনতাৰ হকে, সমাজৰ হকে মাত মাতি গ'ল। এক অৰ্থত আমৃত্যু মূৰ ওপৰ কৰি জীৱন জিওৱাৰ পাঠ শিকাই গ'ল বিনোদ ডুৱাই। বিনোদ ডুৱা আপোনাক কেতিয়াও কোনো কাৰণত পাহৰিব নোৱাৰে ভাৰতৰ প্ৰতিজন পৰিৱৰ্তনকামী লোকে…পাহৰিব নোৱাৰে।

আৰু পঢ়কঃ অগ্নিগৰ্ভা নাগালেণ্ড! উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ