--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে জাৱাদ। জাৱাদ হৈছে সাগৰীয় ধুমুহা। এই সাগৰীয় ধুমুহা প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে প্ৰবাহিত হ’ব। বংগোপ সাগৰত উত্‍পত্তি হোৱা জাৱাদ সাগৰীয় ঘূৰ্ণিৰ প্ৰভাৱ পৰিব অসমতো। অহা ৭ ডিচেম্বৰলৈ অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে।ধুমুহাৰ ফলত অসম তথা উত্তৰ পূবত ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ আশংকা। সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান

আৰু পঢ়কঃ বিনোদ ডুৱা: পৰিবৰ্তনকামী মানুহে আপোনাক কেতিয়াও নাপাহৰে!

বিজ্ঞানীসকলৰ ধাৰণা ১১০ কিলোমিটাৰ গতিবেগত অহা ধুমুহা জাৱাদৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হব বিশাখাপত্তনম, শ্ৰীকুকুলাম, বালাচোৰ, পুৰী, নয়াগঢ়, গঞ্জাম, গজপতি, ভদ্ৰক, বালাচোৰ আদি। জাৱাদৰ বাবে ওড়িশা, অন্ধ্ৰপ্ৰদেশত ৰেল এলাৰ্ট জাৰি। অহা সোমবাৰলৈ সাগৰত মাছ মৰা, পৰ্যটকক গভীৰ সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান সংস্থাই। ওড়িশাত সাগৰীয় ধুমুহাৰ বাবে বাতিল হ'ল দ্বাদশ আন্তৰাষ্ট্ৰীয় বালি মহোৎসৱো।

তৎপৰ হৈ পৰিছে নৌ সেনা বাহিনী

ঘূৰ্ণীবতাহ জাৱাদৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বালি কলা মহোৎসৱ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। উৎসৱটো বিখ্যাত কোণাৰ্ক মন্দিৰৰ ওচৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। ভাৰতীয় ৰেল বিভাগে ৭৫খন ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰিছে। উল্লেখ্য যে বংগোপ সাগৰত উত্‍পত্তি হোৱা অধিকাংশ ঘূৰ্ণিবতাহে সততে ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশত আঘাত সানে।এই ৰাজ্যকেইখনত সমুদ্ৰৰ কাষত বসবাস কৰা বাসিন্দাক যুদ্ধকালীন প্ৰস্তুতিৰে নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ বাবে নৌ বাহিনী ব্যৱহাৰ কৰা হৈছে।

আৰু পঢ়কঃ অগ্নিগৰ্ভা নাগালেণ্ড! উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ