--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে জাৱাদ। জাৱাদ হৈছে সাগৰীয় ধুমুহা। এই সাগৰীয় ধুমুহা প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে প্ৰবাহিত হ’ব। বংগোপ সাগৰত উত্‍পত্তি হোৱা জাৱাদ সাগৰীয় ঘূৰ্ণিৰ প্ৰভাৱ পৰিব অসমতো। অহা ৭ ডিচেম্বৰলৈ অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে।ধুমুহাৰ ফলত অসম তথা উত্তৰ পূবত ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ আশংকা। সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান

আৰু পঢ়কঃ বিনোদ ডুৱা: পৰিবৰ্তনকামী মানুহে আপোনাক কেতিয়াও নাপাহৰে!

বিজ্ঞানীসকলৰ ধাৰণা ১১০ কিলোমিটাৰ গতিবেগত অহা ধুমুহা জাৱাদৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হব বিশাখাপত্তনম, শ্ৰীকুকুলাম, বালাচোৰ, পুৰী, নয়াগঢ়, গঞ্জাম, গজপতি, ভদ্ৰক, বালাচোৰ আদি। জাৱাদৰ বাবে ওড়িশা, অন্ধ্ৰপ্ৰদেশত ৰেল এলাৰ্ট জাৰি। অহা সোমবাৰলৈ সাগৰত মাছ মৰা, পৰ্যটকক গভীৰ সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান সংস্থাই। ওড়িশাত সাগৰীয় ধুমুহাৰ বাবে বাতিল হ'ল দ্বাদশ আন্তৰাষ্ট্ৰীয় বালি মহোৎসৱো।

তৎপৰ হৈ পৰিছে নৌ সেনা বাহিনী

ঘূৰ্ণীবতাহ জাৱাদৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বালি কলা মহোৎসৱ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। উৎসৱটো বিখ্যাত কোণাৰ্ক মন্দিৰৰ ওচৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। ভাৰতীয় ৰেল বিভাগে ৭৫খন ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰিছে। উল্লেখ্য যে বংগোপ সাগৰত উত্‍পত্তি হোৱা অধিকাংশ ঘূৰ্ণিবতাহে সততে ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশত আঘাত সানে।এই ৰাজ্যকেইখনত সমুদ্ৰৰ কাষত বসবাস কৰা বাসিন্দাক যুদ্ধকালীন প্ৰস্তুতিৰে নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ বাবে নৌ বাহিনী ব্যৱহাৰ কৰা হৈছে।

আৰু পঢ়কঃ অগ্নিগৰ্ভা নাগালেণ্ড! উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম