--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শনিবাৰে সন্ধিয়া অসম ৰাইফলচৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত ১২জনকৈ গাঁওবাসী নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডৰ মন জিলাত একাংশ উত্তেজিত লোকৰ আক্ৰমণত নিহত হৈছে অসম ৰাইফলছৰ এজন জোৱান। নিহত জোৱানজনক উত্তৰাখণ্ডৰ গৌতম লাল বুলি চিনাক্ত কৰা হৈছে। এই আক্ৰমণৰ ফলত আন ৬জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ অ’টিং গাঁৱৰ একাংশ লোকে দৈনিন্দিন কামকাজ সামৰি টিৰু গাঁৱৰ পৰা এখন পিক আপ বাহনত অ’টিঙলৈ উভতি অহাৰ সময়ত বিদ্ৰোহী বুলি সন্দেহ কৰি অসম ৰাইফলচে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত বাহনখনত থকা ১২জনকৈ লোক থিতাতে নিহত হয়। ঘটনাৰ পাছতে উত্তেজিত ৰাইজে ৩খনকৈ বাহন জ্বলাই দিয়ে। প্ৰথমে এই গুলীচালনাৰ ঘটনা কোনো অচিনাকি দুৰ্বৃত্তই কৰিছিল বুলি সন্দেহ কৰা হৈছিল যদিও তদন্তত এই অঘটন অসম ৰাইফলচৰ দ্বাৰা হৈছে বুলি পোহৰলৈ আহে।

বৰ্তমান মন জিলাত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সাধাৰণ জনতা উত্তেজিত হৈ পৰিছে। ক’হিমাৰ কিছামাত হৰ্নবিল উৎসৱ চলি থকাৰ মাজতে এনে নৃশংস ঘটনাত জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ নগা জাতীয় সংগঠনসমূহ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। জানিব পৰা মতে অসম ৰাইফলচে অতৰ্কিতে এই আক্ৰমণ চলাই যাৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলী চলাব লগীয়া হয়। প্ৰাপ্ত খবৰ অনুসৰি, নগা যুৱক কেইজনে কয়লা খননৰ কাম কৰে আৰু তেওঁলোকে ঘৰলৈ উভতি অহাৰ পথতেই এই আক্ৰমণ হয়। অসম ৰাইফলছে বিদ্ৰোহীৰ সন্দেহত তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ