--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শনিবাৰে সন্ধিয়া অসম ৰাইফলচৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত ১২জনকৈ গাঁওবাসী নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডৰ মন জিলাত একাংশ উত্তেজিত লোকৰ আক্ৰমণত নিহত হৈছে অসম ৰাইফলছৰ এজন জোৱান। নিহত জোৱানজনক উত্তৰাখণ্ডৰ গৌতম লাল বুলি চিনাক্ত কৰা হৈছে। এই আক্ৰমণৰ ফলত আন ৬জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ অ’টিং গাঁৱৰ একাংশ লোকে দৈনিন্দিন কামকাজ সামৰি টিৰু গাঁৱৰ পৰা এখন পিক আপ বাহনত অ’টিঙলৈ উভতি অহাৰ সময়ত বিদ্ৰোহী বুলি সন্দেহ কৰি অসম ৰাইফলচে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত বাহনখনত থকা ১২জনকৈ লোক থিতাতে নিহত হয়। ঘটনাৰ পাছতে উত্তেজিত ৰাইজে ৩খনকৈ বাহন জ্বলাই দিয়ে। প্ৰথমে এই গুলীচালনাৰ ঘটনা কোনো অচিনাকি দুৰ্বৃত্তই কৰিছিল বুলি সন্দেহ কৰা হৈছিল যদিও তদন্তত এই অঘটন অসম ৰাইফলচৰ দ্বাৰা হৈছে বুলি পোহৰলৈ আহে।

বৰ্তমান মন জিলাত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সাধাৰণ জনতা উত্তেজিত হৈ পৰিছে। ক’হিমাৰ কিছামাত হৰ্নবিল উৎসৱ চলি থকাৰ মাজতে এনে নৃশংস ঘটনাত জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ নগা জাতীয় সংগঠনসমূহ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। জানিব পৰা মতে অসম ৰাইফলচে অতৰ্কিতে এই আক্ৰমণ চলাই যাৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলী চলাব লগীয়া হয়। প্ৰাপ্ত খবৰ অনুসৰি, নগা যুৱক কেইজনে কয়লা খননৰ কাম কৰে আৰু তেওঁলোকে ঘৰলৈ উভতি অহাৰ পথতেই এই আক্ৰমণ হয়। অসম ৰাইফলছে বিদ্ৰোহীৰ সন্দেহত তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ