--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীৰ বৰ্জনৰ মাজতে দেওবাৰে  পুৱা ৮ বজাৰ পৰা বাংলাদেশত চলিছে সাধাৰণ নিৰ্বাচনৰ  ভোটগ্ৰহণ।  দুপৰীয়া ১২ বজালৈকে দেশ খনত ২০ শতাংশতকৈও কম ভোটদান হোৱাৰ খবৰ পোৱা গৈছে।  নিৰ্বাচনৰ দিনটোতো দেশ খনত অস্থিৰতাই বিৰাজ কৰিছে।

 নিৰ্বাচনী হিংসাত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে। উল্লেখ্য বাংলাদেশত দ্বাদশ সংসদীয় নিৰ্বাচন চলি আছে। অৱশ্যে, পুৱাৰ পৰাই ভোটকেন্দ্ৰসমূহত  ভোটাৰৰ উপস্থিতি তেনেই কম হোৱা পৰিলক্ষিত হয়। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ মতে ৰাজধানী ঢাকাত ভোটদান কৰিবলৈ অহা ভোটাৰৰ সংখ্যা অতিপাত  কম হৈছে। নিৰ্বাচন আয়োগৰ সচিব জাহাংগীৰ আলমৰ মতে পুৱা ৮ বজাৰ পৰা দুপৰীয়া  ১২ বজালৈ চাৰি ঘণ্টাত মাত্ৰ ১৮.৫ শতাংশ ভোটদান হৈছে। 

ভোটদান প্ৰক্ৰিয়া  আবেলি ৪ বজালৈকে অব্যাহত থাকে।  বাংলাদেশৰ প্ৰধান বিৰোধী দল বি এন পিয়ে পূৰ্বে  কৈছিল যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিব। ইয়াৰ উপৰি জামাত-ই-ইছলামী আৰু বাওঁ মিত্ৰজোঁটৰ দৰে বিৰোধী শিবিৰেও  নিৰ্বাচন বৰ্জন কৰিছে।  

 বিৰোধীয়ে 'অপক্ষপাতিত্বমূলক  আৰু নিৰপেক্ষ' তত্ত্বাৱধায়ক চৰকাৰৰ দাবী জনাই আহিছিল। কিন্তু শাসনাধিষ্ঠ আৱামী লীগে বিৰোধীৰ সেই দাবী নাকচ কৰিছিল। ফলস্বৰূপে দেশ খনত  সংঘাতৰ এক পৰিৱেশ সৃষ্টি হৈছে। খালেদা জিয়াৰ দলে নিৰ্বাচনৰ আগদিনা শনিবাৰৰ পৰা দেশখনত ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনাইছিল। সেইবাবেই  ভোটাৰৰ সংখ্যা কম হোৱা  বুলি ধাৰণা কৰা হৈছে। 

ভোটদানৰ দিনটোত  বাংলাদেশত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বিভিন্ন ঠাইৰ পৰা হিংসাত্মক ঘটনা ঘটাৰ  খবৰ পোৱা গৈছে । এজন ব্যক্তিয়ে ইতিমধ্যে হিংসাত প্ৰাণ হেৰুৱাইছে। মুন্সিগঞ্জত শাসকীয় দলৰ এজন কৰ্মীক হত্যা কৰা হৈছে। হত্যাকাণ্ডৰ ঘটনাটো মুন্সিগঞ্জ-৩ কেন্দ্ৰৰ বুথৰ সন্মুখত সংঘটিত হয়। জাছোৰৰ এটা ভোট কেন্দ্ৰৰ সন্মুখত বোমা বিস্ফোৰণত  ৰাজনৈতিক দলৰ দুজন কৰ্মী আহত হয় ।হিংসাত্মক ঘটনাৰ বাবেই  নৰসিংদিৰ এটা কেন্দ্ৰ আৰু নাৰায়ণগঞ্জৰ দুটা কেন্দ্ৰত ভোটদান বাতিল কৰা হৈছে ।

 ইয়াৰ উপৰি কেইবাটাও বুথত বহু সময় ধৰি ভোটদান স্থগিত ৰাখিব লগীয়া হয়।বাংলাদেশৰ  উদ্যোগ মন্ত্ৰী নুৰুল মজিদ মাহমুদ হুমায়ুনৰ পুত্ৰ মনজুৰুল মজিদ মাহমুদ সাদীৰ বিৰুদ্ধে নৰসিংদীত ভুৱা লোকৰ নামত  ভোট দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বাংলাদেশী সংবাদ মাধ্যমৰ মতে  নিৰ্বাচন আয়োগে তেওঁক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে। প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে  যে দেওবাৰে পুৱা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ অলপ পিছতে মঞ্জুৰুলে ভোটকেন্দ্ৰত আৱামী লীগৰ নাওৰ চিন থকা  ১২ খন বেলট পেপাৰত বলপূৰ্বক মোহৰ মাৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে