--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীৰ বৰ্জনৰ মাজতে দেওবাৰে  পুৱা ৮ বজাৰ পৰা বাংলাদেশত চলিছে সাধাৰণ নিৰ্বাচনৰ  ভোটগ্ৰহণ।  দুপৰীয়া ১২ বজালৈকে দেশ খনত ২০ শতাংশতকৈও কম ভোটদান হোৱাৰ খবৰ পোৱা গৈছে।  নিৰ্বাচনৰ দিনটোতো দেশ খনত অস্থিৰতাই বিৰাজ কৰিছে।

 নিৰ্বাচনী হিংসাত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে। উল্লেখ্য বাংলাদেশত দ্বাদশ সংসদীয় নিৰ্বাচন চলি আছে। অৱশ্যে, পুৱাৰ পৰাই ভোটকেন্দ্ৰসমূহত  ভোটাৰৰ উপস্থিতি তেনেই কম হোৱা পৰিলক্ষিত হয়। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ মতে ৰাজধানী ঢাকাত ভোটদান কৰিবলৈ অহা ভোটাৰৰ সংখ্যা অতিপাত  কম হৈছে। নিৰ্বাচন আয়োগৰ সচিব জাহাংগীৰ আলমৰ মতে পুৱা ৮ বজাৰ পৰা দুপৰীয়া  ১২ বজালৈ চাৰি ঘণ্টাত মাত্ৰ ১৮.৫ শতাংশ ভোটদান হৈছে। 

ভোটদান প্ৰক্ৰিয়া  আবেলি ৪ বজালৈকে অব্যাহত থাকে।  বাংলাদেশৰ প্ৰধান বিৰোধী দল বি এন পিয়ে পূৰ্বে  কৈছিল যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিব। ইয়াৰ উপৰি জামাত-ই-ইছলামী আৰু বাওঁ মিত্ৰজোঁটৰ দৰে বিৰোধী শিবিৰেও  নিৰ্বাচন বৰ্জন কৰিছে।  

 বিৰোধীয়ে 'অপক্ষপাতিত্বমূলক  আৰু নিৰপেক্ষ' তত্ত্বাৱধায়ক চৰকাৰৰ দাবী জনাই আহিছিল। কিন্তু শাসনাধিষ্ঠ আৱামী লীগে বিৰোধীৰ সেই দাবী নাকচ কৰিছিল। ফলস্বৰূপে দেশ খনত  সংঘাতৰ এক পৰিৱেশ সৃষ্টি হৈছে। খালেদা জিয়াৰ দলে নিৰ্বাচনৰ আগদিনা শনিবাৰৰ পৰা দেশখনত ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনাইছিল। সেইবাবেই  ভোটাৰৰ সংখ্যা কম হোৱা  বুলি ধাৰণা কৰা হৈছে। 

ভোটদানৰ দিনটোত  বাংলাদেশত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বিভিন্ন ঠাইৰ পৰা হিংসাত্মক ঘটনা ঘটাৰ  খবৰ পোৱা গৈছে । এজন ব্যক্তিয়ে ইতিমধ্যে হিংসাত প্ৰাণ হেৰুৱাইছে। মুন্সিগঞ্জত শাসকীয় দলৰ এজন কৰ্মীক হত্যা কৰা হৈছে। হত্যাকাণ্ডৰ ঘটনাটো মুন্সিগঞ্জ-৩ কেন্দ্ৰৰ বুথৰ সন্মুখত সংঘটিত হয়। জাছোৰৰ এটা ভোট কেন্দ্ৰৰ সন্মুখত বোমা বিস্ফোৰণত  ৰাজনৈতিক দলৰ দুজন কৰ্মী আহত হয় ।হিংসাত্মক ঘটনাৰ বাবেই  নৰসিংদিৰ এটা কেন্দ্ৰ আৰু নাৰায়ণগঞ্জৰ দুটা কেন্দ্ৰত ভোটদান বাতিল কৰা হৈছে ।

 ইয়াৰ উপৰি কেইবাটাও বুথত বহু সময় ধৰি ভোটদান স্থগিত ৰাখিব লগীয়া হয়।বাংলাদেশৰ  উদ্যোগ মন্ত্ৰী নুৰুল মজিদ মাহমুদ হুমায়ুনৰ পুত্ৰ মনজুৰুল মজিদ মাহমুদ সাদীৰ বিৰুদ্ধে নৰসিংদীত ভুৱা লোকৰ নামত  ভোট দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বাংলাদেশী সংবাদ মাধ্যমৰ মতে  নিৰ্বাচন আয়োগে তেওঁক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে। প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে  যে দেওবাৰে পুৱা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ অলপ পিছতে মঞ্জুৰুলে ভোটকেন্দ্ৰত আৱামী লীগৰ নাওৰ চিন থকা  ১২ খন বেলট পেপাৰত বলপূৰ্বক মোহৰ মাৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ