--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী অনুষ্ঠানৰ লগতে মোদীয়ে ব্যক্তিগত সময় কটাইছিল লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত। লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰাতঃভ্ৰমণ, স্ন’ৰকেলিং কৰিছিল প্ৰধানমন্ত্ৰীয়ে মোদীয়ে। 

দিল্লীলৈ উভতি আহি লাক্ষাদ্বীপ সন্দৰ্ভত টুইট কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। লাক্ষাদ্বীপত কটোৱা বিভিন্ন মুহূৰ্তৰ ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। লাক্ষাদ্বীপৰ সমুগ্ৰ তীৰৰ সৌন্দৰ্যক প্ৰশংসা কৰি টুইট কৰিছিল মোদীয়ে। মূলতঃ লাক্ষাদ্বীপ পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মোদীয়ে ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। কিন্তু মোদীৰ এই টুইটে শেহতীয়াভাৱে সৃষ্টি কৰিছে এক বিতৰ্কৰ। 

প্ৰতিবেশী দ্বীপৰাষ্ট্র মালদ্বীপৰ পৰ্যটন উদ্যোগক চাপত পেলোৱাৰ উদ্দেশ্যৰে মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰা বুলি ধাৰণা কৰিছে মালদ্বীপে। যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে বিতৰ্কৰ। সম্প্ৰতি ক্ষমতাৰ সালসলনি হৈছে মালদ্বীপত। নতুন দলৰ শাসক শাসনাধিষ্ঠিত হৈছে মালদ্বীপৰ শাসনত। ইয়াৰ পাছৰ পৰাই তিক্ততা বৃদ্ধি হৈছে মালদ্বীপ আৰু ভাৰতৰ। বৰ্তমান মালদ্বীপৰ শাসনৰ গাদীত বহিছে মহম্মদ মুইজ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক কটাক্ষ কৰিছে মালদ্বীপৰ এগৰাকী মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীৰ মতে পৰ্যটনৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰে মালদ্বীপক। মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণৰ বিভিন্ন মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালদ্বীপৰ এগৰাকী ছিনেটৰ জাহিদ ৰামিজে। জাহিদ ৰামিজে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে– মোদীৰ পদক্ষেপ প্ৰশংসনীয়। কিন্তু মালদ্বীপৰ সৈতে প্ৰতিযোগিতাত নমাটো হ’ব ভুল পদক্ষেপ। পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পিছপৰা ভাৰত। 

অৱশ্যে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্রপতি মহম্মদ নাছিদে গৰিহণা দিছে মন্ত্ৰীগৰাকীৰ ভাৰত বিৰোধী মন্তব্যক। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীৰ মন্তব্যক ব্যক্তিগত মন্তব্য বুলি ঘোষণা কৰে মালদ্বীপ চৰকাৰৰ পক্ষৰ পৰা। ইয়াৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ পক্ষৰ পৰা। বিভিন্নজনে বয়কট মালদ্বীপ হেচটেগ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। 

প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ভেংকাটেশ প্ৰসাদেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালদ্বীপৰ বিৰুদ্ধে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰত আৰু মালদ্বীপৰ মাজত আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত মালদ্বীপৰ শাসনলৈ মুইজ অহাৰ পাছতে দুই ৰাষ্ট্রৰ মাজত সৃষ্টি হয় তিক্ততা। ক্ষমতালৈ আহিলে দেশখনৰ পৰা ভাৰতীয় সেনাক ওভতাই পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিছিল মুইজে। সেই মৰ্মে ক্ষমতাত আহিয়ে ভাৰতীয় সেনাক মালদ্বীপ ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে ৰাষ্ট্রপতি মুইজে। 

তাৰোপৰি ভাৰতৰ সৈতে থকা ১০০খন দ্বিপাক্ষিত চুক্তি পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্রপতি মুইজে। ইফাল ভাৰতৰ সৈতে সম্বন্ধ অৱনমিত হোৱাৰ সমান্তৰালকৈ চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি উঠে মালদ্বীপৰ। মালদ্বীপত ইতিমধ্যে চীনে গঢ়ি তুলিছে বহুকেইটা আন্তঃগাঁথনি। তাৎপৰ্যপূৰ্ণভাৱে মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰাৰ পাছতে সোমবাৰে চীন ভ্ৰমণ কৰিব মালদ্বীপৰ ৰাষ্ট্রপতি মুইজে। চীনৰ ৰাষ্ট্রপতি জি জিনপিঙৰ আমন্ত্ৰণমৰ্মে চীনত উপস্থিত হ’ব ৰাষ্ট্রপতি মুইজ। এইক্ষেত্ৰত বিশেষজ্ঞৰ মত– ৰাষ্ট্রপতি মুইজৰ ইণ্ডিয়া আউট নীতিৰ আঁৰত আছে জি জিনপিঙৰ উচটনি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ