--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী অনুষ্ঠানৰ লগতে মোদীয়ে ব্যক্তিগত সময় কটাইছিল লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত। লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰাতঃভ্ৰমণ, স্ন’ৰকেলিং কৰিছিল প্ৰধানমন্ত্ৰীয়ে মোদীয়ে। 

দিল্লীলৈ উভতি আহি লাক্ষাদ্বীপ সন্দৰ্ভত টুইট কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। লাক্ষাদ্বীপত কটোৱা বিভিন্ন মুহূৰ্তৰ ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। লাক্ষাদ্বীপৰ সমুগ্ৰ তীৰৰ সৌন্দৰ্যক প্ৰশংসা কৰি টুইট কৰিছিল মোদীয়ে। মূলতঃ লাক্ষাদ্বীপ পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মোদীয়ে ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। কিন্তু মোদীৰ এই টুইটে শেহতীয়াভাৱে সৃষ্টি কৰিছে এক বিতৰ্কৰ। 

প্ৰতিবেশী দ্বীপৰাষ্ট্র মালদ্বীপৰ পৰ্যটন উদ্যোগক চাপত পেলোৱাৰ উদ্দেশ্যৰে মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰা বুলি ধাৰণা কৰিছে মালদ্বীপে। যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে বিতৰ্কৰ। সম্প্ৰতি ক্ষমতাৰ সালসলনি হৈছে মালদ্বীপত। নতুন দলৰ শাসক শাসনাধিষ্ঠিত হৈছে মালদ্বীপৰ শাসনত। ইয়াৰ পাছৰ পৰাই তিক্ততা বৃদ্ধি হৈছে মালদ্বীপ আৰু ভাৰতৰ। বৰ্তমান মালদ্বীপৰ শাসনৰ গাদীত বহিছে মহম্মদ মুইজ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক কটাক্ষ কৰিছে মালদ্বীপৰ এগৰাকী মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীৰ মতে পৰ্যটনৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰে মালদ্বীপক। মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণৰ বিভিন্ন মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালদ্বীপৰ এগৰাকী ছিনেটৰ জাহিদ ৰামিজে। জাহিদ ৰামিজে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে– মোদীৰ পদক্ষেপ প্ৰশংসনীয়। কিন্তু মালদ্বীপৰ সৈতে প্ৰতিযোগিতাত নমাটো হ’ব ভুল পদক্ষেপ। পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পিছপৰা ভাৰত। 

অৱশ্যে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্রপতি মহম্মদ নাছিদে গৰিহণা দিছে মন্ত্ৰীগৰাকীৰ ভাৰত বিৰোধী মন্তব্যক। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীৰ মন্তব্যক ব্যক্তিগত মন্তব্য বুলি ঘোষণা কৰে মালদ্বীপ চৰকাৰৰ পক্ষৰ পৰা। ইয়াৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ পক্ষৰ পৰা। বিভিন্নজনে বয়কট মালদ্বীপ হেচটেগ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। 

প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ভেংকাটেশ প্ৰসাদেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালদ্বীপৰ বিৰুদ্ধে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰত আৰু মালদ্বীপৰ মাজত আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত মালদ্বীপৰ শাসনলৈ মুইজ অহাৰ পাছতে দুই ৰাষ্ট্রৰ মাজত সৃষ্টি হয় তিক্ততা। ক্ষমতালৈ আহিলে দেশখনৰ পৰা ভাৰতীয় সেনাক ওভতাই পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিছিল মুইজে। সেই মৰ্মে ক্ষমতাত আহিয়ে ভাৰতীয় সেনাক মালদ্বীপ ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে ৰাষ্ট্রপতি মুইজে। 

তাৰোপৰি ভাৰতৰ সৈতে থকা ১০০খন দ্বিপাক্ষিত চুক্তি পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্রপতি মুইজে। ইফাল ভাৰতৰ সৈতে সম্বন্ধ অৱনমিত হোৱাৰ সমান্তৰালকৈ চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি উঠে মালদ্বীপৰ। মালদ্বীপত ইতিমধ্যে চীনে গঢ়ি তুলিছে বহুকেইটা আন্তঃগাঁথনি। তাৎপৰ্যপূৰ্ণভাৱে মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰাৰ পাছতে সোমবাৰে চীন ভ্ৰমণ কৰিব মালদ্বীপৰ ৰাষ্ট্রপতি মুইজে। চীনৰ ৰাষ্ট্রপতি জি জিনপিঙৰ আমন্ত্ৰণমৰ্মে চীনত উপস্থিত হ’ব ৰাষ্ট্রপতি মুইজ। এইক্ষেত্ৰত বিশেষজ্ঞৰ মত– ৰাষ্ট্রপতি মুইজৰ ইণ্ডিয়া আউট নীতিৰ আঁৰত আছে জি জিনপিঙৰ উচটনি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে