--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ৰাজ্যত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা। শাসন বিৰোধী উভয়েই প্ৰত্যাশিত আসন দখলৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। শাসকীয় বিজেপি দলে দুয়োখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। সেই অনুসৰি প্ৰথমখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। দ্বিতীয়খন আসনৰ বাবে বিজেপিৰ সহযোগী দল ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে। তাৰ বিপৰীতে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে। শাসকীয় বিজেপি দলে দুয়োখন আসনতে জয়ী হোৱাৰ দাবী কৰিছে আৰু দলটোৱে সেই আত্মবিশ্বাসেৰেই অগ্ৰসৰ হৈছে। মিত্ৰজোঁটৰ বাহিৰৰ বিধায়কৰ সমৰ্থন অবিহনে দুয়োখন আসনতে তেওঁলোক জয়ী হ’ব নোৱাৰে। এতিয়া প্ৰশ্ন হৈছে নীতি-নৈতিকতা ৰক্ষা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে চল-বল-কৌশলেৰে দুয়োখন আসনত দখলৰ চেষ্টা চলাব? এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

বিধায়কসকলৰ বাবে ‘৩ তৰপীয়া হুইপ’ জাৰি কৰা হ'ব

ভূপেন বৰাই দাবী কৰিছে যে, ৪৪টা ভোট পাই জয়ী হ'ব ৰিপুণ বৰা। দলৰ ফালৰপৰা অনুৰোধ জনোৱাত বিৰোধী পক্ষৰ সকলোৰে সহযোগিতা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। দলৰ বিধায়কসকলৰ বাবে ‘৩ তৰপীয়া হুইপ’ জাৰি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। হুইপ অনুসৰি দলৰ বিধায়ক হিচাপে শ্বেৰমান আলী আৰু শশীকান্ত দাসেও ভোট দিব। তেওঁ মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কয়, অশুভ ৰাজনৈতিক পৰম্পৰাৰ কথাই মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। এই মন্তব্যৰে তেওঁ হৰ্ছ ট্ৰেডিঙৰ দৰে পৰম্পৰাকে আঙুলিয়াই দিয়াটো নিশ্চিত হৈছে। ইফালে, ৰিপুন বৰাই দাবী কৰিছে যে, বিজেপিৰ বিধায়কেও মোক সহায় কৰিব পাৰে। মোৰ কামক লৈ বিজেপিৰো কিছু বিধায়কো সন্তুষ্ট হৈছে। ভূপেন বৰায়ো ৰিপুন বৰাৰ সমৰ্থনত দলৰ বিধায়কে স্বাক্ষৰ কৰা বুলি দাবী কৰিছে। কিন্তু এইবাৰ ৰাজসভাৰ দ্বিতীয়খন আসনৰ সমীকৰণ ইমান সৰল যে হৈ থকা নাই সেয়া স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়খন আসনৰ বাবে বিজেপিক অতিৰিক্ত এটা ভোটৰহে প্ৰয়োজন বুলি মন্তব্য কৰিছে। এই এটা ভোট জোগাৰ কৰাটো বিজেপিৰ কাৰণে নিশ্চয় একো কঠিন কাম নহ’ব। কিয়নো এটা সূত্ৰই দিয়া খবৰ অনুসৰি কংগ্ৰেছৰ ৪গৰাকী বিধায়ক এতিয়া বিজেপিমুখী হৈ আছে।   ইয়াৰে এগৰাকী জনজাতীয় বিধায়কো আছে। এগৰাকী বিধায়কে মুকলিকৈয়ে চৰকাৰৰ পক্ষত অৱস্থান কৰি চৰ্চালৈ আহিছিল। এই চাৰিগৰাকী বিধায়কৰ সমৰ্থন বিজেপিয়ে লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত বুলিব পাৰি। শ্বেৰমান আলীৰ দৰে বিধায়কে বিজেপিক সমৰ্থন নিদিলেওঁ বিজেপিৰ বৰ বিশেষ অসুবিধা হোৱাৰ সম্ভাৱনা নাই। এতিয়া মন কৰিবলগীয়া কথাটো হৈছে যে, সকলোতে নীতি-নৈতিকতাৰ কথা কোৱা তথা সততাৰ বাণী শুনোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনক কিমান নিকা কৰি ৰাখিব? অন্য দলৰ বিধায়কৰ মাজত ভাঙোন ননাকৈ দুয়োখন আসন তেওঁলোকে কি অংকৰে দখল কৰিব? ইফালে, এই ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে অসমৰ কমেও চাৰিটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা তীব্ৰ হৈ পৰা বুলি চৰ্চা চলিছে। Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক