--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ সাংবাদিক ফাহাদ শ্বাহৰ বিপদ আঁতৰা নাই৷ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত উচতনিমূলক কাৰ্যৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিক ফাহাদ শ্বাহ তৃতীয়বাৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ হৈছে৷ জম্মু আৰু কাশ্মীৰৰ সাংবাদিক ফাহাদ শ্বাহে অদ্যাপি মুক্তি লাভ কৰা নাই৷ জামিনৰ কেইঘণ্টামান পাছতে আজি পুনৰ সাংবাদিক শ্বাহক তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷ অনলাইন বাতৰি আলোচনী ‘থেকাশ্মীৰৱালা’ৰ মুখ্য সম্পাদক শ্বাহক এই বছৰৰ ৪ ফেব্ৰুৱাৰীত পুলৱামা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ২৬ ফেব্ৰুৱাৰীত ২২ দিন জিম্মাত থকাৰ পাছত NIA আইনৰ অধীনত এখন বিশেষ আদালতে তেওঁক জামিন প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁক শ্বপিয়ান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে তেওঁ জামিন লাভ কৰে। বৰ্তমান তেওঁ শ্ৰীনগৰৰ চাফাকাদল আৰক্ষী চকীত বন্দী হৈ আছে আৰু তেওঁৰ অধিবক্তাই পুনৰ জামিন স্থানান্তৰ কৰিবলৈ সাজু হৈছে। এক বিবৃতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰিছে যে সাংবাদিক ফাহাদ শ্বাহক তিনিটা গোচৰত ‘সন্ত্ৰাসবাদক গৌৰৱান্বিত কৰা, ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু আইন-শৃংখলা (এল এণ্ড অ’) পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সাধাৰণ ৰাইজক উচতনি দিয়াৰ বাবে বিচৰা হৈছিল। ৩৩ বছৰীয়া যুৱকজনক ছ’চিয়েল মিডিয়াৰ পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল৷ উল্লেখযোগ্য যে, সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰোৎসাহিত কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন