--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ সাংবাদিক ফাহাদ শ্বাহৰ বিপদ আঁতৰা নাই৷ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত উচতনিমূলক কাৰ্যৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিক ফাহাদ শ্বাহ তৃতীয়বাৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ হৈছে৷ জম্মু আৰু কাশ্মীৰৰ সাংবাদিক ফাহাদ শ্বাহে অদ্যাপি মুক্তি লাভ কৰা নাই৷ জামিনৰ কেইঘণ্টামান পাছতে আজি পুনৰ সাংবাদিক শ্বাহক তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷ অনলাইন বাতৰি আলোচনী ‘থেকাশ্মীৰৱালা’ৰ মুখ্য সম্পাদক শ্বাহক এই বছৰৰ ৪ ফেব্ৰুৱাৰীত পুলৱামা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ২৬ ফেব্ৰুৱাৰীত ২২ দিন জিম্মাত থকাৰ পাছত NIA আইনৰ অধীনত এখন বিশেষ আদালতে তেওঁক জামিন প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁক শ্বপিয়ান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে তেওঁ জামিন লাভ কৰে। বৰ্তমান তেওঁ শ্ৰীনগৰৰ চাফাকাদল আৰক্ষী চকীত বন্দী হৈ আছে আৰু তেওঁৰ অধিবক্তাই পুনৰ জামিন স্থানান্তৰ কৰিবলৈ সাজু হৈছে। এক বিবৃতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰিছে যে সাংবাদিক ফাহাদ শ্বাহক তিনিটা গোচৰত ‘সন্ত্ৰাসবাদক গৌৰৱান্বিত কৰা, ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু আইন-শৃংখলা (এল এণ্ড অ’) পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সাধাৰণ ৰাইজক উচতনি দিয়াৰ বাবে বিচৰা হৈছিল। ৩৩ বছৰীয়া যুৱকজনক ছ’চিয়েল মিডিয়াৰ পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল৷ উল্লেখযোগ্য যে, সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰোৎসাহিত কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান