--°C
Loading...
Listen to Article
2 min read
80%

নগালেণ্ডবাসীয়ে আজিও পাহৰা নাই মন জিলাত সংঘটিত গণহত্যাৰ ভয়াৱহতাক

ডিজিটেল ডেস্ক: নগালেণ্ড চৰকাৰে অহা ৯ মাৰ্চত নগালেণ্ডৰ শান্তি প্ৰক্ৰিয়া আৰু নগৰ স্থানীয় পৰিষদসমূহৰ নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে৷ ৰাজ্য চৰকাৰে সকলো বিধায়ক, সকলো ৰাজনৈতিক দলৰ সভাপতি, জনজাতীয় গোটৰ প্ৰতিনিধি, ৰাজ্যখনৰ নাগৰিক সমাজ গোটসমূহক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে নগালেণ্ড চৰকাৰে। বৈঠকত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, উপ-মুখ্যমন্ত্ৰী, নগালেণ্ড বিধানসভাৰ অধ্যক্ষ, উপদেষ্টাকে ধৰি চৰকাৰী বিষয়ামণ্ডলী উপস্থিত থাকিব। তথ্য অনুসৰি, নগালেণ্ডত দীৰ্ঘদিন ধৰি চলি অহা নগৰীয়া স্থানীয় পৰিষদ, চমুকৈ ইউএলবিৰ নিৰ্বাচনত ৩৩ শতাংশ মহিলাৰ বাবে সংৰক্ষণৰ বিষয়টো প্ৰায় এটা দশকজুৰি চলি আহিছে। ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আলোচনাত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সমাজতান্ত্ৰিক নগালেণ্ড পৰিষদ (কে) নিকি গোটৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ বিষয়েও আলোচনাৰ সম্ভাৱনা আছে৷ এই যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈছে বিগত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা৷ নিকি গোটৰ ২০০তকৈও অধিক কেডাৰে ৮৩বিধ অস্ত্ৰৰ সৈতে শান্তি প্ৰক্ৰিয়াত যোগদান কৰিছিল৷ যুদ্ধবিৰতি চুক্তি আৰু সন্মত যুদ্ধবিৰতি ভূমি নিয়মাৱলী ২০২১ৰ ৮ ছেপ্টেম্বৰত স্বাক্ষৰিত হৈছিল। ভাৰত চৰকাৰে ইতিমধ্যে এনএছচিএন(আইএম)ৰ সৈতে এক ফ্ৰেমৱৰ্ক চুক্তি আৰু আন নগা গোট, এনএছচিএন (এনকে), এনএছচিএন (আৰ) আৰু এনএছচিএন (কে)-খাংগোৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ পূৰ্বে, ভাৰত চৰকাৰে ২০১৯ৰ আগষ্টত এনএলএফটিৰ (এছডি) সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল, যাৰ দ্বাৰা ত্ৰিপুৰাত ৪৪বিধ অস্ত্ৰৰ সৈতে ৮৮জন কেডাৰে মূলসুঁতিলৈ উভতি আহিছিল৷ একেদৰে, ২০২০ৰ জানুৱাৰীত, বড়ো চুক্তি স্বাক্ষৰৰ লগে লগে এনডিএফবিৰ সকলো গোটকে ধৰি বিদ্ৰোহী গোটৰ ২,২৫০তকৈও অধিক কেডাৰে ৪২৩বিধ অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গোলা-বাৰুদসহ অসমত আত্মসমৰ্পণ কৰে আৰু মূলসুঁতিলৈ উভতি আহে৷ ২০২১ৰ ২৩ ফেব্ৰুৱাৰীত কাৰ্বি গোটৰ ১০৪০ জন নেতা/কেডাৰে ৩৩৮বিধ অস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে, পাছত ২০২১ৰ ৪ ছেপ্টেম্বৰত কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হয়। শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে নগালেণ্ডৰ এই বৈঠক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷ কিয়নো, নগালেণ্ডৰ মন জিলাত সংঘটিত গণহত্যাৰ ভয়াৱহতাই আজিও শংকিত কৰি তোলে নগালেণ্ডবাসী৷ সেয়ে, তৎপৰতাৰে নগালেণ্ড চৰকাৰে শান্তি প্ৰক্ৰিয়াক গতিশীল কৰি ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিব বুলি আশাবাদী নগালেণ্ডবাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ