নগালেণ্ডবাসীয়ে আজিও পাহৰা নাই মন জিলাত সংঘটিত গণহত্যাৰ ভয়াৱহতাক
ডিজিটেল ডেস্ক: নগালেণ্ড চৰকাৰে অহা ৯ মাৰ্চত নগালেণ্ডৰ শান্তি প্ৰক্ৰিয়া আৰু নগৰ স্থানীয় পৰিষদসমূহৰ নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে৷ ৰাজ্য চৰকাৰে সকলো বিধায়ক, সকলো ৰাজনৈতিক দলৰ সভাপতি, জনজাতীয় গোটৰ প্ৰতিনিধি, ৰাজ্যখনৰ নাগৰিক সমাজ গোটসমূহক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে নগালেণ্ড চৰকাৰে। বৈঠকত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, উপ-মুখ্যমন্ত্ৰী, নগালেণ্ড বিধানসভাৰ অধ্যক্ষ, উপদেষ্টাকে ধৰি চৰকাৰী বিষয়ামণ্ডলী উপস্থিত থাকিব।
তথ্য অনুসৰি, নগালেণ্ডত দীৰ্ঘদিন ধৰি চলি অহা নগৰীয়া স্থানীয় পৰিষদ, চমুকৈ ইউএলবিৰ নিৰ্বাচনত ৩৩ শতাংশ মহিলাৰ বাবে
সংৰক্ষণৰ বিষয়টো প্ৰায় এটা দশকজুৰি চলি আহিছে। ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আলোচনাত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সমাজতান্ত্ৰিক নগালেণ্ড পৰিষদ (কে) নিকি গোটৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ বিষয়েও আলোচনাৰ সম্ভাৱনা আছে৷ এই যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈছে বিগত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা৷ নিকি গোটৰ ২০০তকৈও অধিক কেডাৰে ৮৩বিধ অস্ত্ৰৰ সৈতে শান্তি প্ৰক্ৰিয়াত যোগদান কৰিছিল৷
যুদ্ধবিৰতি চুক্তি আৰু সন্মত যুদ্ধবিৰতি ভূমি নিয়মাৱলী ২০২১ৰ ৮ ছেপ্টেম্বৰত স্বাক্ষৰিত হৈছিল। ভাৰত চৰকাৰে ইতিমধ্যে এনএছচিএন(আইএম)ৰ সৈতে এক ফ্ৰেমৱৰ্ক চুক্তি আৰু আন নগা গোট, এনএছচিএন (এনকে), এনএছচিএন (আৰ) আৰু এনএছচিএন (কে)-খাংগোৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছে।
ইয়াৰ পূৰ্বে, ভাৰত চৰকাৰে ২০১৯ৰ আগষ্টত এনএলএফটিৰ (এছডি) সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল, যাৰ দ্বাৰা ত্ৰিপুৰাত ৪৪বিধ অস্ত্ৰৰ সৈতে ৮৮জন কেডাৰে মূলসুঁতিলৈ উভতি আহিছিল৷ একেদৰে, ২০২০ৰ জানুৱাৰীত, বড়ো চুক্তি স্বাক্ষৰৰ লগে লগে এনডিএফবিৰ সকলো গোটকে ধৰি বিদ্ৰোহী গোটৰ ২,২৫০তকৈও অধিক কেডাৰে ৪২৩বিধ অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গোলা-বাৰুদসহ অসমত আত্মসমৰ্পণ কৰে আৰু মূলসুঁতিলৈ উভতি আহে৷ ২০২১ৰ ২৩ ফেব্ৰুৱাৰীত কাৰ্বি গোটৰ ১০৪০ জন নেতা/কেডাৰে ৩৩৮বিধ অস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে, পাছত ২০২১ৰ ৪ ছেপ্টেম্বৰত কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হয়।
শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে নগালেণ্ডৰ এই বৈঠক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷ কিয়নো, নগালেণ্ডৰ মন জিলাত সংঘটিত গণহত্যাৰ ভয়াৱহতাই আজিও শংকিত কৰি তোলে নগালেণ্ডবাসী৷ সেয়ে, তৎপৰতাৰে নগালেণ্ড চৰকাৰে শান্তি প্ৰক্ৰিয়াক গতিশীল কৰি ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিব বুলি আশাবাদী নগালেণ্ডবাসী৷