--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঈদ। প্ৰেম, ভাতৃত্ববোধ, ত্যাগৰ বাণী লৈ আকৌ আহিল ঈদ। এই ঈদক ঈদ-উল-জুহা বা ঈদ-উল আজহা বোলা হয়।  ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবানি দিয়ে বা জবেহ কৰে। কোৰবানিৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবানি ঈদ। 

ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ইছলামধৰ্মী লোকসকলে বৰ হেঁপাহেৰে ঈদৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।ঈদগাহ মৈদামত ঈদৰ সমূহীয়া নামাজ আৰম্ভ হৈছে। অন্য ধৰ্মৰ লোকে ইছলাম ধৰ্মৰ লোকক জনাইছে ঈদৰ শুভকামনা।

বজাৰ ভৰিছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে। ফল, পাচলি, মাছ-মাংস, মিঠাইৰ বিপনীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। কাপোৰৰ দোকানতো ভিৰ দেখিবলৈ পোৱা গৈছে।

বিগত প্ৰায় দুবছৰত ক'ভিডে কিছু পৰিমাণে ঈদৰ আনন্দত হেঙাৰ হৈছিল যদিও এইবাৰ ক'ভিডৰ ভয়াৱহতা কিছু হ্ৰাস হোৱাৰ লগে লগে ইছলাম ধৰ্মীলোকসকলৰ মাজত ঈদক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে।

ইছলামৰ বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবানি কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হ’ব পাৰে।

‘ঈদ-উল-জুহা’ হৈছে এটা প্রতীকী প্রথা, এটা পৰিয়ালৰ ত্যাগৰ গাথা৷ ‘ঈদ-উল-জুহা’ই  আল্লাহৰ প্রতি থাকিব লগীয়া আনুগত্যৰ কথা সোঁৱৰাই দিয়ে৷ ‘ঈদ-উল-জুহা’ৰ দ্বাৰা মানুহে আন্তৰিকতাৰে ত্যাগৰ প্রকৃত অর্থ বুজি পাব লাগিব, কেৱল জন্তু কোৰবানি কৰিলেই ‘ঈদ-উল-আজহা’ৰ উদ্দেশ্য বাস্তৱায়িত কেতিয়াও নহয়৷

ত্যাগৰ বাণী বিলাই এই উৎসৱে সমাজত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰক এয়াই কামনা।





FOLLOW US F
POPULAR
FEATURE
TRENDY
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি, উদ্বিগ্ন ৰাজ্য চৰকাৰ
মাৰ্ঘেৰিটাত কিশোৰীক হাত-ভৰি বান্ধি নিজ গৃহতে কেইবাদিনো বলাৎকাৰ খ্ৰীষ্টান ধৰ্মগুৰুৰ
ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত লাভলীনা, অংকুশিতা আৰু গীতিমণি