--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঈদ। প্ৰেম, ভাতৃত্ববোধ, ত্যাগৰ বাণী লৈ আকৌ আহিল ঈদ। এই ঈদক ঈদ-উল-জুহা বা ঈদ-উল আজহা বোলা হয়।  ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবানি দিয়ে বা জবেহ কৰে। কোৰবানিৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবানি ঈদ। 

ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ইছলামধৰ্মী লোকসকলে বৰ হেঁপাহেৰে ঈদৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।ঈদগাহ মৈদামত ঈদৰ সমূহীয়া নামাজ আৰম্ভ হৈছে। অন্য ধৰ্মৰ লোকে ইছলাম ধৰ্মৰ লোকক জনাইছে ঈদৰ শুভকামনা।

বজাৰ ভৰিছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে। ফল, পাচলি, মাছ-মাংস, মিঠাইৰ বিপনীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। কাপোৰৰ দোকানতো ভিৰ দেখিবলৈ পোৱা গৈছে।

বিগত প্ৰায় দুবছৰত ক'ভিডে কিছু পৰিমাণে ঈদৰ আনন্দত হেঙাৰ হৈছিল যদিও এইবাৰ ক'ভিডৰ ভয়াৱহতা কিছু হ্ৰাস হোৱাৰ লগে লগে ইছলাম ধৰ্মীলোকসকলৰ মাজত ঈদক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে।

ইছলামৰ বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবানি কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হ’ব পাৰে।

‘ঈদ-উল-জুহা’ হৈছে এটা প্রতীকী প্রথা, এটা পৰিয়ালৰ ত্যাগৰ গাথা৷ ‘ঈদ-উল-জুহা’ই  আল্লাহৰ প্রতি থাকিব লগীয়া আনুগত্যৰ কথা সোঁৱৰাই দিয়ে৷ ‘ঈদ-উল-জুহা’ৰ দ্বাৰা মানুহে আন্তৰিকতাৰে ত্যাগৰ প্রকৃত অর্থ বুজি পাব লাগিব, কেৱল জন্তু কোৰবানি কৰিলেই ‘ঈদ-উল-আজহা’ৰ উদ্দেশ্য বাস্তৱায়িত কেতিয়াও নহয়৷

ত্যাগৰ বাণী বিলাই এই উৎসৱে সমাজত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰক এয়াই কামনা।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ