--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ ছাকিৰাৰ ১১ বছৰীয়া সম্পৰ্ক ভাঙি গৈছিল। স্পেনিছ পপ তাৰকাগৰাকীয়ে ফুটবলাৰ জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদ ঘটায়। পুনৰ ছাকিৰা আইনী জটিলতাৰ সৈতে জড়িত হৈ পৰে। বিগত কেইবছৰমানৰ পৰা কৰ ফাঁকি দি আহিছে পপ তাৰকাগৰাকীয়ে। তেওঁ প্ৰায় ২৪ লাখ ইউৰো জৰিমনা ভৰিবলগীয়া হৈছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২১৮ কোটি টকা। এতিয়াও কোনো সকাহ নাই। ছাকিৰা হয়তো এইবাৰ জেললৈ যাব লাগিব!

স্পেইন চৰকাৰে পপ তাৰকাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে ২০১৮ চনত পপ তাৰকাগৰাকীয়ে এই পৰিমাণৰ ধন কৰ হিচাপে দিব লাগিছিল। পাঁচ বছৰ ধৰি তেওঁ কৰ আদায় দিয়া নাই। কেৱল সেয়াই নহয়, কোম্পানীৰ ভুৱা নাম ব্যৱহাৰ কৰি কৰ ফাঁকিবলৈও চেষ্টা কৰিছিল। বাতৰি অনুসৰি, মিয়ামীত থকা শ্বাকিৰাৰ আইনী সহায়কসকলক বাৰ্চিলোনাৰ স্পেনিছ কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে অৱগত কৰিছে।

২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত পপ তাৰকাগৰাকীয়ে প্ৰায় ১২৮ কোটি কৰ ফাঁকি দিছিল। সেই আইনী জটিলতা আদালতৰ সন্মুখত উত্থাপন কৰা হৈছিল। স্পেইনৰ আইন অনুসৰি বছৰৰ ৩৬৫ দিনৰ ভিতৰত ১৮৩ দিন স্পেইনত কটালে বাসিন্দাসকলে কৰ দিব লাগিব। পিকেৰ সৈতে সম্পৰ্কত থকাৰ সময়তে তেওঁলোক বাৰ্চিলোনাত বাস কৰিছিল। পিছত সম্পৰ্কটো ভাঙিবলৈ বা মিয়ামিলৈ গুচি যাবলৈ। কিন্তু ছাকিৰাৰ স্থায়ী ঘৰ কেৰিবিয়ানৰ বাহামাত।

বাৰ্চিলোনাৰ অধিবক্তাই আদালতত আবেদন জনাইছিল, এই ঘটনাৰ ভিত্তিত শ্বাকিৰাক গ্ৰেপ্তাৰ কৰা উচিত। তেওঁ যি পৰিমাণৰ কৰ ফাকিছিল, তাৰ বাবে তেওঁক প্ৰায় আঠ বছৰ দুমাহৰ কাৰাদণ্ড বিহা হ’ব লাগে। অৱশ্যে অধিবক্তাগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে পপ তাৰকাগৰাকীৰ জনসংযোগ দলে কয় যে শ্বাকিৰাই ইতিমধ্যে যি কৰ দিবলগীয়া আছিল সেই পৰিমাণ নিষ্পত্তি কৰিছে। লগতে সুত দিলে। তেওঁলোকৰ বিধানৰ ওপৰত বিশ্বাস আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ