--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ট্ৰেফিক নিয়ম উলংঘা কৰি আৰক্ষীৰ ৰোষত ৰজনীকান্তৰ নাতি৷ৰজনীকান্তৰ নাতি আৰু অভিনেতা ধনুশৰ ডাঙৰ পুত্ৰ যাত্ৰাক যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীয়ে জৰিমনা বিহিছে।শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’, য’ত দেখা গৈছে যে যাত্ৰাই ড্ৰাইভিং লাইচেন্স অবিহনে প’ছ গাৰ্ডেন এলেকাত ছুপাৰবাইক চলাই আছে। ভিডিঅ’টোত বাইকৰ নম্বৰ প্লেট দেখা নগ’ল বাবে যাত্রাৰ মাতৃ ঐশ্বৰ্য ৰজনীকান্তক যান-বাহন আৰক্ষীয়ে সোধ-পোছ চলায়৷


শেহতীয়া বাতৰি অনুসৰি অভিনেতা ধনুশৰ জ্যেষ্ঠ পুত্ৰ যাত্ৰাক যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিছে। ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰা ভাইৰেল ভিডিঅ’ত ১৭ বছৰীয়া যুৱকজনে ছুপাৰবাইক চলাই থকা দেখা গৈছিল। প’জ গাৰ্ডেন এলেকাত চিত্ৰগ্ৰহণ কৰা এই ভিডিঅ’টোত এজন প্ৰশিক্ষকে যাত্ৰাক দুচকীয়া বাহনখন কেনেকৈ চলাব লাগে সেই বিষয়ে শিকাইছিল। ভিডিঅ’টো উপলব্ধ নহ’লেও বৰ্তমান যাত্ৰাই বাইক চলোৱাৰ ছবিসমূহ দেখা গৈছে।


যাত্ৰাৰ এতিয়া ওঠৰ বছৰ সম্পূৰ্ণ হোৱা নাই আৰু ড্ৰাইভিং লাইচেন্স অবিহনে বাইক চলাই থকাৰ বাবেই বিতৰ্কৰ সৃষ্টি হয়। ভিডিঅ’টো ব্যাপক প্ৰচাৰৰ পাছত যান-বাহন আৰক্ষীয়ে যাত্ৰাৰ মাতৃ ঐশ্বৰ্য ৰজনীকান্তক লৈ তদন্ত আৰম্ভ কৰে যিহেতু ভিডিঅ’টোত বাইকৰ নম্বৰ প্লেট দেখা নাযায়। ৰাইডাৰৰ পৰিচয় জানিবলৈ যাত্ৰাত মাস্ক পৰিধান কৰাৰ বাবে ঐশ্বৰ্যক জেৰা কৰা হয়। তদন্তৰ অন্তত যান-বাহন নিয়ম ভংগ কৰি অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱাৰ বাবে যাত্ৰাৰ বিৰুদ্ধে ১০০০ টকা জৰিমনা বিহা হয়। দম্পতীহালৰ বিচ্ছেদ হোৱাৰ পাছতো ধনুশ আৰু যাত্ৰাৰ মাজত এক সুদৃঢ় সম্পৰ্ক বজাই ৰখা দেখা গৈছে৷


এবছৰ পূৰ্বে ধনুশ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ হোৱাৰ পাছতো দুয়োজনে পুত্ৰৰ যত্ন লোৱা দেখা যায়। চলিত বৰ্ষৰ আৰম্ভণিতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত পুত্ৰ যাত্ৰা আৰু লিংগাৰ সৈতে দেখা গৈছিল ধনুশক। শেহতীয়াকৈ যাত্ৰাই মাক আৰু ককাক ৰজনীকান্তৰ সৈতে দীপাৱলী উদ্‌যাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক