--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ট্ৰেফিক নিয়ম উলংঘা কৰি আৰক্ষীৰ ৰোষত ৰজনীকান্তৰ নাতি৷ৰজনীকান্তৰ নাতি আৰু অভিনেতা ধনুশৰ ডাঙৰ পুত্ৰ যাত্ৰাক যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীয়ে জৰিমনা বিহিছে।শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’, য’ত দেখা গৈছে যে যাত্ৰাই ড্ৰাইভিং লাইচেন্স অবিহনে প’ছ গাৰ্ডেন এলেকাত ছুপাৰবাইক চলাই আছে। ভিডিঅ’টোত বাইকৰ নম্বৰ প্লেট দেখা নগ’ল বাবে যাত্রাৰ মাতৃ ঐশ্বৰ্য ৰজনীকান্তক যান-বাহন আৰক্ষীয়ে সোধ-পোছ চলায়৷


শেহতীয়া বাতৰি অনুসৰি অভিনেতা ধনুশৰ জ্যেষ্ঠ পুত্ৰ যাত্ৰাক যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিছে। ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰা ভাইৰেল ভিডিঅ’ত ১৭ বছৰীয়া যুৱকজনে ছুপাৰবাইক চলাই থকা দেখা গৈছিল। প’জ গাৰ্ডেন এলেকাত চিত্ৰগ্ৰহণ কৰা এই ভিডিঅ’টোত এজন প্ৰশিক্ষকে যাত্ৰাক দুচকীয়া বাহনখন কেনেকৈ চলাব লাগে সেই বিষয়ে শিকাইছিল। ভিডিঅ’টো উপলব্ধ নহ’লেও বৰ্তমান যাত্ৰাই বাইক চলোৱাৰ ছবিসমূহ দেখা গৈছে।


যাত্ৰাৰ এতিয়া ওঠৰ বছৰ সম্পূৰ্ণ হোৱা নাই আৰু ড্ৰাইভিং লাইচেন্স অবিহনে বাইক চলাই থকাৰ বাবেই বিতৰ্কৰ সৃষ্টি হয়। ভিডিঅ’টো ব্যাপক প্ৰচাৰৰ পাছত যান-বাহন আৰক্ষীয়ে যাত্ৰাৰ মাতৃ ঐশ্বৰ্য ৰজনীকান্তক লৈ তদন্ত আৰম্ভ কৰে যিহেতু ভিডিঅ’টোত বাইকৰ নম্বৰ প্লেট দেখা নাযায়। ৰাইডাৰৰ পৰিচয় জানিবলৈ যাত্ৰাত মাস্ক পৰিধান কৰাৰ বাবে ঐশ্বৰ্যক জেৰা কৰা হয়। তদন্তৰ অন্তত যান-বাহন নিয়ম ভংগ কৰি অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱাৰ বাবে যাত্ৰাৰ বিৰুদ্ধে ১০০০ টকা জৰিমনা বিহা হয়। দম্পতীহালৰ বিচ্ছেদ হোৱাৰ পাছতো ধনুশ আৰু যাত্ৰাৰ মাজত এক সুদৃঢ় সম্পৰ্ক বজাই ৰখা দেখা গৈছে৷


এবছৰ পূৰ্বে ধনুশ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ হোৱাৰ পাছতো দুয়োজনে পুত্ৰৰ যত্ন লোৱা দেখা যায়। চলিত বৰ্ষৰ আৰম্ভণিতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত পুত্ৰ যাত্ৰা আৰু লিংগাৰ সৈতে দেখা গৈছিল ধনুশক। শেহতীয়াকৈ যাত্ৰাই মাক আৰু ককাক ৰজনীকান্তৰ সৈতে দীপাৱলী উদ্‌যাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান