--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত বলীউড অভিনেত্ৰী দীপিকা পাডুকন৷শেহতীয়াকৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বিবাহৰ পঞ্চম বাৰ্ষিকী উদ্‌যাপন কৰিছে। ১৪ নৱেম্বৰত তেওঁলোকৰ বিবাহৰ পাঁচ বছৰ সম্পূৰ্ণ হয় আৰু দম্পতীহালে বেলজিয়ামত বিবাহ বাৰ্ষিকী উদ্‌যাপন কৰে। এতিয়া দীপিকা পাডুকনৰ এটা বক্তব্য ওলাইছে য’ত তেওঁ নিজৰ অতীতৰ সম্পৰ্কক লৈ ট্ৰ’ল হোৱাৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে। কাৰো সন্মুখত ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

শেহতীয়াকৈ দীপিকা পাডুকনে বিশ্ববিশ্ৰুত ব্ৰেণ্ড ভৌগৰ বাবে ফটোশ্বুট কৰিছিল। ভৌগে দিয়া এক সাক্ষাৎকাৰত দীপিকাই কৰণ জোহাৰৰ সৈতে হোৱা কথোপকথনত ব্যক্তিগত সম্পৰ্ক প্ৰকাশ পোৱাৰ পাছত ট্ৰ’ল হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দীপিকাই কয় যে- ''মই ক্ষমা খুজিবলৈ ভয় নকৰো৷'' উল্লেখ্য যে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কফি উইথ কৰণৰ প্ৰথম খণ্ডত অংশগ্ৰহণ কৰিছিল। এই সময়ত অভিনেত্ৰীগৰাকীয়ে মুকলি সম্পৰ্কৰ কথা কৈছিল৷দীপিকা আৰু ৰণবীৰ ইজনে সিজনৰ প্ৰতি দায়বদ্ধ আছিল যদিও তেতিয়াও আন কাৰোবাক লগ কৰিবলৈ স্বাধীন আছিল বুলি দীপিকাই উল্লেখ কৰিছিল। এই বক্তব্য সন্দৰ্ভত ছ’চিয়েল মিডিয়াত দীপিকাক বহুত ট্ৰ’ল কৰা হৈছিল, যাৰ ওপৰত তেওঁ নিজৰ মতামত দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান