--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত বলীউড অভিনেত্ৰী দীপিকা পাডুকন৷শেহতীয়াকৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বিবাহৰ পঞ্চম বাৰ্ষিকী উদ্‌যাপন কৰিছে। ১৪ নৱেম্বৰত তেওঁলোকৰ বিবাহৰ পাঁচ বছৰ সম্পূৰ্ণ হয় আৰু দম্পতীহালে বেলজিয়ামত বিবাহ বাৰ্ষিকী উদ্‌যাপন কৰে। এতিয়া দীপিকা পাডুকনৰ এটা বক্তব্য ওলাইছে য’ত তেওঁ নিজৰ অতীতৰ সম্পৰ্কক লৈ ট্ৰ’ল হোৱাৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে। কাৰো সন্মুখত ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

শেহতীয়াকৈ দীপিকা পাডুকনে বিশ্ববিশ্ৰুত ব্ৰেণ্ড ভৌগৰ বাবে ফটোশ্বুট কৰিছিল। ভৌগে দিয়া এক সাক্ষাৎকাৰত দীপিকাই কৰণ জোহাৰৰ সৈতে হোৱা কথোপকথনত ব্যক্তিগত সম্পৰ্ক প্ৰকাশ পোৱাৰ পাছত ট্ৰ’ল হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দীপিকাই কয় যে- ''মই ক্ষমা খুজিবলৈ ভয় নকৰো৷'' উল্লেখ্য যে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কফি উইথ কৰণৰ প্ৰথম খণ্ডত অংশগ্ৰহণ কৰিছিল। এই সময়ত অভিনেত্ৰীগৰাকীয়ে মুকলি সম্পৰ্কৰ কথা কৈছিল৷দীপিকা আৰু ৰণবীৰ ইজনে সিজনৰ প্ৰতি দায়বদ্ধ আছিল যদিও তেতিয়াও আন কাৰোবাক লগ কৰিবলৈ স্বাধীন আছিল বুলি দীপিকাই উল্লেখ কৰিছিল। এই বক্তব্য সন্দৰ্ভত ছ’চিয়েল মিডিয়াত দীপিকাক বহুত ট্ৰ’ল কৰা হৈছিল, যাৰ ওপৰত তেওঁ নিজৰ মতামত দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক