ডিজিটেল ডেস্কঃ তামিলনাডুত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি ল'লে বিপিন ৰাৱটে৷ যিটো খবৰে শোকাহত কৰি তুলিছে দেশবাসীক৷ কেইবাঘণ্টাজোৰা অভিযান আৰু উৎকণ্ঠাৰ অন্তত আহিল সেই দুঃসংবাদ৷ বিপিন ৰাৱট আৰু নাই৷ ৰাষ্ট্ৰসুৰক্ষাৰ শপত লৈ আমৃত্যু দেশমাতৃৰ সেৱাৰ বেদীত আত্মোৎসৰ্গিত কৰি বিদায় মাগিলে সেনাপ্ৰধানগৰাকীয়ে৷ কোন আছিল বিপিন ৰাৱট? কেনেকৈ আৰম্ভ হৈছিল তেওঁৰ সংগ্ৰামী জীৱনযাত্ৰাৰ…চন ১৯৯৯৷ কাৰ্গিল যুদ্ধৰ পাছত সেনাৰ তিনিওটা বিভাগৰে মুৰব্বী এজনেই হ’ব লাগে বুলি আলোচনা চলিছিল ভাৰতীয় সেনা বাহিনীৰ মাজত।

গত দুটা দশকে এই পদৰ বাবে বাছনিও কৰা হোৱা নাছিল কাকোৱেই। প্ৰায় দুটা দশকৰ পাছত ২০১৯ চনৰ ৩০ ডিচেম্বৰ দিনটো ভাৰতৰ সেনা বাহিনীৰ বাবে এক ঐতিহাসিক দিন হিচাপে বিবেচিত হয়। দেশৰ তিনিওটা সেনা বিভাগ স্থল সেনা, জল সেনা আৰু বায়ুসেনাৰ মুৰব্বী হিচাপে সিদিনা নিযুক্তি লাভ কৰে বিপিন ৰাৱটে। তেতিয়াৰে পৰা তেওঁ দেশৰ প্ৰথমগৰাকী CDS ( চীফ অব ডিফেন্স ষ্টাফ) হিচাপে অভিহিত কৰা হয়৷ সেনাৰ অভিযানত তিনিওটা বিভাগৰে সমন্বয় ৰক্ষা কৰাতো CDS বিপিন ৰাৱটৰ প্ৰধান কৰ্তব্য হৈ পৰে৷

দেশত প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী পদত আসীন হোৱা প্ৰথমগৰাকী বিষয়া আছিল ভাৰতীয় সেনাৰ সদ্য অৱসৰপ্ৰাপ্ত মুৰব্বী জেনেৰেল বিপিন ৰাৱট৷ চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্যমতে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীয়ে দুটা ভূমিকা পালন কৰিব। ইয়াৰে এটা হৈছে প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বীসকলৰ সমিতি(Chiefs of Staff Committe)ৰ অধ্যক্ষৰ দায়িত্ব৷ এই সমিতিৰ সদস্যসকল হৈছে তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীসকল। আনটো দায়িত্ব হৈছে নৱগঠিত সামৰিক পৰিক্ৰমা বিভাগ (Military Affairs Department)ৰ মুৰব্বীৰ দায়িত্ব৷

উক্ত বিভাগ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ত অলপতে খোলা হৈছে৷ পূৰ্বৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ত চাৰিটা বিভাগ আছে৷ এই বিভাগ কেইটা হ’ল : প্ৰতিৰক্ষা বিভাগ, প্ৰতিৰক্ষা সঁজুলি সংগ্ৰহ(Defence Procurement) বিভাগ, প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ বিভাগ আৰু প্ৰাক্তন সৈনিক কল্যাণ বিভাগ৷ নৱগঠিত সামৰিক পৰিক্ৰমা বিভাগৰ সচিবৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাৱট পোনপটীয়াভাৱে চৰকাৰী মন্ত্ৰ্যালয়ৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতেও জড়িত হৈ পৰে৷

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ) আৰু ভাৰতীয় সামৰিক একাডেমী(আইএমএ)ৰ প্ৰাক্তন ছাত্ৰ বিপিন ৰাৱটক ১৯৭৮ চনৰ ডিচেম্বৰত তেওঁৰ দেউতাকৰ দৰে একেটা গোটত ভাৰতীয় সেনাত নিযুক্তি দিয়া হৈছিল, যি হৈছে ১১ গোৰ্খা ৰাইফলছৰ পঞ্চম বেটেলিয়ন। তেনেকৈয়ে বিপিন ৰাৱটে দিছিল ৰাষ্ট্ৰসুৰক্ষাৰ প্ৰথমটো খোজ৷ গোৰ্খা ব্ৰিগেডৰ পৰা চি.অ’.এ.এছ. হোৱা চতুৰ্থ বিষয়া হোৱাৰ আগতে ৰাৱট সেনাৰ উপ-মুখ্য কৰ্মচাৰী হৈছিল।
ভাৰতীয় সেনাত কৰ্মৰত সময়ছোৱাত ৰাৱটে ব্ৰিগেড কমাণ্ডাৰ, জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ (জিঅ’চি-চি) চাউদাৰ্ণ কমাণ্ড, সামৰিক অভিযান সঞ্চালকালয়ৰ সাধাৰণ কৰ্মচাৰী গ্ৰেড ২, কৰ্ণেল সামৰিক সচিব আৰু সামৰিক সচিবৰ শাখাত উপ-সামৰিক সচিব আৰু জুনিয়ৰ কমাণ্ড শাখাৰ জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অংশ আছিল আৰু ডেমক্ৰেটিক ৰিপাব্লিক অব্ কঙ্গোত এটা বহুজাতিক ব্ৰিগেডৰ কমাণ্ড কৰিছিল। জেনেৰেল বিপিন ৰাৱটে ২০১৬ চনৰ ১৭ ডিচেম্বৰত জেনেৰেল দলবীৰ সিং সুহাগৰ পৰা ২৭ সংখ্যক সেনাপ্ৰধান হিচাপে ভাৰতীয় সেনাৰ শাসনভাৰ গ্ৰহণ কৰিছিল বিপিন ৰাৱটে। ৰাৱট বিদ্ৰোহী বিৰোধী যুদ্ধৰ এজন জ্যেষ্ঠ সেনাবিষয়া আৰু উত্তৰ আৰু পূব কমাণ্ডকে ধৰি ভাৰতৰ কিছুমান আটাইতকৈ কঠিন অঞ্চলত সেৱা আগবঢ়াইছে বিপিন ৰাৱটে৷ চৰকাৰে চীফ অব্ ডিফেন্স ষ্টাফ পদ সৃষ্টিৰ ঘোষণা কৰাৰ কেইদিনমান পাছত, অৱসৰপ্ৰাপ্ত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটক ৩১ ডিচেম্বৰ, ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰথম ত্ৰি-সেৱাপ্ৰধান হিচাপে নিযুক্ত কৰা হৈছিল।
চৰকাৰে প্ৰথমতে সেনাৰ নিয়মবোৰ সংশোধন কৰি অৱসৰৰ বয়স ৬২ বছৰৰ পৰা ৬৫ বছৰলৈ বৃদ্ধি কৰিছিল, যাৰ ফলত ৰাৱটৰ নিযুক্তিৰ পথ প্ৰশস্ত হৈছিল। তেওঁ উত্তৰ-পূবত উগ্ৰবাদ দমন কৰাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তেওঁৰ কেৰিয়াৰৰ অন্যতম মুখ্য বিষয় আছিল ২০১৫ চনত ম্যানমাৰত সীমান্ত পাৰ হৈ চলোৱা অভিযান৷ য’ত ভাৰতীয় সেনাই এনএছচিএন-কে উগ্ৰপন্থীৰ আক্ৰমণৰ সফল সঁহাৰি দিছিল। ৰাৱটৰ তত্ত্বাৱধানত ডিমাপুৰস্থিত তৃতীয় কৰ্পৰ অপাৰেচন কমাণ্ডৰ পৰা এই অভিযানটো পৰিচালনা কৰা হৈছিল।
২০১৬ চনৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনাৰ আছিল ৰাৱটৰ অন্যতম কাৰ্যদক্ষতাৰ প্ৰতিফলন, য’ত ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীক নিহত কৰিছিল৷ সেৱাৰ সময়ত জেনেৰেল ৰাৱাটক পৰম বিশ্বস্ত সেৱা পদক, উত্তম যুদ্ধ সেৱা পদক, বিশ্বসেৱা পদক, যুদ্ধ সেৱা পদক আৰু সেনা পদকৰে সন্মানিত কৰা হৈছে৷ সদ্যপ্ৰয়াত ৰাৱটৰ প্ৰতি আমি যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷