--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত। ভাৰতীয় বায়ু সেনাই আনুষ্ঠানিকভাবে ঘোষণা কৰে ৰাৱটৰ মৃত্যুৰ কথা।

পত্নী মধুলিকা ৰাৱট আৰু সেনাৰ কেইবাগৰাকীও বিষয়া জোৱানৰ সৈতে বুধবাৰে আৰম্ভ কৰা এটা যাত্ৰাৰ অতি অপ্ৰত্যাশিত কৰুণ পৰিণতি ঘটিল। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। বুধবাৰে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেশৰ সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে। হেলিকপ্টাৰখন পাহাৰীয়া এটা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে নিমিষতে জুয়ে আগুৰি ধৰে। দুৰ্ঘটনাস্থলীত তাৎক্ষণিকভাৱে উদ্ধাৰকাৰীৰ দল উদ্ধাৰ অভিযানত জঁপিয়াই পৰে যদিও মাত্ৰ তিনিজন লোককহে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাস্থলীৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰীৰ দলে। পাহাৰীয়া অঞ্চলটোত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ই খণ্ড বিখণ্ড হৈ ধ্বংসস্তুপত পৰিণত হয়। বহু মৃতদেবহ পাহাৰৰ গভীৰ নামনিলৈ ছিটিকিও পৰে। এনে অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত লোকসকলক জীৱন্তে উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় শূন্যই আছিল আৰু অৱশেষত সেয়ে হ’ল। এই দুৰ্ঘটনাই দেশৰ প্ৰতিৰক্ষা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এগৰাকী প্ৰতিনিধিক কাঢ়ি লৈ গ’ল।


উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকুপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এল এছ লিডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং, নাইক গুৰসেৱক সিং, নাইক জিতেন্দ্ৰ কুমাৰ, লেঃ নাইক বিবেক কুমাৰ, লেঃ নাইক বি সাই তেজা আৰু হাবিলদাৰ সতপাল এই হেলিকপ্টাৰখনত থকাটো নিশ্চিত কৰা হৈছে আনুষ্ঠানিকভাৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ