--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত। ভাৰতীয় বায়ু সেনাই আনুষ্ঠানিকভাবে ঘোষণা কৰে ৰাৱটৰ মৃত্যুৰ কথা।

পত্নী মধুলিকা ৰাৱট আৰু সেনাৰ কেইবাগৰাকীও বিষয়া জোৱানৰ সৈতে বুধবাৰে আৰম্ভ কৰা এটা যাত্ৰাৰ অতি অপ্ৰত্যাশিত কৰুণ পৰিণতি ঘটিল। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। বুধবাৰে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেশৰ সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে। হেলিকপ্টাৰখন পাহাৰীয়া এটা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে নিমিষতে জুয়ে আগুৰি ধৰে। দুৰ্ঘটনাস্থলীত তাৎক্ষণিকভাৱে উদ্ধাৰকাৰীৰ দল উদ্ধাৰ অভিযানত জঁপিয়াই পৰে যদিও মাত্ৰ তিনিজন লোককহে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাস্থলীৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰীৰ দলে। পাহাৰীয়া অঞ্চলটোত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ই খণ্ড বিখণ্ড হৈ ধ্বংসস্তুপত পৰিণত হয়। বহু মৃতদেবহ পাহাৰৰ গভীৰ নামনিলৈ ছিটিকিও পৰে। এনে অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত লোকসকলক জীৱন্তে উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় শূন্যই আছিল আৰু অৱশেষত সেয়ে হ’ল। এই দুৰ্ঘটনাই দেশৰ প্ৰতিৰক্ষা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এগৰাকী প্ৰতিনিধিক কাঢ়ি লৈ গ’ল।


উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকুপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এল এছ লিডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং, নাইক গুৰসেৱক সিং, নাইক জিতেন্দ্ৰ কুমাৰ, লেঃ নাইক বিবেক কুমাৰ, লেঃ নাইক বি সাই তেজা আৰু হাবিলদাৰ সতপাল এই হেলিকপ্টাৰখনত থকাটো নিশ্চিত কৰা হৈছে আনুষ্ঠানিকভাৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক