--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ দিল্লীৰ ৰংপুৰী গাঁৱত বিষাক্ত পদাৰ্থ সেৱন কৰি চাৰিগৰাকী কন্যাৰ সৈতে এজন লোকে আত্মহত্যা কৰে। শুকুৰবাৰে আৰক্ষীয়ে ফ্লেটৰ তলা ভাঙি মৃতদেহবোৰ উলিয়াই আনে। চাৰিওগৰাকী কন্যাই শাৰীৰিক অক্ষমতাৰ বাবে খোজ কাঢ়িব পৰা নাছিল আৰু বিচনাতে জীৱন কটাইছিল। পত্নীৰ মৃত্যুৰ পিছত কন্যা সন্তানৰ অৱস্থা দেখি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল হীৰালাল। বিষাক্ত দ্ৰব্য ছোৱালীকেইজনীক খুৱাই আৰু নিজেও খাই আত্মহত্যা কৰে হীৰালালে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৫০ বছৰীয়া হীৰালালে পৰিয়ালৰ সৈতে ৰংপুৰী গাঁৱৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁ প্ৰথমে বিহাৰৰ ছপৰা জিলাৰ মছৰাখ গাঁৱৰ বাসিন্দা আছিল। ইতিমধ্যে তেওঁৰ পত্নীৰ কেন্সাৰত মৃত্যু হৈছিল। তেওঁৰ পৰিয়ালত আছিল চাৰিগৰাকী কন্যা ১৮ বছৰীয়া নীতু, ১৫ বছৰীয়া নিশি, ১০ বছৰীয়া নীৰু আৰু ৮ বছৰীয়া নিধি। দুৰ্ভাগ্যবশতঃ চাৰিওজনী ছোৱালী শাৰীৰিকভাৱে সক্ষম।

হীৰালালে বসন্ত কুঞ্জত অৱস্থিত এখন চিকিৎসালয়ত কাঠমিস্ত্ৰীৰ কাম কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰৰ পৰা হীৰালালৰ ফ্লেটৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত ৰাস্তাৰ সিটো পাৰে অৱস্থিত ঘৰটোত বসবাস কৰা ব্যক্তিজনে আৰক্ষীক ফোন কৰি এই তথ্য দিয়ে।

বসন্ত কুঞ্জ দক্ষিণৰ ফ্লেটটোত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ওচৰৰ মানুহে কয় যে বহু দিন ধৰি পৰিয়ালটোক দেখা পোৱা নাছিল। ইয়াৰ পিছত যেতিয়া আৰক্ষীয়ে দুৱাৰ ভাঙিলে তেতিয়া ভিতৰৰ পৰা এটা ভয়ংকৰ গোন্ধ আহি আছিল। আৰক্ষীৰ দলটোৱে কোঠাটোত প্ৰৱেশ কৰাৰ সময়ত প্ৰথম কোঠাটোৰ বিচনাত পৰি আছিল হীৰালালৰ মৃতদেহ। চাৰিওজনী ছোৱালীৰ মৃতদেহ আনটো কোঠাত পৰি আছিল। আৰক্ষীয়ে জনোৱা মতে, দিল্লীত বাস কৰা হীৰালালৰ জ্যেষ্ঠ ভাতৃ যোগিন্দাৰক এই বিষয়ে অৱগত কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি পৰিয়ালটোৱে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে। যদিও আৰক্ষীয়ে এতিয়াও চুইচাইড নোট বিচাৰি পোৱা নাই, তথাপিও ৪ কন্যাৰ অক্ষমতাই এই ঘটনাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে হীৰালালৰ প্ৰথম কন্যা শাৰীৰিক অক্ষমতাৰে জন্ম হৈছিল। সুস্থ সন্তান জন্ম দিয়াৰ হেঁপাহত আৰু তিনিগৰাকী ছোৱালী জন্ম হ’ল যদিও তিনিওজনেই অক্ষম হৈ পৰিল। 


আৰক্ষী বিষয়াজনে কয় যে চাৰিওজনী ছোৱালীয়েই বিচনাত পৰি থাকে। হীৰালালে ৰাতিপুৱা খাদ্য আদি যোগান ধৰি কামলৈ যায়। তেওঁ ঘৰলৈ উভতি অহালৈকে ছোৱালীকেইজনী ভোক পিয়াহত থাকে। ঘৰলৈ উভতি অহাৰ পিছত হীৰালালে ছোৱালীকেইজনীৰ যত্ন লৈছিল। প্ৰথমে তেওঁলোকৰ বাবে খাদ্য ৰান্ধি তাৰপাছত ঘৰ চাফা কৰাত ব্যস্ত হয় তেওঁ। ঘৰখন চলাবলৈ গোটেই দিনটো কাম কৰি আহি ঘৰত আকৌ ছোৱালীজনীৰ আলপৈচান ধৰি ভাগৰি গৈছিল তেওঁ। লাহে-লাহে তেওঁ হতাশাত ভুগিছিল আৰু এই হতাশাই তেওঁক এই চৰম সিদ্ধান্ত লবলৈ বাধ্য কৰিলে বুলি সন্দেহ কৰিছে আৰক্ষী তথা ওচৰ-চুবুৰীয়াই।

বিল্ডিং কেয়াৰটেকাৰ শৈলেন্দ্ৰই কয় যে হীৰালালৰ পৰিয়ালে চতুৰ্থ মহলাৰ ফ্লেটটোত আঠ বছৰ ধৰি বসবাস কৰি আহিছে। ২৪ ছেপ্টেম্বৰত শেষবাৰৰ বাবে দেখা গৈছিল হীৰালালক। আৰক্ষীয়ে জব্দ কৰিছে হীৰালালৰ মোবাইলটো। লগতে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে এই ঘটনা মাত্ৰ তিনিদিন পূৰ্বে সংঘটিত হৈছিল আৰু মৃতদেহবোৰ পচিবলৈ আৰম্ভ কৰিছিল। হীৰালালৰ নাকৰ পৰা তেজো ওলাই আছিল। ঘটনাটোৰ সন্দৰ্ভত ক্ষীপ্ৰ তদন্তত নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু