--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ দিল্লীৰ ৰংপুৰী গাঁৱত বিষাক্ত পদাৰ্থ সেৱন কৰি চাৰিগৰাকী কন্যাৰ সৈতে এজন লোকে আত্মহত্যা কৰে। শুকুৰবাৰে আৰক্ষীয়ে ফ্লেটৰ তলা ভাঙি মৃতদেহবোৰ উলিয়াই আনে। চাৰিওগৰাকী কন্যাই শাৰীৰিক অক্ষমতাৰ বাবে খোজ কাঢ়িব পৰা নাছিল আৰু বিচনাতে জীৱন কটাইছিল। পত্নীৰ মৃত্যুৰ পিছত কন্যা সন্তানৰ অৱস্থা দেখি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল হীৰালাল। বিষাক্ত দ্ৰব্য ছোৱালীকেইজনীক খুৱাই আৰু নিজেও খাই আত্মহত্যা কৰে হীৰালালে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৫০ বছৰীয়া হীৰালালে পৰিয়ালৰ সৈতে ৰংপুৰী গাঁৱৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁ প্ৰথমে বিহাৰৰ ছপৰা জিলাৰ মছৰাখ গাঁৱৰ বাসিন্দা আছিল। ইতিমধ্যে তেওঁৰ পত্নীৰ কেন্সাৰত মৃত্যু হৈছিল। তেওঁৰ পৰিয়ালত আছিল চাৰিগৰাকী কন্যা ১৮ বছৰীয়া নীতু, ১৫ বছৰীয়া নিশি, ১০ বছৰীয়া নীৰু আৰু ৮ বছৰীয়া নিধি। দুৰ্ভাগ্যবশতঃ চাৰিওজনী ছোৱালী শাৰীৰিকভাৱে সক্ষম।

হীৰালালে বসন্ত কুঞ্জত অৱস্থিত এখন চিকিৎসালয়ত কাঠমিস্ত্ৰীৰ কাম কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰৰ পৰা হীৰালালৰ ফ্লেটৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত ৰাস্তাৰ সিটো পাৰে অৱস্থিত ঘৰটোত বসবাস কৰা ব্যক্তিজনে আৰক্ষীক ফোন কৰি এই তথ্য দিয়ে।

বসন্ত কুঞ্জ দক্ষিণৰ ফ্লেটটোত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ওচৰৰ মানুহে কয় যে বহু দিন ধৰি পৰিয়ালটোক দেখা পোৱা নাছিল। ইয়াৰ পিছত যেতিয়া আৰক্ষীয়ে দুৱাৰ ভাঙিলে তেতিয়া ভিতৰৰ পৰা এটা ভয়ংকৰ গোন্ধ আহি আছিল। আৰক্ষীৰ দলটোৱে কোঠাটোত প্ৰৱেশ কৰাৰ সময়ত প্ৰথম কোঠাটোৰ বিচনাত পৰি আছিল হীৰালালৰ মৃতদেহ। চাৰিওজনী ছোৱালীৰ মৃতদেহ আনটো কোঠাত পৰি আছিল। আৰক্ষীয়ে জনোৱা মতে, দিল্লীত বাস কৰা হীৰালালৰ জ্যেষ্ঠ ভাতৃ যোগিন্দাৰক এই বিষয়ে অৱগত কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি পৰিয়ালটোৱে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে। যদিও আৰক্ষীয়ে এতিয়াও চুইচাইড নোট বিচাৰি পোৱা নাই, তথাপিও ৪ কন্যাৰ অক্ষমতাই এই ঘটনাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে হীৰালালৰ প্ৰথম কন্যা শাৰীৰিক অক্ষমতাৰে জন্ম হৈছিল। সুস্থ সন্তান জন্ম দিয়াৰ হেঁপাহত আৰু তিনিগৰাকী ছোৱালী জন্ম হ’ল যদিও তিনিওজনেই অক্ষম হৈ পৰিল। 


আৰক্ষী বিষয়াজনে কয় যে চাৰিওজনী ছোৱালীয়েই বিচনাত পৰি থাকে। হীৰালালে ৰাতিপুৱা খাদ্য আদি যোগান ধৰি কামলৈ যায়। তেওঁ ঘৰলৈ উভতি অহালৈকে ছোৱালীকেইজনী ভোক পিয়াহত থাকে। ঘৰলৈ উভতি অহাৰ পিছত হীৰালালে ছোৱালীকেইজনীৰ যত্ন লৈছিল। প্ৰথমে তেওঁলোকৰ বাবে খাদ্য ৰান্ধি তাৰপাছত ঘৰ চাফা কৰাত ব্যস্ত হয় তেওঁ। ঘৰখন চলাবলৈ গোটেই দিনটো কাম কৰি আহি ঘৰত আকৌ ছোৱালীজনীৰ আলপৈচান ধৰি ভাগৰি গৈছিল তেওঁ। লাহে-লাহে তেওঁ হতাশাত ভুগিছিল আৰু এই হতাশাই তেওঁক এই চৰম সিদ্ধান্ত লবলৈ বাধ্য কৰিলে বুলি সন্দেহ কৰিছে আৰক্ষী তথা ওচৰ-চুবুৰীয়াই।

বিল্ডিং কেয়াৰটেকাৰ শৈলেন্দ্ৰই কয় যে হীৰালালৰ পৰিয়ালে চতুৰ্থ মহলাৰ ফ্লেটটোত আঠ বছৰ ধৰি বসবাস কৰি আহিছে। ২৪ ছেপ্টেম্বৰত শেষবাৰৰ বাবে দেখা গৈছিল হীৰালালক। আৰক্ষীয়ে জব্দ কৰিছে হীৰালালৰ মোবাইলটো। লগতে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে এই ঘটনা মাত্ৰ তিনিদিন পূৰ্বে সংঘটিত হৈছিল আৰু মৃতদেহবোৰ পচিবলৈ আৰম্ভ কৰিছিল। হীৰালালৰ নাকৰ পৰা তেজো ওলাই আছিল। ঘটনাটোৰ সন্দৰ্ভত ক্ষীপ্ৰ তদন্তত নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement