--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মান্তৰকৰণৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত প্ৰদান কৰা মন্তব্য৷লগতে উত্তৰ প্ৰদেশৰ অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা আইন ২০২১ ত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযুক্ত ব্যক্তিজনৰ জামিন আবেদনতো অনুমোদন জনায় উচ্চতম ন্যায়ালয়ে৷

উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ‘ধৰ্মান্তৰকৰণৰ প্ৰসাৰ ঘটোৱা, ধৰ্মীয় সমাৱেশ বন্ধ নহ’লে দেশৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা সংখ্যালঘু হৈ পৰিব৷’ এই মন্তব্য খাৰিজ কৰিছে৷ বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড় আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জামিন আবেদনৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৰা এই মন্তব্য অনুচিত আছিল বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে ১ জুলাইত উত্তৰ প্ৰদেশৰ সৈতে জড়িত ধৰ্মান্তৰকৰণৰ গোচৰত অভিযুক্তক জামিন দিবলৈ অস্বীকাৰ কৰাৰ সময়তে এই মন্তব্য কৰিছিল। ইয়াৰ পাছতে বিষয়টো উচ্চতম ন্যায়ালৰ মজিয়ালৈ যায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ সংমণ্ডল বিচাৰপীঠে অভিযুক্তক জামিন প্ৰদান কৰাৰ সময়ত উচ্চ ন্যায়ালয়ৰ উক্ত মন্তব্যক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে।

উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ মৌধা থানাত ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ অধীনত কৈলাশ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা পাছতে এই বিষয়টো পোহৰলৈ আহে। অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ উপৰিও আৰক্ষীয়ে তেওঁৰ ওপৰত ধৰ্মান্তৰকৰণ আইনৰ কিছু ধাৰাও জাপি দিছিল বুলি জানিব পৰা গৈছে

প্ৰকৃততে, এই গোচৰৰ অভিযোগকাৰী তথা হামিৰপুৰৰ বাসিন্দা ৰামকালী প্ৰজাপতিৰ মতে, অভিযুক্ত কৈলাশে ভাতৃক চিকিৎসাৰ নামত দিল্লীলৈ লৈ গৈ সমাজ কল্যাণমূলক অনুষ্ঠানত ধৰ্মান্তৰিত কৰিছিল। ইয়াৰোপৰি ৰামকালীয়ে অভিযোগ কৰে যে তেওঁৰ চুবুৰীৰ আন বহু লোককো এনে সামাজিক অনুষ্ঠানলৈ লৈ গৈ ধৰ্মান্তৰিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে৷ ২০২৪ চনৰ ১ জুলাইত একেটা গোচৰৰ জামিন আবেদন নাকচ কৰাৰ সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাই এই মন্তব্য কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ