--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মান্তৰকৰণৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত প্ৰদান কৰা মন্তব্য৷লগতে উত্তৰ প্ৰদেশৰ অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা আইন ২০২১ ত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযুক্ত ব্যক্তিজনৰ জামিন আবেদনতো অনুমোদন জনায় উচ্চতম ন্যায়ালয়ে৷

উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ‘ধৰ্মান্তৰকৰণৰ প্ৰসাৰ ঘটোৱা, ধৰ্মীয় সমাৱেশ বন্ধ নহ’লে দেশৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা সংখ্যালঘু হৈ পৰিব৷’ এই মন্তব্য খাৰিজ কৰিছে৷ বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড় আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জামিন আবেদনৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৰা এই মন্তব্য অনুচিত আছিল বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে ১ জুলাইত উত্তৰ প্ৰদেশৰ সৈতে জড়িত ধৰ্মান্তৰকৰণৰ গোচৰত অভিযুক্তক জামিন দিবলৈ অস্বীকাৰ কৰাৰ সময়তে এই মন্তব্য কৰিছিল। ইয়াৰ পাছতে বিষয়টো উচ্চতম ন্যায়ালৰ মজিয়ালৈ যায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ সংমণ্ডল বিচাৰপীঠে অভিযুক্তক জামিন প্ৰদান কৰাৰ সময়ত উচ্চ ন্যায়ালয়ৰ উক্ত মন্তব্যক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে।

উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ মৌধা থানাত ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ অধীনত কৈলাশ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা পাছতে এই বিষয়টো পোহৰলৈ আহে। অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ উপৰিও আৰক্ষীয়ে তেওঁৰ ওপৰত ধৰ্মান্তৰকৰণ আইনৰ কিছু ধাৰাও জাপি দিছিল বুলি জানিব পৰা গৈছে

প্ৰকৃততে, এই গোচৰৰ অভিযোগকাৰী তথা হামিৰপুৰৰ বাসিন্দা ৰামকালী প্ৰজাপতিৰ মতে, অভিযুক্ত কৈলাশে ভাতৃক চিকিৎসাৰ নামত দিল্লীলৈ লৈ গৈ সমাজ কল্যাণমূলক অনুষ্ঠানত ধৰ্মান্তৰিত কৰিছিল। ইয়াৰোপৰি ৰামকালীয়ে অভিযোগ কৰে যে তেওঁৰ চুবুৰীৰ আন বহু লোককো এনে সামাজিক অনুষ্ঠানলৈ লৈ গৈ ধৰ্মান্তৰিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে৷ ২০২৪ চনৰ ১ জুলাইত একেটা গোচৰৰ জামিন আবেদন নাকচ কৰাৰ সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাই এই মন্তব্য কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু