--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বায়ু প্ৰদূষণে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তথ্য অনুসৰি ২০১৯  চনত  ভাৰতত প্ৰদূষণৰ ফলত ১৬ লাখ লোকৰ মৃত্যু হৈছিল। এয়া হৈছে ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভোলিউচন (আইএমএইচই)ৰ 'গ্লোবেল বাৰ্ডেন অফ ডিজিজ' প্ৰতিবেদনৰ তথ্য। সেই বৰ্ষত প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বতে মৃত্যুৰ সংখ্যা আছিল ৬০ নিযুত।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৰিৱেশ প্ৰদূষণৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে ১২.৬  নিযুত লোকৰ মৃত্যু ঘটি আহিছে। প্ৰতি বছৰে সন্ত্ৰাসবাদী আক্ৰমণ আৰু পথ দুৰ্ঘটনাত যিমান সংখ্যক লোকৰ মৃত্যু হয় তাতোকৈ বহু বেছি সংখ্যক লোকৰ প্ৰদূষণৰ ফলত  মৃত্যু হয়।

দেশৰ  ৰাজধানী চহৰ নতুন দিল্লীকে  ধৰি  আন  বহু  চহৰৰ একিউআই (বায়ু গুণমান সূচক) ৪০০-৫০০ৰ ওপৰলৈ গৈছে। এক কথাত দেশৰ বহু চহৰ এতিয়া  গেছ চেম্বাৰত পৰিণত হৈছে। দ্বিতীয় বিশ্বযুদ্ধত ইহুদীসকলৰ গণহত্যাৰ বাবে ব্যৱহৃত গেছ চেম্বাৰক আমি এই মুহূৰ্তত উশাহ লৈ থকা বিষাক্ত  বায়ুৰ সৈতে তুলনা কৰাটো  বিপদৰ এক  সতৰ্কবাণী বুলি আমি এতিয়াই ভাবিব নোৱাৰিলে অনাগত দিনত বিপদ আৰু বৃদ্ধি পাব। 


বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰদূষিত বায়ুয়ে কেৱল আমাৰ হাঁওফাঁওকেই ক্ষতিগ্ৰস্ত নকৰে,   হৃদযন্ত্ৰ, মগজু, যকৃত, বৃক্ক, পাচন তন্ত্ৰকো প্ৰভাৱান্বিত কৰে। শৰীৰৰ ৰক্ত কোষ, সিৰা আৰু ধমনীবোৰো প্ৰদূষণৰ দ্বাৰা  ক্ষতিগ্ৰস্ত হয়।

 প্ৰকৃততে যেতিয়া আমি উশাহ লওঁ প্ৰদূষিত বায়ু কেৱল আমাৰ হাঁওফাঁওতে সীমাবদ্ধ হৈ নাথাকে। উশাহৰ মাজেৰে ই আমাৰ তেজত উপস্থিত হয়। তাৰ পিছত ই তেজৰ জৰিয়তে আমাৰ শৰীৰৰ বাকী অংশত বিয়পি পৰে।  সেইবাবেই  বিষাক্ত বায়ু আজি বিশ্বজুৰি অকাল মৃত্যুৰ এক মুখ্য কাৰণ হৈ  পৰিছে।


ভয়াৱহ কথাটো হ’ল  ৰাজস্থান, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশৰ বহু চহৰৰ বায়ুৰ একিউআই ৪০০-ৰ ওপৰলৈ গৈছে। এই বৰ্ধিত একিউআই কেৱল এটা সংখ্যা নহয়, ই  মাৰাত্মক  ৰোগৰ আগজাননী। 

বিষাক্ত বায়ুৰ ভাবুকি সকলোতে আছে। মুখা পিন্ধি আমি ইয়াক কিছু পৰিমাণে প্ৰতিহত  কৰিব পাৰোঁ। কিন্তু আমি আমাৰ চহৰৰ একিউআই জানিলে সাৱধান হোৱাত সুবিধা হ’ব। এয়া এক  প্ৰতিৰক্ষা। যাতে আমি আমাৰ চাৰিওফালৰ বায়ুত কিমান প্ৰদূষণ হৈ আছে সেয়া জানি  সেই অনুসৰি সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰোঁ।
 যেনে-
১- অপ্ৰয়োজনীয়ভাৱে ঘৰৰ বাহিৰলৈ যোৱাটো বন্ধ কৰা। 
২- ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা।
৩- খোজকঢ়া বা দৌৰাৰ সময় আৰু স্থান বাছনি কৰা আদি। 

যদি আপুনি আপোনাৰ চহৰৰ একিউআই জানিব বিচাৰে, তেনেহ'লে  কিছুমান এপে  আপোনাক আপোনাক  সহায় কৰিব পাৰে। আপুনি এই এপবোৰ আপোনাৰ ফোনত সহজে ডাউনলোড কৰিব পাৰে আৰু আপোনাৰ চহৰ আৰু এলেকাৰ একিউআই পৰীক্ষা কৰিব পাৰে। 

 কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰে সমীৰ এপ (SAMEER app) নামৰ এটা এপ মুকলি কৰিছে।  এই এপে আপোনাক বায়ুৰ মান সূচকৰ বাবে ১০০ খনতকৈও অধিক ভাৰতীয় চহৰৰ  বাস্তৱ-সময়ৰ পৰিসংখ্যা জানিবলৈ দিয়ে। এপ্পটো ব্যৱহাৰ কৰিবলৈ সহজ। এণ্ড্ৰইড আৰু আইঅএছ দুয়োটা ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ এপটো ডাউনলোড কৰিব পাৰে। প্ৰদূষিত স্থানবোৰৰ বিষয়ে বিতং তথ্য লাভ  কৰিবলৈ, গুগল প্লে ষ্টোৰৰ পৰা এই  এপটো ডাউনলোড কৰিব পাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক