--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক শেহতীয়াকৈ আদালতে  তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰাৰ অনুমতি দিছিল। এনে অনুমতি লাভ কৰাৰ পিছতে  অসুস্থ হৈ থকা পত্নীক  সাক্ষাৎ কৰে মনীষ চিছোদিয়াই।   অসুস্থ  পত্নীক দেখি ব্যথিত হৈ পৰা চিছোদিয়াই পত্নীক আলিঙ্গন কৰি মুক হৈ ৰৈছিল। চিছোদিয়াই অসুস্থ পত্নীক আলিঙ্গন কৰাৰ আবেগিক মুহূৰ্তৰ ছবি  মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্বেয়াৰ কৰিছে।ছবি খন চাই এতিয়া বহুতেই অন্তৰত গভীৰ দুখ অনুভৱ কৰিছে। ছবি খন পোষ্ট কৰি কেজৰিৱালে লিখিছে পত্নী সীমাক লগ পোৱাৰ পিছত মনীষ চিছোদিয়া আৱেগিক হৈ পৰে,এই দৃশ্য অতি  বেদনাদায়ক। 

 দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শনিবাৰে তেওঁৰ পত্নী সীমা চিছোদিয়াক সাক্ষাৎ কৰে। 
'এক্স'ত অৰবিন্দ কেজৰিৱালে শ্বেয়াৰ কৰা ছবিখনৰ সৈতে মুখ্যমন্ত্ৰী কেজৰিৱালে লিখিছে, "এই ছবিখন অতি বেদনাদায়ক। দেশৰ দৰিদ্ৰ শিশুসকলক আশা প্ৰদান কৰা এজন ব্যক্তিৰ বাবে এনে অন্যায় সঠিক  হৈছে নে?" উল্লেখ্য  চিছোদিয়াই তেওঁৰ  অসুস্থ  পত্নীক লগ কৰিবলৈ অনুমতি বিচাৰিছিল। পিছত ৰাউজ এভিনিউ আদালতে তেওঁক পত্নীক  লগ কৰিবলৈ চৰ্ত সাপেক্ষে অনুমতি প্ৰদান কৰিছিল। 

মনীষ চিছোদিয়াই তেওঁৰ পত্নীক লগ কৰিবলৈ পাঁচ দিনৰ সময় বিচাৰিছিল। অৱশ্যে, আদালতে তেওঁক শনিবাৰে পুৱা ১০  বজাৰ পৰা আবেলি ৪ বজালৈ  সময় দিছিল। আদালতে তেওঁক এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ  বা কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য  নকৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত মনীষ চিছোদিয়াক তিহাৰ কাৰাগাৰৰ পৰা ছঘণ্টাৰ বাবে বাহিৰলৈ লৈ যোৱা হৈছিল। চিছোদিয়াই তেওঁৰ পত্নীক তেওঁৰ এবি ১৭ মথুৰা ৰোডৰ বাসগৃহত লগ পাইছিল। বৰ্তমান এই ঘৰটো আতিশী মাৰ্লেনাক আৱণ্টন কৰা হৈছে। 

মনীষ চিছোদিয়াই পূৰ্বে জুন মাহত তেওঁৰ পত্নীক লগ পাইছিল। মনীষ চিছোদিয়াক দিল্লী সুৰা নীতিৰ গোচৰত চিবিআইয়ে প্ৰথমে চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁক ৯ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা  তেওঁক কাৰাগাৰত ৰখা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement