--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক শেহতীয়াকৈ আদালতে  তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰাৰ অনুমতি দিছিল। এনে অনুমতি লাভ কৰাৰ পিছতে  অসুস্থ হৈ থকা পত্নীক  সাক্ষাৎ কৰে মনীষ চিছোদিয়াই।   অসুস্থ  পত্নীক দেখি ব্যথিত হৈ পৰা চিছোদিয়াই পত্নীক আলিঙ্গন কৰি মুক হৈ ৰৈছিল। চিছোদিয়াই অসুস্থ পত্নীক আলিঙ্গন কৰাৰ আবেগিক মুহূৰ্তৰ ছবি  মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্বেয়াৰ কৰিছে।ছবি খন চাই এতিয়া বহুতেই অন্তৰত গভীৰ দুখ অনুভৱ কৰিছে। ছবি খন পোষ্ট কৰি কেজৰিৱালে লিখিছে পত্নী সীমাক লগ পোৱাৰ পিছত মনীষ চিছোদিয়া আৱেগিক হৈ পৰে,এই দৃশ্য অতি  বেদনাদায়ক। 

 দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শনিবাৰে তেওঁৰ পত্নী সীমা চিছোদিয়াক সাক্ষাৎ কৰে। 
'এক্স'ত অৰবিন্দ কেজৰিৱালে শ্বেয়াৰ কৰা ছবিখনৰ সৈতে মুখ্যমন্ত্ৰী কেজৰিৱালে লিখিছে, "এই ছবিখন অতি বেদনাদায়ক। দেশৰ দৰিদ্ৰ শিশুসকলক আশা প্ৰদান কৰা এজন ব্যক্তিৰ বাবে এনে অন্যায় সঠিক  হৈছে নে?" উল্লেখ্য  চিছোদিয়াই তেওঁৰ  অসুস্থ  পত্নীক লগ কৰিবলৈ অনুমতি বিচাৰিছিল। পিছত ৰাউজ এভিনিউ আদালতে তেওঁক পত্নীক  লগ কৰিবলৈ চৰ্ত সাপেক্ষে অনুমতি প্ৰদান কৰিছিল। 

মনীষ চিছোদিয়াই তেওঁৰ পত্নীক লগ কৰিবলৈ পাঁচ দিনৰ সময় বিচাৰিছিল। অৱশ্যে, আদালতে তেওঁক শনিবাৰে পুৱা ১০  বজাৰ পৰা আবেলি ৪ বজালৈ  সময় দিছিল। আদালতে তেওঁক এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ  বা কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য  নকৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত মনীষ চিছোদিয়াক তিহাৰ কাৰাগাৰৰ পৰা ছঘণ্টাৰ বাবে বাহিৰলৈ লৈ যোৱা হৈছিল। চিছোদিয়াই তেওঁৰ পত্নীক তেওঁৰ এবি ১৭ মথুৰা ৰোডৰ বাসগৃহত লগ পাইছিল। বৰ্তমান এই ঘৰটো আতিশী মাৰ্লেনাক আৱণ্টন কৰা হৈছে। 

মনীষ চিছোদিয়াই পূৰ্বে জুন মাহত তেওঁৰ পত্নীক লগ পাইছিল। মনীষ চিছোদিয়াক দিল্লী সুৰা নীতিৰ গোচৰত চিবিআইয়ে প্ৰথমে চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁক ৯ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা  তেওঁক কাৰাগাৰত ৰখা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ