--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ চতুৰ্থখন টেষ্ট মেচ ভাৰতৰ বাবে হতাশাজনক আছিল। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ৰোমাঞ্চকৰ খেলখন পাঁচ দিন ধৰি চলিছিল, য’ত ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মেলবৰ্ণ টেষ্টৰ কাহিনী দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছিল যদিও শেষত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। এই পৰাজয়ৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰে।

কি ক’লে ৰোহিত শৰ্মাই?

খেলৰ অন্তত ৰোহিত শৰ্মাই কয়, ‘এই পৰাজয় অতি হতাশাজনক। এনে নাছিল যে আমি খেলপথাৰত যুঁজ দিয়াৰ ইচ্ছা হেৰুৱাই পেলাইছিলো। আমি শেষলৈকে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সফল হ’ব নোৱাৰিলোঁ। টেষ্ট মেচৰ সময়ত আমাৰ বহু সুযোগ আছিল, কিন্তু আমি সেইবোৰ সুবিধা লোৱাত ব্যৰ্থ হ’লোঁ।”

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘আমি তেওঁলোকক ৯০/৬ত সীমাবদ্ধ কৰি ৰাখিছিলো, কিন্তু তেওঁলোকৰ নিম্ন ক্ৰমৰ অংশীদাৰিত্বই আমাক আঘাত দিছিল। আমি জানো যে টেষ্ট ক্ৰিকেটত পৰিস্থিতি কঠিন হ’ব পাৰে, কিন্তু এই পৰিস্থিতিত আমি ভাল প্ৰদৰ্শন কৰিব লাগিব।

খেলুৱৈৰ ওপৰত ৰোহিতৰ আস্থা

যুৱ বেটছমেন নীতিশ কুমাৰ ৰেড্ডীক প্ৰশংসা কৰি ৰোহিত শৰ্মাই কয়, ‘তেওঁ প্ৰথমবাৰৰ বাবে ইমান কঠিন পৰিস্থিতিত খেলিছিল আৰু ডাঙৰ কৌশল আৰু চৰিত্ৰ দেখুৱাইছিল। ভৱিষ্যতে তেওঁ আৰু ভাল কাম কৰিব বুলি মোৰ বিশ্বাস। দলটো তেওঁৰ লগত থিয় হৈ আছে।”

ইয়াৰ উপৰিও যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰি তেওঁ কয়, “বুমৰাহে সদায়ৰ দৰেই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ পৰিসংখ্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে, মাথোঁ দেশৰ হৈ খেলিব বিচাৰে আৰু দলৰ হৈ ভাল প্ৰদৰ্শন কৰিব বিচাৰে। কিন্তু, দুৰ্ভাগ্যজনকভাৱে তেওঁ সিটো মূৰৰ পৰা বিশেষ সমৰ্থন লাভ কৰিব নোৱাৰিলে।”

এই খেলখনত অষ্ট্ৰেলিয়াই ২-১ত অগ্ৰগতি লাভ কৰিছে। শেষৰ খেলত ভাৰতে ১১২/৩ ত আৰম্ভ কৰিছিল যদিও ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰা ঋষভ পন্তৰ আউট হোৱাটো খেলৰ টাৰ্নিং পইণ্ট বুলি প্ৰমাণিত হয়। ইয়াৰ পিছত ভাৰতীয় বেটছমেনসকলে ইজনৰ পিছত সিজনকৈ আউট হোৱাৰ লগতে সমগ্ৰ দলটোৱে মাত্ৰ ৩৪ ৰানত শেষৰ ৭টা উইকেট হেৰুৱাই পেলায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement