--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গীতটিৰ আটাইতকৈ আকৰ্ষণীয় দিশটোৱেই হ’ল ইয়াৰ 'থিম' বা বিষয়বস্তু। আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অথচ সচৰাচৰ চৰ্চা নোহোৱা বিষয় 'Insecurity Complex' (হীনমন্যতা বা মানসিক নিৰাপত্তাহীনতা)-ক এই গীতটিৰ জৰিয়তে অতি সুন্দৰভাৱে তুলি ধৰা হৈছে।

ডিজিটেল ডেস্ক: নৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী ৰাজবীৰৰ কণ্ঠত আজি মুক্তি পালে ‘অনুৰোধ’ শীৰ্ষক এটি নতুন অসমীয়া গীত। অসমীয়া সংগীত জগতত ব্যতিক্ৰমী সৃষ্টিৰে ইতিমধ্যেই ৰাজবীৰে ৰাইজৰ বিশেষ সমাদৰ লভিবলৈ সক্ষম হৈছে। এইবাৰো এক পৃথক বিষয়বস্তুক সামৰি এই গীতটি প্ৰস্তুত কৰি তুলিছে ৰাজবীৰে। 

গীতটিৰ আটাইতকৈ আকৰ্ষণীয় দিশটোৱেই হ’ল ইয়াৰ 'থিম' বা বিষয়বস্তু। আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অথচ সচৰাচৰ চৰ্চা নোহোৱা বিষয় 'Insecurity Complex' (হীনমন্যতা বা মানসিক নিৰাপত্তাহীনতা)-ক এই গীতটিৰ জৰিয়তে অতি সুন্দৰভাৱে তুলি ধৰা হৈছে। অসমৰ সংগীত জগতত এনেধৰণৰ মানসিক মনস্তত্ত্বক লৈ কৰা কাম বিৰল বুলি কলেও ভুল নহ’ব।

এই বিশেষ প্ৰকল্পটোৰ দৃশ্যগ্ৰহণ কৰা হৈছে কলকাতাৰ ঐতিহাসিক তপন থিয়েটাৰত। থিয়েটাৰৰ ভিতৰৰ নান্দনিক পৰিৱেশে গীতটিৰ গভীৰতাক আৰু এখোপ অনন্য মাত্ৰা প্ৰদান কৰিছে। 


গীতটিৰ আঁৰত আছে অসম আৰু কলকাতাৰ কেইবাগৰাকীও দক্ষ কলা-কুশলীৰ যুটীয়া প্ৰচেষ্টা।


কথা, কণ্ঠ আৰু পৰিচালনা: ৰাজবীৰ 


সংগীত: ঋষিৰাজ বসু 


প্ৰযোজনা: মৃন্ময় দহোতীয়া


সহ পৰিচালক: সোণমণি গোৱালা, সোভায়ন ঘোষ আৰু স্বাগতা কৰ


DOP আৰু সম্পাদনা (Editor): সৌমদীপ কৰ্মকাৰ


1st AC আৰু কালাৰিষ্ট (Colorist): সন্দীপন কৰ


কাৰ্যবাহী প্ৰযোজক: সমৰেশ দাস

সাজ-সজ্জা: নৱনীতা গগৈ


ফ'কাচ পুলাৰ: উজ্জ্বল দেৱনাথ


কলা পৰিচালক: পাৰ্থ দেৱনাথ


আৰ্ট ছেটিংছ: তনয় ৰয় আৰু টুবলু

গীতটিত অভিনয় কৰিছে— ৰাজবীৰ, আৰ্য্যন ঘোষ, পৃথা চট্টোপাধ্যায়, ৰাণা বিশ্বাস, স্নেহাশীষ দে’, পাভেল সৰকাৰ, ৰাজনীশ কাপুৰ, বিনয় দলুই আৰু ঋষিৰাজ বসুৱে।


গতানুগতিক ধাৰাতকৈ কিছু আঁতৰি, এক গভীৰ সামাজিক তথা মানসিক বিষয়বস্তুক সাৱটি নিৰ্মাণ কৰা 'অনুৰোধ' গীতটিয়ে অসমীয়া সংগীতপ্ৰেমী ৰাইজৰ হৃদয় স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। আপুনিও আজিয়েই উপভোগ কৰক এই ব্যতিক্ৰমী সৃষ্টি।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক