--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰশান্ত মহাসাগৰৰ গভীৰতাত অক্সিজেন উৎপাদনৰ উৎসৰ সন্ধান কৰিছে গৱেষকৰ এটা দলে। এই আৱিষ্কাৰে প্ৰত্যাহ্বান জনাইছে অক্সিজেন উৎপাদনৰ দীৰ্ঘদিনীয়া বিশ্বাসক। এই আবিষ্কাৰে সাগৰ তলিৰ পৰিৱেশ তন্ত্ৰৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰাৰ লগতে অপাৰ্থিৱ জীৱৰ সন্ধানৰ ক্ষেত্ৰত অনাগত সময়ত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

স্কটিছ এছ'চিয়েচন ফৰ মেৰিন চাইন্সৰ এণ্ড্ৰু ছুইটমেনৰ নেতৃত্বত, বষ্টন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে হাৱাই আৰু মেক্সিকোৰ মাজৰ ১৭ লাখ বৰ্গমাইল অঞ্চলৰ ক্লেৰিয়’ন-ক্লিপাৰটন জ'ন (চি.চি.জেড)ৰ ওপৰত এই গৱেষনা কৰিছিল বুলি জানিব পৰা গৈছে। সূৰ্যৰ পোহৰে ঢুকি নোপোৱা বাৰ হাজাৰ ফুটতকৈ অধিক গভীৰতাত গৱেষক দলটোৱে পলিমেটেলিক নুডল আবিষ্কাৰ কৰে। এই পলিমেটেলিক নুডল বিৰল ধাতুৰে সমৃদ্ধ শিলৰ দৰে গঠনযুক্ত আৰু ইলেক্ট্ৰ’লাইছিছ প্ৰক্ৰিয়াৰ দৰে অক্সিজেন উৎপাদন কৰা তথ্য লাভ কৰিছে গৱেষক দলটোৱে ।

এই গৱেষনাৰ সহ-লেখক তথা বষ্টন বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক জেফ্ৰি মাৰ্লোৱে প্ৰথম অৱস্থাত অক্সিজেন উৎপাদন মাইক্ৰ’বায়’লজিকেল কাৰ্য্যকলাপৰ দ্বাৰা হয় বুলি সন্দেহ কৰিছিল। অনুসন্ধানত পলিমেটেলিক নুডলে ঘন গাঠনিযুক্ত ধাতুবোৰে কাৰ্যক্ষম বেতেৰিৰ দৰে বৈদ্যুতিক আধানৰ পৃথকীকৰণ কৰে, আৰু পানীৰ অণুবোৰক অক্সিজেন আৰু হাইড্ৰ'জেনলৈ পৃথক কৰিব পৰাকৈ যথেষ্ট শক্তি উৎপন্ন কৰে বুলি সদৰি কৰে। উল্লেখযোগ্য যে সূৰ্যৰ পোহৰ অবিহনে "ডাৰ্ক অক্সিজেন" উৎপাদন কৰিব পৰা প্ৰক্ৰিয়াই, মূলতঃ সালোক সংশ্লেষণৰ দ্বাৰা অক্সিজেন উৎপাদন হোৱা প্ৰক্ৰিয়াৰ বা এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷ 

এই আৱিষ্কাৰৰ দ্বৰা বৃহস্পতি গ্ৰহৰ ইউৰোপা, শনি গ্ৰহৰ এনচেলাডাছৰ দৰে আন গ্ৰহ আৰু চন্দ্ৰসমূহতো ভূগৰ্ভস্থ মহাসাগৰত একেধৰণৰ প্ৰক্ৰিয়াৰ সম্ভাৱনাক লৈ গৱেষকসকলৰ মাজত কৌতূহলৰ সৃষ্টি  কৰিছে। যদিও এই "ডাৰ্ক অক্সিজেন" উৎপাদনৰ প্ৰভাৱ তথা উৎপাদনৰ সঠিক ব্যৱস্থা সম্পৰ্কে অস্পষ্ট, এই আৱিষ্কাৰে জ্যোতিবিজ্ঞান আৰু সাগৰ তলৰ পৰিৱেশতন্ত্ৰৰ গৱেষণাৰ নতুন পথ মুকলি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ