--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ ইতিহাসত সংযোজিত হল আন এক সফলতা। ভৰতে প্ৰথমবাৰৰ বাবে উৎক্ষেপণ কৰিছে পুনৰ ব্যৱহাৰ যোগ্য হাইব্ৰিড ৰকেট ‘RHUMI-1’। তামিলনাডুস্থিত ষ্টাৰ্ট-আপ স্পেচ জ’ন ইণ্ডিয়াই মাৰ্টিন গ্ৰুপৰ সৈতে সন্মিলিত ভবে নিৰ্মাণ কৰিছে এই হাইব্ৰিড ৰকেট। জানিব পৰা মতে তিনিটা কিউব চেটেলাইট আৰু ৫০টা পিআইচিঅ’ চেটেলাইট কঢ়িয়াই নিব পৰা সক্ষমতা আছে ‘RHUMI-1’ হাইব্ৰিড ৰকেটৰ। 

চেন্নাইৰ থিৰুবিদান্ধাইৰ পৰা পুনৰ ব্যৱহাৰযোগ্য হাইব্ৰিড ৰকেট উৎক্ষেপণ কৰিছে। তামিলনাডু স্থিত ষ্টাৰ্ট-আপ স্পেচ জ’ন ইণ্ডিয়াই মাৰ্টিন গ্ৰুপৰ সৈতে সন্মিলিত ভবে নিৰ্মাণ কৰা এই ৰকেটটোৱে তিনিটা কিউব চেটেলাইট আৰু ৫০টা পিচিঅ’ চেটেলাইট এটা মোবাইল লঞ্চাৰৰ জড়িয়তে এটা চাবঅৰ্বিটাল ট্ৰেজেক্টৰীত উৎক্ষেপণ কৰা হৈছিল বুলি সদৰি কৰিছে। মহাকাশ মণ্ডলৰ প্ৰতিষ্ঠাপক আনন্দ মেগালিংগাম আৰু ইছৰো চেটেলাইট চেণ্টাৰ (আই এছ এ চি)ৰ প্ৰাক্তন সঞ্চালক ড. মাইলস্বামী আন্নাদুৰাইয়ে মিছন RHUMI নেতৃত্ব বহন কৰিছে বুলি জানিব পৰা গৈছে।

ৰকেটটোত CO2-ট্ৰিগাৰ যুক্ত পেৰাচুট ব্যৱস্থা সংযোগ কৰা হৈছে, ই প্ৰদুষণ মুক্ত হোৱাৰ লগতে আৰু কম ব্যয় যুক্ত। ইয়াৰ মহাকাশ গৱেষণাৰ লগতে কৃষি, পৰিৱেশ নিৰীক্ষণসহ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় গৱেষণাও সামৰি লৈছে বুলি সদৰি কৰিছে।‘RHUMI-1’ হাইব্ৰিড ৰকেটৰ সফল উৎক্ষেপণে অনাগত সময়ত মহাকাশ গৱেষণা ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ