--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানী ইনফ’ছিছ লিমিটেডে অভিযান্ত্ৰিক স্নাতক সকলৰ বাবে লৈ আহিছে সুখবৰ৷ বিগত দুটা বৰ্ষৰ অন্তত ইনফ’ছিছ লিমিটেডে  এহাজাৰ অভিযান্ত্ৰিক স্নাতকলৈ মুকলি কৰিছে অফাৰ লেটাৰ৷
 
নেচেণ্ট ইনফৰ্মেচন টেকন’লজি এম্প্লয়িজ চিনেটে(NITES)এ সদৰি কৰা মতে দুটা বৰ্ষৰ অপেক্ষাৰ অন্তত বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানীটোৱে অভিযান্ত্ৰিক স্নাতকসকলক সংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে এহেজাৰ অভিযান্ত্ৰিক স্নাতকসকক প্ৰদান কৰিছে অফাৰ লেটাৰ৷ এই ঘোষনাৰ প্ৰায় এসপ্তাহৰ পিছত ইনফ’ছিছৰ চিইঅ’ চাহিল পাৰেখে আশ্বাস প্ৰদান কৰি কয় যে ‘ফ্ৰেছাৰসকলক দিয়া অফাৰসমূহক কোম্পানীয়ে সন্মান জনোৱাৰ পাছতে এই প্ৰাৰ্থিসকলৰ যোগদান নিশ্চিত কৰা হ’ব৷ ইমেইলৰ জড়িয়তে অফাৰ লেটাৰ প্ৰেৰণ কৰিছে আৰু ৭ অক্টোবৰত যোগদানৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। আৰু ৩.২ পৰা ৩.৭ লাখ টকাৰ বাৰ্ষিক নিৰিখ প্ৰদান কৰিছে প্ৰাৰ্থিসকলক।

চিষ্টেম ইঞ্জিনিয়াৰৰ ভূমিকাৰ বাবে প্ৰথমে ২০২২ চনত বেংগালুৰুস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰিবলৈ দিয়া হৈছিল আৰু
২০২৪ চনত দুটা অগ্ৰিম প্ৰশিক্ষণ ল'বলৈ আহ্বান কৰা হৈছিল এই প্ৰাৰ্থিসকলক, শেষৰটো প্ৰশিক্ষণ ১৯ আগষ্টত সম্পন্ন হৈ গৈছে যদিও যোগদান প্ৰক্ৰিয়াত বিলম্ব হৈছে৷

উল্লেখযোগ্য যেকোম্পানীটোৱে ২০০০ ইঞ্জিনিয়াৰিং স্নাতকক চিষ্টেম ইঞ্জিনিয়াৰআৰু ডিজিটেল এছ ইৰ পদৰ বাবে অফাৰ লেটাৰ প্ৰদানত বিলম্ব হোৱাৰ বাবে আই টি আৰু আই টি ই এচ ইউনিয়ন এন আই টি ই এচে শেহতীয়াকৈ ইনফ’ছিছৰ বিৰুদ্ধে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ত অভিযোগ দাখিল কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ