--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ওখ মানুহজন, বিশ্বৰ আটাইতকৈ চাপৰ মানুজন বা বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী আদি ধৰণৰ বাতৰি আপুনি নিশ্চয় পঢ়িছে কিন্তু এইবাৰ আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ গৰাকীৰ সৈতে৷ বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ অধিকাৰী হৈ এজন লোকে গীনিজ বুকত সন্নিৱিষ্ট কৰিছে নিজৰ নাম৷ মানুহজনৰ নাম মেহমেত ঔজিয়ুৰেক৷ তুৰ্কীৰ মেহমেত ঔজিয়ুৰেকৰ বৰ্তমান বয়স ৭১ বছৰ৷ প্ৰতিবছৰে অলপ অলপকৈ বৃদ্ধি পায় তেওঁৰ নাকৰ দৈৰ্ঘ্য৷

গীনিজ বুকে প্ৰদান কৰা মেডেলৰ সৈতে মেহমেত

৭১ বছৰ বয়সতো বাঢ়িবলৈ এৰা নাই মেহমেতৰ নাকৰ আকাৰ৷ ২০১০ চনতে বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ গৰাকী হিচাপে গীনিজ বুকত নাম অন্তৰ্ভূক্ত হৈছিল মেহমেতৰ আৰু এই দশকযোৰা কালত কোনেও ল’ব পৰা নাই সেই স্থান৷ তেওঁৰ নাকৰ দৈৰ্ঘ্য ৮.৮ ছেণ্টিমিটাৰ৷ উল্লেখ্য যে বিশ্বৰ জীৱিত ব্যক্তিসকলৰ তালিকাত হে মেহমেত ঔজিয়ুৰেকৰ নাকৰ দৈৰ্ঘ্যই গীনিজ বুকত স্থান পাইছে৷

ইতিহাসৰ আটাইতকৈ ডাঙৰ নাকৰ অধিকাৰী হ’ল ৰিকাড থমাছ বেৰ্ডছ৷ ১৮ শতিকাৰ ৰিকাড থমাছ বেৰ্ডছৰ নাকৰ দৈৰ্ঘ্য আছিল ১৯ ছেণ্টিমিটাৰ৷ তেওঁৰ যিহেতু কেতিয়াবাই মৃত্যু ঘটিছে সেয়েহে এই তালিকাত নাম উঠিল তুৰ্কীৰ মেহমেত ঔজিয়ুৰেকৰ৷ এই নাক লাভ কৰি মেহমেতে নিজকে সৌভাগ্যশালী বুলি ভাবে কাৰণ এই নাকটোৰ বাবেই বিশ্বত তেওঁ পৰিচিতি লাভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ