--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি যেতিয়া দাঁতৰ বিষত ভুগে তেতিয়া নিশ্চয় ঘৰুৱা প্ৰতিকাৰ লয় আৰু দাঁতৰ বিষ সহ্য কৰিব নোৱাৰিলে কাষ চাপে দন্ত চিকিৎসকৰ৷ দাঁতৰ বিষত ৰ'ব নোৱাৰি এগৰাকী মহিলাই যি কাণ্ড কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব৷ লণ্ডনৰ ডেনিয়েল ৱাটছ নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাই দাঁতৰ সমস্যাত ভুগি নিজেই উভালি পেলালে ১১টাকৈ দাঁত৷ ডেনিয়েলে এনে কৰাৰ কাৰণ হ'ল দাঁতৰ চিকিৎসকৰ কাষ চাপিবলৈ তেওঁৰ টকা নাই৷

ডেনিয়েলে প্ৰথমে এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল। কিন্তু কোনো দন্ত চিকিৎসক নাছিল আৰু ব্যক্তিগত চিকিৎসকৰ ওচৰলৈ যাবলৈ টকা নাছিল৷ ব্যক্তিগত চিকিৎসালয়ৰ দন্ত চিকিৎসকে ফিজ বহুত বেছি লৈছিল। গতিকে তেওঁ নিজে এটা এটাকৈ ১১ টা দাঁত উভালি পেলাইছিল৷

ডেনিয়েলে এই সন্দৰ্ভত কয় যে, ‘‘বহুদিন ধৰি মই দাঁতৰ সমস্যাত ভুগি আছিলোঁ৷ কিছুমান দাঁত লৰি আছিল৷ বিষত ৰব নোৱাৰি মই প্ৰতিদিনে পেইন কিলাৰ খাব লাগে৷ মই হাঁহিবলৈকে পাহৰি গলোঁ…মোৰ আত্মবিশ্বাস হেৰাই গৈছে৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকক মই লগ নাপালো আৰু ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকক ফিজ দিবলৈ মোৰ হাতত টকা নাই, গতিকে মই নিজেই নিজৰ সমস্যাৰ সমাধান কৰিলোঁ৷’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ