--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ভাৰোত্তোলনত অতি কম ব্যৱধানত পদক হেৰুৱালে মীৰাবাই চানুৱে। ইয়াৰ মাজতে মীৰাবাইয়ে কিয় পদক হেৰুৱালে সেই কথা বৰ্ণনা কৰিছে৷

৭ আগষ্টত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত মীৰাবাই চানুৱে ভাৰোত্তোলনত পদক লাভ কৰিব বুলি ভাৰতৰ ১৪০ কোটি জনসাধাৰণে আশা কৰি আছিল কিন্তু তেওঁ বিফল হ’ল আৰু পদক লাভ কৰিবলৈ সক্ষম নহ’ল। মীৰাবাইয়ে ক্লীন এণ্ড জাৰ্কৰ শেষ প্ৰচেষ্টাত ১১৪ কিলোগ্ৰাম ওজন তুলিব নোৱাৰিলে আৰু এইদৰে পদক লাভৰ পৰা বঞ্চিত হয়

৮ আগষ্ট অৰ্থাৎ আজি মীৰাবাইৰ জন্মদিন, এনে পৰিস্থিতিত তেওঁ ইতিহাস ৰচাৰ সুযোগ পাইছিল। প্ৰতিযোগিতা শেষ হোৱাৰ পাছত মীৰাবাইয়ে কয় যে কালি তেওঁৰ মাহেকীয়াৰ তৃতীয় দিন আছিল, গতিকে তেওঁৰ বাবে প্ৰতিযোগিতাখন যথেষ্ট কষ্টকৰ আছিল। তেওঁ বহুত দুৰ্বল অনুভৱ কৰিছিল।

মীৰাবাই চানুৱে কয়- আজিৰ প্ৰদৰ্শনত মই বহুত সুখী। সকলোৱে জানে মই বহুত আঘাতৰ সন্মুখীন হৈ আহিছো। ৰিঅ'(২০১৬ অলিম্পিক)ত মোৰ লগত কি হৈছিল সেই কথা সকলোৱে জানে। তাত মই মোৰ পদকটো হাতৰ পৰা হেৰুৱাইছিলোঁ। প্ৰতিজন খেলুৱৈৰ লগত এনেকুৱাই হয়।

মীৰাবাইয়ে উল্লেখ কৰে যে, ‘তাৰ পিছত মই বিশ্ব চেম্পিয়ন হ’লোঁ৷ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰিছিলোঁ। এইবাৰো মই চেষ্টা কৰিছিলো, কিন্তু সকলোৱে জানে আঘাতৰ বাবে এছিয়ান গেমছত মোৰ অৱস্থা কেনে আছিল। ইয়াৰ পিছত মই ৪-৫ মাহৰ বাবে ৰিহাবলৈ গ’লোঁ। পেৰিছ অলিম্পিকত সময় আছিল অতি কম, মই আপ্ৰাণ চেষ্টা কৰিছিলো কিন্তু সফল হ’ব নোৱাৰিলো।

৪৯ কেজি ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰা মীৰাবাইয়ে স্নেচ ৰাউণ্ডত উৎকৃষ্ট প্ৰচেষ্টা চলাইছিল আৰু এই ৰাউণ্ডৰ পিছত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। এই ৰাউণ্ডত তেওঁ ৮৮ কেজিৰ সৰ্বোত্তম ওজন তুলিছিল। ইয়াৰ পিছত ক্লিন এণ্ড জাৰ্কত তেওঁৰ বিফলতাৰ সন্মুখীন হ’ল। মিৰাবাই চানুৱে স্নেচত ৮৮ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১১ কেজি ওজন তুলি মুঠ ১৯৯ কিলোগ্ৰাম ওজন তুলিলে। মাত্ৰ এক কিলোগ্ৰামৰ বাবেই তেওঁ পদক লাভৰ পৰা বঞ্চিত হয়।

স্বৰ্ণ পদকৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী চীনৰ বৰ্তমানৰ অলিম্পিক চেম্পিয়ন হৌ জিহুইয়ে ক্লিন এণ্ড জাৰ্কত অলিম্পিক অভিলেখ গঢ়ি প্ৰথম স্থান দখল কৰে। তেওঁ মুঠ ২০৬  (স্নেচ ৮৯, ক্লিন এণ্ড জাৰ্ক ১১৭) কিলোগ্ৰাম তুলিছিল। ৰোমানিয়াৰ ভেলেন্টিনা কেম্বেই ২০৬ (৯৩ আৰু ১১২) কিলোগ্ৰাম ওজনেৰে ৰূপৰ পদক আৰু থাইলেণ্ডৰ সুৰোডচানা খাম্বোৱে ২০০ (৮৮ আৰু ১১২) কিলোগ্ৰাম ওজনেৰে ব্ৰঞ্জৰ পদক লাভ কৰাত সফল হয়।

ক্লিন এণ্ড জাৰ্কৰ প্ৰথম প্ৰচেষ্টাত মীৰাবাইয়ে ১১১ কিলোগ্ৰাম ওজন তুলিবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। ইয়াৰ পিছত তেওঁ লগে লগে দ্বিতীয় প্ৰচেষ্টাত এই ১১১ কিলোগ্ৰাম ওজন তুলি লৈ পদক দখল কৰে। ইয়াৰ পিছত তেওঁ ক্লিন এণ্ড জাৰ্কৰ তৃতীয় আৰু শেষ প্ৰচেষ্টাত ১১৪ কিলোগ্ৰাম ওজন তুলিবলৈ বাছি লৈছিল। কিন্তু তেওঁ সফলতাৰে তুলিব নোৱাৰিলে আৰু চতুৰ্থ স্থান দখল কৰি পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement