--°C
Loading...
Listen to Article
2 min read
80%

পাকিস্তান, নেপাল, ম্যানমাৰতকৈও তলত স্থান লাভ ভাৰতৰ

ডিজিটেল ডেস্ক : সুখতনো থাকিব নিবিচাৰে কোনে? পিছে সুখী দেশৰ নাগৰিক হৈ থকা ইমান সহজ নহয়। চিৰ অস্থিৰ সময়ে কিন্তু বিশ্বক সুখী হৈ থাকিবলৈ দিয়া নাই। যুদ্ধ-বিগ্ৰহ, ৰোগ-ব্যাধি, মাৰি-মৰক, ক্ষুধা-দৰিদ্ৰতা আদিয়ে অসুখী কৰি ৰাখিছে বিভিন্ন দেশৰ জনগণক। কিন্তু এইবোৰৰ ভিতৰত আটাইতকৈ সুখী দেশনো কোনখন? কোনখন দেশৰ নাগৰিকে ইমান দুৰ্যোগ-দুৰ্ভাৱনাৰ মাজতো সুখী হৈ ৰ’ব পাৰিছে? এই প্ৰশ্নৰ উত্তৰ হৈছে ফিনলেণ্ড। ক্ৰমাগত পঞ্চমবাৰলৈ ফিনলেণ্ড বিশ্বৰ আটাইতকৈ সুখী দেশত পৰিণত হৈছে। আনহাতে বিশ্বৰ আটাইতকৈ দুখী দেশ হিচাপে চিহ্নিত হৈছে আফগানিস্তান। দেশখনত তালিবানৰ আগ্ৰাসন, ব্যাপক হিংসা, সন্ত্ৰাস, জীৱনৰ সংশয়, অৰ্থনৈতিক দুৰৱস্থা আদি বিষয়ে অৱধাৰিতভাৱে দেশৰ আটাইতকৈ দুখী দেশত পৰিণত কৰিছে আফগানিস্তানক। আফগানিস্তানৰ লগতে লেবাননেও সুখী দেশৰ তালিকাৰ নিম্নভাগত স্থান লাভ কৰিছে। অৰ্থাৎ সেই দেশৰ নাগৰিকসকলো বিশ্বৰ ভিতৰত অন্যতম দুখী লোক। মন কৰিবলগীয়া যে, এই তালিকাত ভাৰতৰ স্থানো অতি শোচনীয়। বিশ্বৰ ১৪৬খন দেশক সামৰি প্ৰস্তুত কৰা এই তালিকাত ভাৰতে লাভ কৰিছে ১৩৬সংখ্যক স্থান। ভাৰতৰ তুলনাত চুবুৰীয়া দেশ পাকিস্তান, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আদিৰ স্থান ঊৰ্ধ্বত। ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰোমানিয়াই এই তালিকাত আটাইতকৈ বৃহৎ উত্থান ঘটাবলৈ সক্ষম হৈছে। শুক্ৰবাৰে মুকলি কৰা এই তালিকাত আটাইতকৈ অধিক পতন হৈছে লেবানন, ভেনিজুৱেলা আৰু আফগানিস্তানৰ। অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হোৱা লেবানন জিম্বাবুৱেৰ ঠিক তলতে অৰ্থাৎ ১৪৬ সংখ্যক স্থানত আছে। বিশ্ব সুখী দেশৰ এই তালিকাই এতিয়া ইয়াৰ দশম বৰ্ষত ভৰি দিছে। এই তালিকা মানুহৰ নিজা সুখৰ অনুভৱৰ মূল্যায়ন তথা অৰ্থনৈতিক আৰু সামাজিক তথ্যৰ ওপৰত আধাৰিত। হেপীনেছ স্কেলৰ ০ ৰপৰা ১০লৈ অংকৰ হিচাপত গড়ে তিনি বছৰৰ সময়সীমাক সামৰি এই তালিকা প্ৰস্তুত কৰা হয়। ই তিনি বছৰৰ ম্যাদত গড় ডাটাৰ ওপৰত আধাৰিত কৰি শূন্যৰ পৰা 10 ৰ স্কেলত সুখৰ নম্বৰ আৱণ্টন কৰে। এই শেহতীয়া সংস্কৰণটো ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আগতে সম্পূৰ্ণ হৈছিল। উত্তৰ ইউৰোপীয় দেশসমূহে আকৌ এবাৰ শীৰ্ষ স্থানত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ডেনমাৰ্ক ফিনলেণ্ডৰ পিছতে অৰ্থাৎ দ্বিতীয় স্থানত আছে। তাৰ পাছতে আইচলেণ্ড, চুইজাৰলেণ্ড আৰু নেডাৰলেণ্ডছে স্থান লাভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই তিনিটা স্থান আগবাঢ়ি ষষ্ঠদশ স্থানত উপনীত হৈছে আৰু দেশখন ব্ৰিটেইনতকৈ এটা স্থান আগবাঢ়ি আছে, আনহাতে ফ্ৰান্সে লাভ কৰিছে ২০সংখ্যক স্থান। এই তালিকাৰ শীৰ্ষ দহত থকা আন দেশকেইখন হৈছে নৰ’ৱে, ছুইডেন, লুক্সেমবাৰ্গ, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। জাপানে ৫৫সংখ্যক, দক্ষিণ কোৰিয়াই ৬১সংখ্যক, চীনে ৮২সংখ্যক, নেপালে ৮৫সংখ্যক, পাকিস্তানে ১০৩সংখ্যক, ম্যানমাৰে ১২৩সংখ্যক, শ্ৰীলংকাই ১২৬সংখ্যক স্থান লাভ কৰা বিপৰীতে ভাৰত ১৩৬তে থমকি ৰৈছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক