--°C
Loading...
Listen to Article
2 min read
80%

পাকিস্তান, নেপাল, ম্যানমাৰতকৈও তলত স্থান লাভ ভাৰতৰ

ডিজিটেল ডেস্ক : সুখতনো থাকিব নিবিচাৰে কোনে? পিছে সুখী দেশৰ নাগৰিক হৈ থকা ইমান সহজ নহয়। চিৰ অস্থিৰ সময়ে কিন্তু বিশ্বক সুখী হৈ থাকিবলৈ দিয়া নাই। যুদ্ধ-বিগ্ৰহ, ৰোগ-ব্যাধি, মাৰি-মৰক, ক্ষুধা-দৰিদ্ৰতা আদিয়ে অসুখী কৰি ৰাখিছে বিভিন্ন দেশৰ জনগণক। কিন্তু এইবোৰৰ ভিতৰত আটাইতকৈ সুখী দেশনো কোনখন? কোনখন দেশৰ নাগৰিকে ইমান দুৰ্যোগ-দুৰ্ভাৱনাৰ মাজতো সুখী হৈ ৰ’ব পাৰিছে? এই প্ৰশ্নৰ উত্তৰ হৈছে ফিনলেণ্ড। ক্ৰমাগত পঞ্চমবাৰলৈ ফিনলেণ্ড বিশ্বৰ আটাইতকৈ সুখী দেশত পৰিণত হৈছে। আনহাতে বিশ্বৰ আটাইতকৈ দুখী দেশ হিচাপে চিহ্নিত হৈছে আফগানিস্তান। দেশখনত তালিবানৰ আগ্ৰাসন, ব্যাপক হিংসা, সন্ত্ৰাস, জীৱনৰ সংশয়, অৰ্থনৈতিক দুৰৱস্থা আদি বিষয়ে অৱধাৰিতভাৱে দেশৰ আটাইতকৈ দুখী দেশত পৰিণত কৰিছে আফগানিস্তানক। আফগানিস্তানৰ লগতে লেবাননেও সুখী দেশৰ তালিকাৰ নিম্নভাগত স্থান লাভ কৰিছে। অৰ্থাৎ সেই দেশৰ নাগৰিকসকলো বিশ্বৰ ভিতৰত অন্যতম দুখী লোক। মন কৰিবলগীয়া যে, এই তালিকাত ভাৰতৰ স্থানো অতি শোচনীয়। বিশ্বৰ ১৪৬খন দেশক সামৰি প্ৰস্তুত কৰা এই তালিকাত ভাৰতে লাভ কৰিছে ১৩৬সংখ্যক স্থান। ভাৰতৰ তুলনাত চুবুৰীয়া দেশ পাকিস্তান, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আদিৰ স্থান ঊৰ্ধ্বত। ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰোমানিয়াই এই তালিকাত আটাইতকৈ বৃহৎ উত্থান ঘটাবলৈ সক্ষম হৈছে। শুক্ৰবাৰে মুকলি কৰা এই তালিকাত আটাইতকৈ অধিক পতন হৈছে লেবানন, ভেনিজুৱেলা আৰু আফগানিস্তানৰ। অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হোৱা লেবানন জিম্বাবুৱেৰ ঠিক তলতে অৰ্থাৎ ১৪৬ সংখ্যক স্থানত আছে। বিশ্ব সুখী দেশৰ এই তালিকাই এতিয়া ইয়াৰ দশম বৰ্ষত ভৰি দিছে। এই তালিকা মানুহৰ নিজা সুখৰ অনুভৱৰ মূল্যায়ন তথা অৰ্থনৈতিক আৰু সামাজিক তথ্যৰ ওপৰত আধাৰিত। হেপীনেছ স্কেলৰ ০ ৰপৰা ১০লৈ অংকৰ হিচাপত গড়ে তিনি বছৰৰ সময়সীমাক সামৰি এই তালিকা প্ৰস্তুত কৰা হয়। ই তিনি বছৰৰ ম্যাদত গড় ডাটাৰ ওপৰত আধাৰিত কৰি শূন্যৰ পৰা 10 ৰ স্কেলত সুখৰ নম্বৰ আৱণ্টন কৰে। এই শেহতীয়া সংস্কৰণটো ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আগতে সম্পূৰ্ণ হৈছিল। উত্তৰ ইউৰোপীয় দেশসমূহে আকৌ এবাৰ শীৰ্ষ স্থানত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ডেনমাৰ্ক ফিনলেণ্ডৰ পিছতে অৰ্থাৎ দ্বিতীয় স্থানত আছে। তাৰ পাছতে আইচলেণ্ড, চুইজাৰলেণ্ড আৰু নেডাৰলেণ্ডছে স্থান লাভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই তিনিটা স্থান আগবাঢ়ি ষষ্ঠদশ স্থানত উপনীত হৈছে আৰু দেশখন ব্ৰিটেইনতকৈ এটা স্থান আগবাঢ়ি আছে, আনহাতে ফ্ৰান্সে লাভ কৰিছে ২০সংখ্যক স্থান। এই তালিকাৰ শীৰ্ষ দহত থকা আন দেশকেইখন হৈছে নৰ’ৱে, ছুইডেন, লুক্সেমবাৰ্গ, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। জাপানে ৫৫সংখ্যক, দক্ষিণ কোৰিয়াই ৬১সংখ্যক, চীনে ৮২সংখ্যক, নেপালে ৮৫সংখ্যক, পাকিস্তানে ১০৩সংখ্যক, ম্যানমাৰে ১২৩সংখ্যক, শ্ৰীলংকাই ১২৬সংখ্যক স্থান লাভ কৰা বিপৰীতে ভাৰত ১৩৬তে থমকি ৰৈছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক