--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শনিবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিদা ভাৰতত উপস্থিত হয়। ভাৰতত উপস্থিত হৈ তেওঁ চতুৰ্দশ ভাৰত-জাপান সন্মিলনত অংশগ্ৰহণ কৰিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। খবৰ অনুসৰি এই সময়ছোৱাত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ আৰু চীনৰ সৈতে সম্পৰ্কৰ বিষয়টো বিশেষভাৱে দুয়োগৰাকী নেতাৰ মাজত আলোচনা হ'ব। জানিব পৰা মতে, ইণ্ডো-পেচিফিকত চীনৰ বৰ্ধিত আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী কিশ্বিদা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই সম্পৰ্কে কয় যে শনিবাৰে হোৱা বৈঠকখনে আঞ্চলিক আৰু গোলকীয় বিষয়বোৰ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰু চীনৰ সৈতে সম্পৰ্কৰ ওপৰত বিশেষ আলোচনা হ'ব পাৰে বুলি আশা কৰা হৈছে। মন কৰিবলগীয়া যে, জাপানে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা ঘোষণা কৰিছে। একে সময়তে ভাৰতে এই সংঘাতত কাৰো পক্ষ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি ৰাষ্ট্ৰসংঘতো ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়া নাছিল। ভাৰতে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থিৰতা অনাৰ বাবে জাপানৰ সৈতে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। যোৱা বছৰ ছেপ্টেম্বৰত হোৱা কোৱাড বৈঠকত নেতাসকলে ঘোষণা কৰিছিল যে জাপানে ভাৰতৰ সৈতে চিকিৎসাৰ সৈতে জড়িত ক'ভিড-১৯ ভেকছিন আৰু ঔষধৰ ক্ষেত্ৰত ১০০ নিযুত ডলাৰ বিনিয়োগৰ ওপৰত কাম কৰিব। তথ্য অনুসৰি ২০১৯-২০ বৰ্ষৰ বাবে ভাৰত আৰু জাপানৰ মাজত দ্বিপাক্ষিক বাণিজ্যই ১১.৮৭ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰতে মুখ্যতঃ জাপানলৈ পেট্ৰ'লিয়াম সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, মাছ, কাপোৰ, লো আৰু তীখাৰ সামগ্ৰী, বস্ত্ৰ সূতা, কাপোৰ আৰু যন্ত্ৰপাতি ৰপ্তানি কৰে। একে সময়তে, আমদানিৰ ভিতৰত আছে বৈদ্যুতিক যন্ত্ৰপাতি, লো আৰু তীখাৰ সামগ্ৰী, প্লাষ্টিক, বাহনৰ অংশ, জৈৱিক ৰাসায়নিক পদাৰ্থ আৰু ধাতু। ২০০০ আৰু ২০১৯ চনত ভাৰতত জাপানী বিনিয়োগ ৩২ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক বিনিয়োগ হৈছে অটোম’বাইল, বৈদ্যুতিক সঁজুলি, দূৰসংযোগ, ৰাসায়নিক, বীমা আৰু ফাৰ্মা খণ্ড। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক