--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটৰ নতুন নায়ক ট্টেভিছ হেড। বিশ্বকাপৰ ফাইনেলত দূৰ্দান্ত শতক কৰি এতিয়া ক্ৰিকেট অনুৰাগীৰ সকলৰ মধ্যমণি হৈ পৰিছে হেড। ভাৰতৰ বলিঙে আক্ৰমণাত্মক ৰূপ ল’বলৈ লওঁতেই তেওঁ ক্ৰিজত স্থিতি লয় আৰু নিৰ্ণায়ক ১৩৭ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বেও হেডে আইচিচিকে ধৰি বৃহৎ প্ৰতিযোগিতাসমূহত দূৰ্দান্ত খেল প্ৰদৰ্শন কৰি আহিছে। অষ্ট্ৰেলিয়াৰ এছেজ অভিষেক কৰিছিল অপেনাৰগৰাকীয়ে। অভিষেক মেচতে তেওঁ ১৪৮ বলত ১৫২ ৰাণৰ ইনিংছ খেলে। মেন অৱ দ্যা মেচ হয়।

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ লৰ্ডছত হোৱা বিশ্ব চেম্পিয়নশ্বিপ ফাইনেলতো ১৩৭ বলত ১৬৩ ৰাণৰ দূৰ্দান্ত ইনিংছ খেলে হেডে। মেন অৱ দ্যা মেচ হয়।

এইবাৰৰ বিশ্বকাপ তেওঁৰ প্ৰথমখন বিশ্বকাপ। ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ অভিষেক ঘটায়। অভিষেক মেচতে ৬৭ বলত ১০৯ ৰাণৰ ইনিংছ খেলে। মেন অৱ দ্যা মেচ হয়।

বিশ্বকাপৰ পূৰ্বে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো অষ্ট্ৰেলিয়াই তেওঁক দলত ৰাখিছিল। তেওঁ বিশ্বকাপৰ প্ৰথম ৫ খন খেল খেলিব পৰা নাছিল। ১৫ অক্টোবৰত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে নেটত বেটিং কৰিছিল, যেতিয়া দলটোৱে বিশ্বকাপৰ তৃতীয়খন মেচ খেলিবলৈ সাজু হৈছিল। বিশ্বকাপ আৰম্ভ হোৱাৰ দুসপ্তাহৰ পিছত ভাৰতত যোগদান কৰে তেওঁ দলটোত।

বিশ্বকাপৰ চেমি ফাইনেলতো দক্ষিণ আফ্ৰিকা পৰাজীত হোৱাৰ মূলতে আছিল ট্ৰেভিছ হেডে। ২টাকৈ উইকেট লয় আৰু ৪৮ বলত ৬২ ৰাণ সংগ্ৰহ কৰে। মেন অৱ দ্যা মেচ হয়।

ফাইনেলৰ দিনা অষ্ট্ৰেলিয়াৰ বিজয়ৰ মূলতে এই ট্ৰেভিছ হেড। ভাৰতৰ বিৰুদ্ধে মেচখনত তেওঁ ৰোহিত শৰ্মাৰ এটা দূৰ্দান্ত কেচ ধৰি আউট কৰে। ১২০টা বলত ১৩৭ ৰাণৰ ইনিছ খেলে। মেন অৱ দ্যা মেচ হয়।

উল্লেখ্য যে ২০১৬ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে  হেডে। ৪২খন টেষ্টত তেওঁৰ গড় ৰাণ হৈছে ৪৫.৩৭। সৰ্বোচ্চ স্ক’ৰ ১৭৫। আনহাতে ৬৪খন এদিনীয়া মেচত তেওঁৰ গড় ৰাণ ৪২.৭৪। সৰ্বোচ্চ স্ক’ৰ ১৫২।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement