--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটৰ নতুন নায়ক ট্টেভিছ হেড। বিশ্বকাপৰ ফাইনেলত দূৰ্দান্ত শতক কৰি এতিয়া ক্ৰিকেট অনুৰাগীৰ সকলৰ মধ্যমণি হৈ পৰিছে হেড। ভাৰতৰ বলিঙে আক্ৰমণাত্মক ৰূপ ল’বলৈ লওঁতেই তেওঁ ক্ৰিজত স্থিতি লয় আৰু নিৰ্ণায়ক ১৩৭ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বেও হেডে আইচিচিকে ধৰি বৃহৎ প্ৰতিযোগিতাসমূহত দূৰ্দান্ত খেল প্ৰদৰ্শন কৰি আহিছে। অষ্ট্ৰেলিয়াৰ এছেজ অভিষেক কৰিছিল অপেনাৰগৰাকীয়ে। অভিষেক মেচতে তেওঁ ১৪৮ বলত ১৫২ ৰাণৰ ইনিংছ খেলে। মেন অৱ দ্যা মেচ হয়।

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ লৰ্ডছত হোৱা বিশ্ব চেম্পিয়নশ্বিপ ফাইনেলতো ১৩৭ বলত ১৬৩ ৰাণৰ দূৰ্দান্ত ইনিংছ খেলে হেডে। মেন অৱ দ্যা মেচ হয়।

এইবাৰৰ বিশ্বকাপ তেওঁৰ প্ৰথমখন বিশ্বকাপ। ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ অভিষেক ঘটায়। অভিষেক মেচতে ৬৭ বলত ১০৯ ৰাণৰ ইনিংছ খেলে। মেন অৱ দ্যা মেচ হয়।

বিশ্বকাপৰ পূৰ্বে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো অষ্ট্ৰেলিয়াই তেওঁক দলত ৰাখিছিল। তেওঁ বিশ্বকাপৰ প্ৰথম ৫ খন খেল খেলিব পৰা নাছিল। ১৫ অক্টোবৰত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে নেটত বেটিং কৰিছিল, যেতিয়া দলটোৱে বিশ্বকাপৰ তৃতীয়খন মেচ খেলিবলৈ সাজু হৈছিল। বিশ্বকাপ আৰম্ভ হোৱাৰ দুসপ্তাহৰ পিছত ভাৰতত যোগদান কৰে তেওঁ দলটোত।

বিশ্বকাপৰ চেমি ফাইনেলতো দক্ষিণ আফ্ৰিকা পৰাজীত হোৱাৰ মূলতে আছিল ট্ৰেভিছ হেডে। ২টাকৈ উইকেট লয় আৰু ৪৮ বলত ৬২ ৰাণ সংগ্ৰহ কৰে। মেন অৱ দ্যা মেচ হয়।

ফাইনেলৰ দিনা অষ্ট্ৰেলিয়াৰ বিজয়ৰ মূলতে এই ট্ৰেভিছ হেড। ভাৰতৰ বিৰুদ্ধে মেচখনত তেওঁ ৰোহিত শৰ্মাৰ এটা দূৰ্দান্ত কেচ ধৰি আউট কৰে। ১২০টা বলত ১৩৭ ৰাণৰ ইনিছ খেলে। মেন অৱ দ্যা মেচ হয়।

উল্লেখ্য যে ২০১৬ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে  হেডে। ৪২খন টেষ্টত তেওঁৰ গড় ৰাণ হৈছে ৪৫.৩৭। সৰ্বোচ্চ স্ক’ৰ ১৭৫। আনহাতে ৬৪খন এদিনীয়া মেচত তেওঁৰ গড় ৰাণ ৪২.৭৪। সৰ্বোচ্চ স্ক’ৰ ১৫২।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক