--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ছিৰিজত তেওঁ দলৰ বাহিৰত থাকিব লগা হৈছিল। আই পি এল আৰু দেশৰ হৈ ভাল খেলাৰ পিছতো যুজবেন্দ্ৰ চাহাল বাহিৰ হৈয়েই আছে। প্ৰথমতে খং আৰু দুখ প্ৰকাশ কৰিছিল। কিন্তু এতিয়া হয়তো তেওঁৰ বাবে সকলো শেষ হৈ গৈছে। সেইবাবেই ভাৰতৰ টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত স্থান নোপোৱাত কোনো আক্ষেপ নাই।

সোমবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ ছিৰিজৰ দল ঘোষণা কৰা হয়। চাহালৰ ঠাই নাছিল। ইয়াৰ পিছত চাহালে এক্স হেণ্ডেলত মাত্ৰ এটা স্মাইলী ইমোজি দিলে। তাৰ বাহিৰে আৰু একো কোৱা নাছিল। তেওঁ হয়তো বুজাইছিল যে এই সকলোবোৰে তেওঁক আৰু ইমান আমনি নকৰে। সেয়ে হাঁহি হাঁহি সকলো মানি ল’লে।

সঞ্জু চেমছনেও ভাৰতৰ টি-২০ দলত স্থান নাপালে। চাহালে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। সঞ্জু সেই দলৰ অধিনায়ক। তেওঁক লোৱাৰ সলনি জিতেশ শৰ্মাক উইকেটৰ ৰক্ষক হিচাপে লোৱা হৈছে। কিন্তু সঞ্জুৱে দলত সুযোগ নোপোৱাৰ বাবে কোনো মন্তব্য নকৰিলে।

ভাৰত-অষ্ট্ৰেলিয়া টি-২০ শৃংখলাৰ খেলখন বিশাখাপট্টনম (২৩ নৱেম্বৰ), তিৰুৱনন্তপুৰম (২৬ নৱেম্বৰ), গুৱাহাটী (২৮ নৱেম্বৰ), ৰায়পুৰ (১ ডিচেম্বৰ) আৰু বেংগালুৰু (৩ ডিচেম্বৰ)ত অনুষ্ঠিত হ’ব।

সম্পূৰ্ণ দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (উপ অধিনায়ক), শ্ৰেয়াছ আয়েৰ (প্ৰথম দুখন মেচৰ বাবে) ঈশান কিষাণ, যশৱী জয়ছোৱাল, তিলক ভাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল , শিৱম ডুবে, ৰবি বিষ্ণয়, আৰাশদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আবেশ খান আৰু মুকেশ কুমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক