--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ছিৰিজত তেওঁ দলৰ বাহিৰত থাকিব লগা হৈছিল। আই পি এল আৰু দেশৰ হৈ ভাল খেলাৰ পিছতো যুজবেন্দ্ৰ চাহাল বাহিৰ হৈয়েই আছে। প্ৰথমতে খং আৰু দুখ প্ৰকাশ কৰিছিল। কিন্তু এতিয়া হয়তো তেওঁৰ বাবে সকলো শেষ হৈ গৈছে। সেইবাবেই ভাৰতৰ টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত স্থান নোপোৱাত কোনো আক্ষেপ নাই।

সোমবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ ছিৰিজৰ দল ঘোষণা কৰা হয়। চাহালৰ ঠাই নাছিল। ইয়াৰ পিছত চাহালে এক্স হেণ্ডেলত মাত্ৰ এটা স্মাইলী ইমোজি দিলে। তাৰ বাহিৰে আৰু একো কোৱা নাছিল। তেওঁ হয়তো বুজাইছিল যে এই সকলোবোৰে তেওঁক আৰু ইমান আমনি নকৰে। সেয়ে হাঁহি হাঁহি সকলো মানি ল’লে।

সঞ্জু চেমছনেও ভাৰতৰ টি-২০ দলত স্থান নাপালে। চাহালে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। সঞ্জু সেই দলৰ অধিনায়ক। তেওঁক লোৱাৰ সলনি জিতেশ শৰ্মাক উইকেটৰ ৰক্ষক হিচাপে লোৱা হৈছে। কিন্তু সঞ্জুৱে দলত সুযোগ নোপোৱাৰ বাবে কোনো মন্তব্য নকৰিলে।

ভাৰত-অষ্ট্ৰেলিয়া টি-২০ শৃংখলাৰ খেলখন বিশাখাপট্টনম (২৩ নৱেম্বৰ), তিৰুৱনন্তপুৰম (২৬ নৱেম্বৰ), গুৱাহাটী (২৮ নৱেম্বৰ), ৰায়পুৰ (১ ডিচেম্বৰ) আৰু বেংগালুৰু (৩ ডিচেম্বৰ)ত অনুষ্ঠিত হ’ব।

সম্পূৰ্ণ দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (উপ অধিনায়ক), শ্ৰেয়াছ আয়েৰ (প্ৰথম দুখন মেচৰ বাবে) ঈশান কিষাণ, যশৱী জয়ছোৱাল, তিলক ভাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল , শিৱম ডুবে, ৰবি বিষ্ণয়, আৰাশদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আবেশ খান আৰু মুকেশ কুমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক