--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ক্ষুধা সূচাংক ২০২৪ (জি এইচ আই)ৰ তালিকাত ১২৭খন দেশৰ ভিতৰত ১০৫ নম্বৰ স্থানত আছে ভাৰত। যোৱা বছৰ ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থানত, আৰু ২০২২ চনত ১২১খন দেশৰ ভিতৰত ১০৭ নম্বৰ স্থানত আছিল অৰ্থাৎ এই বছৰ পৰিস্থিতি মধ্যমীয়া ভাল। কিন্তু ক্ষুধা সূচাংক এতিয়াও ২৭.৩, যিটো গুৰুতৰ হৈয়ে আছে।


আনহাতে নেপাল ৬৮ নম্বৰত, শ্ৰীলংকা ৫৬ নম্বৰত আৰু বাংলাদেশ ৮৪ নম্বৰত। অৰ্থাৎ এই দেশবোৰৰ অৱস্থা ভাৰততকৈ উন্নত। পাকিস্তানৰ স্থান ১০৯। প্ৰথম স্থানত আছে চীন, ইউএই, কুৱেইটকে ধৰি ২২খন দেশ। 

বিশ্ব ক্ষুধা সূচাংক ২০২৩ৰ তালিকাত বিশ্বৰ ১২৫খন দেশৰ ভিতৰত ভাৰতে ১১১ নম্বৰ স্থান লাভ কৰিছিল। এই তালিকাত পাকিস্তানৰ স্থান ১০২, বাংলাদেশৰ ৮১, নেপালৰ ৬৯ আৰু শ্ৰীলংকাৰ ৬০। সেই সময়তে ভাৰতৰ ক্ষুধাৰ পৰিস্থিতিক ভয়াৱহ বুলি অভিহিত কৰা হয়।


বিশ্ব ক্ষুধা সূচাংক

ভোক, পুষ্টিহীনতা, স্বাস্থ্য, শিশুৰ মৃত্যুৰ হাৰ ইত্যাদিৰ ভিত্তিত বিশ্বৰ দেশসমূহক স্থান দিয়া হয়। কিন্তু ভাৰত চৰকাৰে দেশৰ ভাবমূর্তি কলংকিত কৰাৰ প্রচেষ্টা বুলি মন্তব্য দি যোৱা বছৰ মানি ল’বলৈ অস্বীকাৰ কৰে৷ ইউৰোপীয় এন জি অ’ই সকলো দেশকে জি এইচ আই স্ক’ৰ দিয়ে যাৰ নাম কনচাৰ্ণ ৱৰ্ল্ডৱাইড আৰু ৱৰ্ল্ড হাংগাৰ হেল্প। কেৱল এই নম্বৰৰ ভিত্তিতহে তেওঁলোকৰ স্থান প্ৰস্তুত কৰা হয়। ক্ষুধা সূচকাংকত ভাৰতৰ স্ক’ৰ ১০০ৰ ভিতৰত ২৭.৩। ০ নম্বৰ লাভ কৰিলে শ্ৰেষ্ঠ আৰু ১০০ নম্বৰক আটাইতকৈ বেয়া বুলি গণ্য কৰা হয়।


বিশ্ব ক্ষুধা সূচাংকৰ ভিত্তিত পাঁচটা শিতান 

৫০ বা তাতকৈ অধিক নম্বৰ পোৱা দেশসমূহক অত্যন্ত চিন্তনীয় হিচাপে শ্ৰেণীভুক্ত কৰা হয়। ৩৫ৰ পৰা ৪৯.৯ নম্বৰ পোৱা দেশক চিন্তনীয়, ২০ৰ পৰা ৩৪.৯ গুৰুতৰ, ১০ৰ পৰা ১৯.৯ নম্বৰ স্বাভাৱিক আৰু ৯.৯ বা তাতকৈ কম নম্বৰ পোৱা দেশক ভাল বুলি গণ্য কৰা হয়। যিহেতু ভাৰতৰ স্ক’ৰ ২৭.৩, সেয়েহে ইয়াক গুৰুতৰ শ্ৰেণীত ৰখা হৈছে।

যোৱা বছৰ ভাৰতৰ জি এইচ আই স্ক’ৰ আছিল ২৮.৭। এই স্ক’ৰ চাৰিটা স্কেলত প্ৰস্তুত কৰা হয় – অপুষ্টি, শিশু মৃত্যুৰ হাৰ, শিশু অপচয় আৰু শিশুৰ ষ্টানিং। এই সূচকাংক অনুসৰি ভাৰতৰ ১৩.৭% জনসংখ্যা অপুষ্টিকৰ। ৫ বছৰৰ তলৰ ২.৯ শতাংশ শিশুৱে প্ৰাণ হেৰুৱাইছে। পাঁচ বছৰৰ তলৰ শিশুৰ ১৮.৭% কম ওজন আৰু পাঁচ বছৰৰ তলৰ ৩৫.৫% শিশুৰ বয়সতকৈ উচ্চতা কম। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু