--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰমেশ নগৰ অঞ্চলত ড্ৰাগছৰ বৃহৎ চালান জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই অভিযানত এটা গুদামৰ পৰা ২০০ কেজি কোকেইন উদ্ধাৰ কৰিছে। আশ্চৰ্যকৰ যে দুষ্ট চক্ৰটোৱে নিমখীয়া খোৱাবস্তুৰ ছীল পেকেটত লুকুৱাই ৰাখিছিল প্ৰায় দুই হাজাৰ কোটি টকাৰ ড্ৰাগছ। আৰক্ষীৰ বিশেষ শাখাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰ্বৰাহকাৰী গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই গোচৰত এই পৰ্যন্ত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে গেংটোৰ মাষ্টাৰমাইণ্ড জন লণ্ডনলৈ পলায়ন কৰা বুলি সদৰি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে ৰমেশ নগৰৰ গুদামলৈ ক’কেইন কঢ়িয়াই অনা গাড়ীখনৰ জিপিএছ অনুসৰণ কৰি, কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে এই গোচৰটো পূৰ্বে ৫৬০০ কোটি টকাৰ কোকেইন জব্দ কৰা গোচৰ সৈতে জড়িত। এই অভিযানৰ পাছত বৰ্তমানলৈকে দিল্লী আৰক্ষীয়ে ৭ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ এই ড্ৰাগছ ছিণ্ডিকেটৰ আন্তঃৰাষ্ট্ৰীয় সংযোগোৰ বিষয়ে পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত  এই কোকেইন যোগানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ডুবাইৰ এজন বৃহৎ ব্যৱসায়ীৰ নাম পোহৰলৈ আহিছে। এই ছিণ্ডিকেটটোৱে দিল্লী আৰু অন্যান্য মেট্ৰ’ চহৰত ৰেভ পাৰ্টি আৰু কনচাৰ্টত ড্ৰাগছৰ যোগান ধৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছিল।

ইয়াৰ পূৰ্বে ২ অক্টোবৰত দক্ষিণ দিল্লীৰ মহিপালপুৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ৫৬০ কেজিতকৈ অধিক কোকেইন আৰু ৪০ কিলোগ্ৰাম হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মুঠ মূল্য আছিল ৫৬০০ কোটি টকা।এই গোচৰত মুম্বাইৰ চাৰিজন অভিযুক্ত তুষাৰ গোৱাল, হিমাংশু কুমাৰ, ঔৰংজেব ছিদ্দিকী, আৰু ভাৰত কুমাৰ জৈনক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু