--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰমেশ নগৰ অঞ্চলত ড্ৰাগছৰ বৃহৎ চালান জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই অভিযানত এটা গুদামৰ পৰা ২০০ কেজি কোকেইন উদ্ধাৰ কৰিছে। আশ্চৰ্যকৰ যে দুষ্ট চক্ৰটোৱে নিমখীয়া খোৱাবস্তুৰ ছীল পেকেটত লুকুৱাই ৰাখিছিল প্ৰায় দুই হাজাৰ কোটি টকাৰ ড্ৰাগছ। আৰক্ষীৰ বিশেষ শাখাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰ্বৰাহকাৰী গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই গোচৰত এই পৰ্যন্ত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে গেংটোৰ মাষ্টাৰমাইণ্ড জন লণ্ডনলৈ পলায়ন কৰা বুলি সদৰি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে ৰমেশ নগৰৰ গুদামলৈ ক’কেইন কঢ়িয়াই অনা গাড়ীখনৰ জিপিএছ অনুসৰণ কৰি, কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে এই গোচৰটো পূৰ্বে ৫৬০০ কোটি টকাৰ কোকেইন জব্দ কৰা গোচৰ সৈতে জড়িত। এই অভিযানৰ পাছত বৰ্তমানলৈকে দিল্লী আৰক্ষীয়ে ৭ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ এই ড্ৰাগছ ছিণ্ডিকেটৰ আন্তঃৰাষ্ট্ৰীয় সংযোগোৰ বিষয়ে পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত  এই কোকেইন যোগানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ডুবাইৰ এজন বৃহৎ ব্যৱসায়ীৰ নাম পোহৰলৈ আহিছে। এই ছিণ্ডিকেটটোৱে দিল্লী আৰু অন্যান্য মেট্ৰ’ চহৰত ৰেভ পাৰ্টি আৰু কনচাৰ্টত ড্ৰাগছৰ যোগান ধৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছিল।

ইয়াৰ পূৰ্বে ২ অক্টোবৰত দক্ষিণ দিল্লীৰ মহিপালপুৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ৫৬০ কেজিতকৈ অধিক কোকেইন আৰু ৪০ কিলোগ্ৰাম হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মুঠ মূল্য আছিল ৫৬০০ কোটি টকা।এই গোচৰত মুম্বাইৰ চাৰিজন অভিযুক্ত তুষাৰ গোৱাল, হিমাংশু কুমাৰ, ঔৰংজেব ছিদ্দিকী, আৰু ভাৰত কুমাৰ জৈনক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু