--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ পেটৰ পৰা জীয়া পঁইতাচোৰা উলিয়াই দিয়াটো আচৰিত যেন লাগিব পাৰে আপোনাৰ, কিন্তু দিল্লীত এনে এটা গোচৰ পোহৰলৈ আহিছে, য’ত চিকিৎসকে এজন যুৱকৰ পেটৰ পৰা এটা জীয়া পঁইতাচোৰা উলিয়াই আনে। দিল্লীৰ বসন্ত কুটৰ ফৰ্টিছ হাস্পতালত ২৩ বছৰীয়া এজন যুৱকৰ পেটৰ পৰা উলিয়াই আনিছে পঁইতাচোৰা। যুৱকজনৰ পেটৰ পৰা পঁইতাচোৰাটো উলিয়াই অনা বুলি শুনি সকলোৱে আচৰিত হৈ পৰে ৷


আচলতে কিছুদিন ধৰি যুৱকজনৰ পেটৰ বিষ হৈ আছিল আৰু খোৱাৰ পিছত যিকোনো বস্তু হজম কৰাত অসুবিধা হৈছিল। যুৱকজনে অনুভৱ কৰিলে যে পেটৰ এচিডিটি বা কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে, গতিকে তেওঁ গেষ্ট্ৰ’ বিভাগৰ চিকিৎসকৰ ওচৰলৈ গ’ল। ডাক্তৰে যেতিয়া যুৱকজনক পৰীক্ষা কৰিলে, তেওঁ আচৰিত হ’ল। যুৱকজনৰ পেটত দেখা গ’ল এটা জীৱন্ত পঁইতাচোৰা। যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰত আবদ্ধ হৈ পৰিল পঁইতাচোৰাটো। আশ্চৰ্যজনক বিষয় যে ইমান দিনৰ পাছতো পঁইতাচোৰাটো জীয়াই আছিল। এণ্ড’স্কপিৰ সহায়ত যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰৰ পৰা পঁইতাচোৰাটো জীৱিত অৱস্থাত উলিয়াই আনে।


যুৱকজনৰ পেটত পঁইতাচোৰা দেখা পাই চিকিৎসকে আচৰিত হোৱাৰ লগতে যুৱকজনো অতিশয় চিন্তিত হৈ পৰিল। এনে পৰিস্থিতিত প্ৰত্যাহ্বান আছিল কেনেকৈ পঁইতাচোৰাটো উলিয়াই আনিব? এণ্ড’স্কপিৰ সহায়ত চিকিৎসকে দহ মিনিটতে যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰৰ পৰা জীয়া পঁইতাচোৰাটো উলিয়াই আনিলে। উলিয়াই অনাৰ পিছতো পঁইতাচোৰাটো সম্পূৰ্ণৰূপে জীয়াই আছিল।


ডাক্তৰ শুভমৰ মতে, ক্ষুদ্ৰান্ত্ৰত আবদ্ধ হৈ থকা পঁইতাচোৰাটো যদি আৰু কিছু সময় তাতেই থাকিলহেঁতেন, তেন্তে যুৱকজনৰ মৃত্যু হ’লহেঁতেন , এনে পৰিস্থিতিত যিকোনো প্ৰকাৰে ইয়াক উলিয়াই অনাটো অতি প্ৰয়োজনীয় আছিল। সেয়েহে কোনো পলম নকৰাকৈয়ে এণ্ড’স্কপিৰ সহায়ত পঁইতাচোৰাটো উলিয়াই আনিলে।

পঁইতাচোৰাটোৱে কেনেকৈ তেওঁৰ ক্ষুদ্ৰান্ত্ৰত উপনীত হ’ল, সেই কথা জানিব পৰা নাছিল যুৱকজনে। শুই থকা অৱস্থাত যুৱকজনৰ মুখৰ মাজেৰে ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰা বুলি চিকিৎসকে অনুমান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু