--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ পেটৰ পৰা জীয়া পঁইতাচোৰা উলিয়াই দিয়াটো আচৰিত যেন লাগিব পাৰে আপোনাৰ, কিন্তু দিল্লীত এনে এটা গোচৰ পোহৰলৈ আহিছে, য’ত চিকিৎসকে এজন যুৱকৰ পেটৰ পৰা এটা জীয়া পঁইতাচোৰা উলিয়াই আনে। দিল্লীৰ বসন্ত কুটৰ ফৰ্টিছ হাস্পতালত ২৩ বছৰীয়া এজন যুৱকৰ পেটৰ পৰা উলিয়াই আনিছে পঁইতাচোৰা। যুৱকজনৰ পেটৰ পৰা পঁইতাচোৰাটো উলিয়াই অনা বুলি শুনি সকলোৱে আচৰিত হৈ পৰে ৷


আচলতে কিছুদিন ধৰি যুৱকজনৰ পেটৰ বিষ হৈ আছিল আৰু খোৱাৰ পিছত যিকোনো বস্তু হজম কৰাত অসুবিধা হৈছিল। যুৱকজনে অনুভৱ কৰিলে যে পেটৰ এচিডিটি বা কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে, গতিকে তেওঁ গেষ্ট্ৰ’ বিভাগৰ চিকিৎসকৰ ওচৰলৈ গ’ল। ডাক্তৰে যেতিয়া যুৱকজনক পৰীক্ষা কৰিলে, তেওঁ আচৰিত হ’ল। যুৱকজনৰ পেটত দেখা গ’ল এটা জীৱন্ত পঁইতাচোৰা। যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰত আবদ্ধ হৈ পৰিল পঁইতাচোৰাটো। আশ্চৰ্যজনক বিষয় যে ইমান দিনৰ পাছতো পঁইতাচোৰাটো জীয়াই আছিল। এণ্ড’স্কপিৰ সহায়ত যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰৰ পৰা পঁইতাচোৰাটো জীৱিত অৱস্থাত উলিয়াই আনে।


যুৱকজনৰ পেটত পঁইতাচোৰা দেখা পাই চিকিৎসকে আচৰিত হোৱাৰ লগতে যুৱকজনো অতিশয় চিন্তিত হৈ পৰিল। এনে পৰিস্থিতিত প্ৰত্যাহ্বান আছিল কেনেকৈ পঁইতাচোৰাটো উলিয়াই আনিব? এণ্ড’স্কপিৰ সহায়ত চিকিৎসকে দহ মিনিটতে যুৱকজনৰ ক্ষুদ্ৰান্ত্ৰৰ পৰা জীয়া পঁইতাচোৰাটো উলিয়াই আনিলে। উলিয়াই অনাৰ পিছতো পঁইতাচোৰাটো সম্পূৰ্ণৰূপে জীয়াই আছিল।


ডাক্তৰ শুভমৰ মতে, ক্ষুদ্ৰান্ত্ৰত আবদ্ধ হৈ থকা পঁইতাচোৰাটো যদি আৰু কিছু সময় তাতেই থাকিলহেঁতেন, তেন্তে যুৱকজনৰ মৃত্যু হ’লহেঁতেন , এনে পৰিস্থিতিত যিকোনো প্ৰকাৰে ইয়াক উলিয়াই অনাটো অতি প্ৰয়োজনীয় আছিল। সেয়েহে কোনো পলম নকৰাকৈয়ে এণ্ড’স্কপিৰ সহায়ত পঁইতাচোৰাটো উলিয়াই আনিলে।

পঁইতাচোৰাটোৱে কেনেকৈ তেওঁৰ ক্ষুদ্ৰান্ত্ৰত উপনীত হ’ল, সেই কথা জানিব পৰা নাছিল যুৱকজনে। শুই থকা অৱস্থাত যুৱকজনৰ মুখৰ মাজেৰে ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰা বুলি চিকিৎসকে অনুমান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু