--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৰুভূমিত আধুনিকতাৰ বীজ সিচি গঢ়ি উঠিছে অত্যাধুনিক দেশ ডুবাই। নিতৌ নতুন চমকেৰে পৃথিৱীৰ বক্ষত আলোকিত হৈ আছে ডুবাই। আকাশ চুইছে ডুবাইৰ সু-উচ্চ অট্টালিকাবোৰে। পুনৰবাৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষিত কৰিছে মৰুৰ দেশখনে। বিশ্বৰ প্ৰথমখন কাগজমুক্ত চৰকাৰৰূপে স্বীকৃতি লাভ কৰিছে ডুবাই চৰকাৰে। আধুনিকতাৰ পৃথিৱীত আৰু এখোজ আগুৱাই গৈ সম্পূৰ্ণ ডিজিটেলাইজড কৰা হৈছে ডুবাই চৰকাৰ।

ৰাজকুমাৰ শ্বেইখ হামডান বিন মহম্মদ বিন ৰাশ্বিদ অল মকতুমে ডুবাই চৰকাৰক ১০০ শতাংশ কাগজমুক্ত হিচাপে ঘোষণা কৰে। তেওঁ কয় যে, ইয়াৰদ্বাৰা দেশখনৰ ৩৫ কোটি মাৰ্কিন ডলাৰ আৰু ১.৪ কোটি শ্ৰম ঘণ্টা ৰাহি হ’ব। শ্বেইখে লগতে কয় যে, আভ্যন্তৰীণ আৰু বাহ্যিক লেন-দেন তথা ডুবাই চৰকাৰৰ সকলো প্ৰক্ৰিয়া এতিয়াৰেপৰা ১০০ শতাংশ ডিজিটেল মাধ্যমত সম্পাদিত হ’ব। ডুবাই চৰকাৰৰ এই পদক্ষেপে দেশখনৰ নাগৰিকসকলক স্মাৰ্ট চিটীৰ অন্য এক উপলব্ধি কৰাব।

কাগজমুক্ত চৰকাৰৰূপে গঢ় লোৱা ডুবাই চৰকাৰ বিশ্বৰ সকলো দেশৰ বাবে এক আদৰ্শ। ডুবাই চৰকাৰ কাগজমুক্ত হোৱাৰ ফলত কাগজ তৈয়াৰ কৰিবলৈ ব্যৱহৃত প্ৰাকৃতিক সম্পদ অক্ষয় হৈ থাকিব। লগতে প্ৰদূষণৰ মাত্ৰাও বহু পৰিমানে লাঘৱ হ’ব। সময়ৰ ৰাহি কাগজমুক্ত চৰকাৰখনৰ বাবে এক অন্যতম যোগাত্মক দিশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু