--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৰুভূমিত আধুনিকতাৰ বীজ সিচি গঢ়ি উঠিছে অত্যাধুনিক দেশ ডুবাই। নিতৌ নতুন চমকেৰে পৃথিৱীৰ বক্ষত আলোকিত হৈ আছে ডুবাই। আকাশ চুইছে ডুবাইৰ সু-উচ্চ অট্টালিকাবোৰে। পুনৰবাৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষিত কৰিছে মৰুৰ দেশখনে। বিশ্বৰ প্ৰথমখন কাগজমুক্ত চৰকাৰৰূপে স্বীকৃতি লাভ কৰিছে ডুবাই চৰকাৰে। আধুনিকতাৰ পৃথিৱীত আৰু এখোজ আগুৱাই গৈ সম্পূৰ্ণ ডিজিটেলাইজড কৰা হৈছে ডুবাই চৰকাৰ।

ৰাজকুমাৰ শ্বেইখ হামডান বিন মহম্মদ বিন ৰাশ্বিদ অল মকতুমে ডুবাই চৰকাৰক ১০০ শতাংশ কাগজমুক্ত হিচাপে ঘোষণা কৰে। তেওঁ কয় যে, ইয়াৰদ্বাৰা দেশখনৰ ৩৫ কোটি মাৰ্কিন ডলাৰ আৰু ১.৪ কোটি শ্ৰম ঘণ্টা ৰাহি হ’ব। শ্বেইখে লগতে কয় যে, আভ্যন্তৰীণ আৰু বাহ্যিক লেন-দেন তথা ডুবাই চৰকাৰৰ সকলো প্ৰক্ৰিয়া এতিয়াৰেপৰা ১০০ শতাংশ ডিজিটেল মাধ্যমত সম্পাদিত হ’ব। ডুবাই চৰকাৰৰ এই পদক্ষেপে দেশখনৰ নাগৰিকসকলক স্মাৰ্ট চিটীৰ অন্য এক উপলব্ধি কৰাব।

কাগজমুক্ত চৰকাৰৰূপে গঢ় লোৱা ডুবাই চৰকাৰ বিশ্বৰ সকলো দেশৰ বাবে এক আদৰ্শ। ডুবাই চৰকাৰ কাগজমুক্ত হোৱাৰ ফলত কাগজ তৈয়াৰ কৰিবলৈ ব্যৱহৃত প্ৰাকৃতিক সম্পদ অক্ষয় হৈ থাকিব। লগতে প্ৰদূষণৰ মাত্ৰাও বহু পৰিমানে লাঘৱ হ’ব। সময়ৰ ৰাহি কাগজমুক্ত চৰকাৰখনৰ বাবে এক অন্যতম যোগাত্মক দিশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ