--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰে ১৬ জুলাই দিনটো বিশ্ব সাপ দিৱস হিচাপে পালন কৰা হয়। বিশ্বজুৰি পোৱা বিভিন্ন প্ৰজাতিৰ সাপৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে জৈৱমণ্ডলত ইয়াৰ ভূমিকা সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব সাপ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব সাপ দিৱসৰ উপলক্ষে বিশ্বৰ আটাইতকৈ বিপদজনক সাপৰ বাসস্থান তথা বিষাক্ত সাপ থকা এটা দ্বীপৰ বিষয়ে জানো আহক।

আমাৰ পৃথিৱীত ৩৫০০ৰো অধিক প্ৰজাতিৰ সাপ আছে, ইয়াৰে প্ৰায় ৬০০ প্ৰজাতি বিষাক্ত হয়। সাপৰ বিষেই হৈছে ইহঁতৰ প্ৰধান শক্তি যিয়ে ইহঁতৰ চিকাৰৰ গোন্ধ পোৱা আৰু হজম কৰাত সহায় কৰে। সাপৰ বিষ অতি বিপদজনক যদিও বহুতো মাৰাত্মক ৰোগৰ চিকিৎসাও ইয়াত লুকাই আছে। বিষাক্ত সাপ থকা স্নেক আইলেণ্ড ক'ত আছে ?

'সাপ দ্বীপ' নামেৰেও পৰিচিত 'ইলহা দা কুইমাডা গ্ৰেণ্ডে ( Ilha da Queimada Grande) ব্ৰাজিলৰ দক্ষিণ-পূব অংশৰ উপকূলৰ ওচৰত অৱস্থিত এটা সৰু দ্বীপ। এই ঠাইখন চাও পাওলো( Sao Paulo) ৰাজ্যৰ অংশ আৰু  এই দ্বীপটো ইয়াৰ বৰ্ষাৰণ্যৰ বাবে জনাজাত। দ্বীপটো উপকূলৰ পৰা প্ৰায় ২০ মাইল দূৰত। দ্বীপটোৰ আকাৰ সৰু, মাত্ৰ ৪৩ হেক্টৰ (১০৬ একৰ), আৰু ইয়াৰ জলবায়ু নাতিশীতোষ্ণ।

স্নেক দ্বীপত বথ্ৰুপছ ইনচুলাৰিছ( Bothrups insularis)নামৰ এক বিশেষ প্ৰজাতি সাপৰ বাসস্থান, যাক গোল্ডেন লেন্সহেড ভাইপাৰ ( Golden lancehead viper )বুলিও কোৱা হয় । ই বিশ্বৰ আটাইতকৈ মাৰাত্মক সাপ ফেৰ-ডি লেন্সৰ আত্মীয় বুলিও কোৱা হয়। সোণালী মূৰৰ সাপটো কেৱল এই স্নেক দ্বীপতহে উপস্থিত থাকে। পৃথিৱীৰ আন কোনো ঠাই নাই য’ত আপুনি এই সাপটো দেখিবলৈ পাব। ১১ হাজাৰ বছৰ পূৰ্বে শেষৰটো হীমযুগৰ অন্ত পৰাৰ পাছতে এই প্ৰজাতিটো দ্বীপটোতে আৱদ্ধ হৈ পৰা বুলি অনুমান কৰা হৈছে। বৃদ্ধি পোৱা সাগৰৰ পানীয়ে স্নেক দ্বীপক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা ভূমিখন ডুবাই পেলাইছিল আৰু এই অংশটো এটা দ্বীপলৈ পৰিণত হৈছিল।

কিমান বিপদজনক সোণৰ লেন্সহেড ভাইপাৰ

গ'ল্ডেন লেন্সহেড ভাইপাৰ হৈছে এক অনন্য সাপ। ইয়াৰ ৰং পাতল হালধীয়া আৰু পাতল বাদামী। ইয়াৰ বাহিৰেও ইয়াৰ মূৰৰ আকাৰো ফেৰ-ডি-লেন্সৰ দৰে যথেষ্ট ডাঙৰ। ইয়াৰ জোঙা নাক আৰু দীঘল মূৰটো ব্লেডৰ দৰে। এই সাপটো দক্ষিণ আমেৰিকাৰ অন্যতম বিপজ্জনক আৰু বিষাক্ত সাপ। অনুমান কৰা হৈছে যে স্নেক দ্বীপত ২৫০০ৰ পৰা ৩০০০ গ'ল্ডেন লেন্সাৰ বাস কৰে। এটা সময়ত ইয়াত ৪ লাখতকৈ অধিক লেন্সহেড ভাইপাৰ বাস কৰিছিল, কিন্তু খাদ্যৰ অভাৱ আৰু পৰিৱেশ বিজ্ঞানৰ পৰিৱৰ্তনৰ বাবে ইহঁতৰ সংখ্যা কমি আহিছে।

মানুহ আৰু সাপৰ সুৰক্ষাৰ বাবে ব্ৰাজিল চৰকাৰে দ্বীপটোত মানুহ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ব্ৰাজিলৰ নৌসেনাই সকলোকে দ্বীপটোত উপস্থিত হোৱাত বাধা প্ৰদান কৰে। অৱশ্যে নৌসেনাই প্ৰতি বছৰে দ্বীপটোলৈ গৈ লাইটহাউচটো মেৰামতি কৰে। অতি কম সংখ্যক গৱেষকক দ্বীপটো ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হয়। গৱেষকক দ্বীপটো ভ্ৰমণ কৰিবলৈ যোৱাৰ পূৰ্বে চৰকাৰৰ পৰা বিশেষ অনুমোদন ল’ব লাগে আৰু সীমিত সময়ৰ বাবে তেওঁলোকৰ লগত থাকে প্ৰমাণিত চিকিৎসক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি