--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত দশম স্থান লভিবলৈ সক্ষম হ'ল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ২০২১ বৰ্ষৰ মষ্ট এডমায়ৰ্ড অমেন অৰ্থাৎ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তালিকাখনৰ প্ৰথম স্থানত আছিল মিছেল অবামা। মিছে্ল অবামা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ পত্নী।

উল্লেখযোগ্য কথাটো হ'ল ২০২১ বৰ্ষৰ বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তি হিচাপে শীৰ্ষস্থান লাভ কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই। পুৰুষ আৰু মহিলাৰ দুয়োটা স্থানত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হল বাৰাক অবামা আৰু মিছেল অবামাই।

মহিলাৰ তালিকাখনত এঞ্জেলিনা জলী, স্কাৰলেট জনছন,এমা ৱাটছন, টেইলৰ ছুইফট, ৰাণী এলিজাবেথ, অপ্ৰা উইনফ্ৰে, এঞ্জেলা মৰ্কেল, মালালা ইউছুফজায়েও স্থান লাভ কৰিছে। শীৰ্ষ ২০ গৰাকী সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত কমলা হেৰিছ,হিলাৰী ক্লিণ্টন, ঐশ্বৰ্য ৰায় বচ্ছন,সুধা মূৰ্তি,গ্ৰেটা থুনবাৰ্গ,মেলেনিয়া ট্ৰাম্প, লিছা, লয়ু য়াইফে,য়াংগ মী আৰু জেচিণ্ডা অৰ্ডেৰ্নেও স্থান লাভ কৰিছে।

আৰু পঢ়কঃ জনপ্ৰিয়তা হ্ৰাস! বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তিৰ তালিকাৰ অষ্টম স্থানলৈ নামিল মোদী


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?