--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৪জনকৈ নিৰীহ নগাক সেনাবাহিনীয়ে চোৰাংচোৱাৰ ভুল তথ্যৰ আধাৰত গুলীয়াই হত্যা কৰা ঘটনাই আজিও উত্তপ্ত কৰি ৰাখিছে নগালেণ্ড। সেনাৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে ক্ষিপ্ত হৈ উঠিছে নগা জনগণ। দোষী সেনা জোৱানক শাস্তি বিহা তথা সমগ্ৰ উত্তৰ পূবৰপৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা প্ৰত্যাহাৰ কৰাৰ দাবীৰে প্ৰতিবাদত উত্তাল হৈ আছে নগা জনগণ। এই ঘটনাৰ শোকাৱহ ঘটনাৰ পাছৰে পৰা সেনাবাহিনীৰ বিৰু্দ্ধে যুঁযুধান স্থিতি গ্ৰহণ কৰিছে নগা দল-সংগঠনে। কেৱল এয়াই নহয়, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও দাবী তুলিছে আফস্পা প্ৰত্যাহাৰ কৰাৰ।

আজি নগালেণ্ডৰ ৰাজধানী মহানগৰখনত নগা ষ্টুডেণ্টছ ফেডাৰেচন (এন এছ এফ)এ এটা বিশাল প্ৰতিবাদ ৰেলী আয়োজন কৰে। হাজাৰ হাজাৰ লোকে বেনাৰ প্লেকাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচীত চামিল হয় আৰু আফস্পা প্ৰত্যাহাৰ তথা দোষী সেনা জোৱানক শাস্তি বিহাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে আফস্পাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড প্ৰতিবাদ সাব্যস্ত কৰে। আফস্পা নিষিদ্ধ কৰক, আমাৰ কণ্ঠ নহয়, আফস্পা কেতিয়া প্ৰত্যাহাৰ হ’ব আদিৰ দৰে শক্তিশালী শ্লোগান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই। উল্লেখ্য যে, বিগত তিনিদিন ধৰি একেৰাহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে নগা লোকসকলে।

আজিৰ এই প্ৰতিবাদ বিভিন্ন কাৰণত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে কিয়নো নগা লোকসকলৰ ক্ষোভ আৰু সেনাৰ বিৰুদ্ধে তীব্ৰ বিক্ষুব্ধতাৰ ই উদাহৰণ হৈ পৰিছে। কন্যাক ছাত্ৰ সন্থাই সেনাক বৰ্জন তথা সেনাৰ সৈতে অসহযোগ আন্দোলনৰ হুংকাৰ দি আৰম্ভ কৰা এই প্ৰতিবাদে এতিয়া দিনে দিনে অধিক ব্যাপক ৰূপ লোৱা দেখা গৈছে।
তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, কেৱল মন জিলাৰে নহয় ৰাজ্যখনৰ পূব প্ৰান্তৰ কিফিৰে, তুয়েনচাং আৰু লংলেঙৰ দৰে জিলাৰো হাজাৰ হাজাৰ লোকে প্ৰতিবাদত চামিল হৈছে। দোকান-পোহাৰ বন্ধ ৰাখি ৰাজপথত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে নগা লোকসলকলক। ১৪জনকৈ নিৰীহ লোকক হত্যা কৰা সেনাৰ লোকসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবীত অটল হৈ আছে প্ৰতিবাদকাৰীসকল। আনহাতে যোৱা ৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ঘটনা সম্পৰ্কত সংসদত যি ‘মিছা’ আৰু ‘জোৰা-তাপলি মৰা’ মন্তব্য দিছিল সেয়া প্ৰত্যাহাৰ কৰিবলৈও দাবী তুলিছে প্ৰতিবাদকাৰীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক