--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৪জনকৈ নিৰীহ নগাক সেনাবাহিনীয়ে চোৰাংচোৱাৰ ভুল তথ্যৰ আধাৰত গুলীয়াই হত্যা কৰা ঘটনাই আজিও উত্তপ্ত কৰি ৰাখিছে নগালেণ্ড। সেনাৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে ক্ষিপ্ত হৈ উঠিছে নগা জনগণ। দোষী সেনা জোৱানক শাস্তি বিহা তথা সমগ্ৰ উত্তৰ পূবৰপৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা প্ৰত্যাহাৰ কৰাৰ দাবীৰে প্ৰতিবাদত উত্তাল হৈ আছে নগা জনগণ। এই ঘটনাৰ শোকাৱহ ঘটনাৰ পাছৰে পৰা সেনাবাহিনীৰ বিৰু্দ্ধে যুঁযুধান স্থিতি গ্ৰহণ কৰিছে নগা দল-সংগঠনে। কেৱল এয়াই নহয়, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও দাবী তুলিছে আফস্পা প্ৰত্যাহাৰ কৰাৰ।

আজি নগালেণ্ডৰ ৰাজধানী মহানগৰখনত নগা ষ্টুডেণ্টছ ফেডাৰেচন (এন এছ এফ)এ এটা বিশাল প্ৰতিবাদ ৰেলী আয়োজন কৰে। হাজাৰ হাজাৰ লোকে বেনাৰ প্লেকাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচীত চামিল হয় আৰু আফস্পা প্ৰত্যাহাৰ তথা দোষী সেনা জোৱানক শাস্তি বিহাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে আফস্পাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড প্ৰতিবাদ সাব্যস্ত কৰে। আফস্পা নিষিদ্ধ কৰক, আমাৰ কণ্ঠ নহয়, আফস্পা কেতিয়া প্ৰত্যাহাৰ হ’ব আদিৰ দৰে শক্তিশালী শ্লোগান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই। উল্লেখ্য যে, বিগত তিনিদিন ধৰি একেৰাহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে নগা লোকসকলে।

আজিৰ এই প্ৰতিবাদ বিভিন্ন কাৰণত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে কিয়নো নগা লোকসকলৰ ক্ষোভ আৰু সেনাৰ বিৰুদ্ধে তীব্ৰ বিক্ষুব্ধতাৰ ই উদাহৰণ হৈ পৰিছে। কন্যাক ছাত্ৰ সন্থাই সেনাক বৰ্জন তথা সেনাৰ সৈতে অসহযোগ আন্দোলনৰ হুংকাৰ দি আৰম্ভ কৰা এই প্ৰতিবাদে এতিয়া দিনে দিনে অধিক ব্যাপক ৰূপ লোৱা দেখা গৈছে।
তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, কেৱল মন জিলাৰে নহয় ৰাজ্যখনৰ পূব প্ৰান্তৰ কিফিৰে, তুয়েনচাং আৰু লংলেঙৰ দৰে জিলাৰো হাজাৰ হাজাৰ লোকে প্ৰতিবাদত চামিল হৈছে। দোকান-পোহাৰ বন্ধ ৰাখি ৰাজপথত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে নগা লোকসলকলক। ১৪জনকৈ নিৰীহ লোকক হত্যা কৰা সেনাৰ লোকসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবীত অটল হৈ আছে প্ৰতিবাদকাৰীসকল। আনহাতে যোৱা ৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ঘটনা সম্পৰ্কত সংসদত যি ‘মিছা’ আৰু ‘জোৰা-তাপলি মৰা’ মন্তব্য দিছিল সেয়া প্ৰত্যাহাৰ কৰিবলৈও দাবী তুলিছে প্ৰতিবাদকাৰীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি