--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অচল দেশৰ বেংক ব্যৱস্থা ৷ মোদী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নছ(UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷


ইন্দিৰা গান্ধীয়ে বেংক আৰু বীমাকাৰী সংস্থাসমূহক ৰাষ্ট্ৰীয়কৰণ কৰি জনতাক সুৰক্ষা দিয়াৰ প্ৰয়াস কৰিছিল যদিও এতিয়াৰ মোদী চৰকাৰে সেই বেংকসমূহক নিজৰ ঘনিষ্ঠ কৰ্প’ৰেট বাহিনীৰ হাতত গতাই দিয়াৰ যি ফান্দ পাতিছে, সেই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে৷ উল্লেখ্য যে, ১৩টা বৃহৎ কোম্পানীয়েই ৰাষ্ট্ৰীয়কৃত বেংকক ঘূৰাই দিবলৈ আছে ৪.৮৬ লাখ কোটি টকা। তাৰ ভিতৰত এতিয়ালৈ সেই ধন উদ্ধাৰ হৈছে মাত্ৰ ১.৬১ লাখ কোটি টকা। সেই ধাৰ আদায় কৰিবৰ বাবেই চৰকাৰে বেংক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি এক অদ্ভুট যুক্তি আগবঢ়াইছে৷
উল্লেখ্য যে, ললিত মোদী, নীৰৱ মোদী দৰে পুঁজিপতিয়ে বৃহৎ পৰিমাণত ঋণ লৈ বেংকক সেই ধন ঘূৰাই দিব নোৱাৰা বাবে দেশত বেংকৰ এই দুৰ্দিন আহিল বুলি সকলোৱে ক’ব বিছাৰিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপৰ বিৰুদ্ধে বেংক কৰ্মচাৰীসকলে দুদিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইতিমধ্যে কালি বেংক কৰ্মচাৰীৰৰ ধৰ্মঘট কাৰ্যসূচীত অচল হৈ পৰিল দেশৰ সমগ্ৰ বেংক ব্যৱস্থা৷ দেশৰ ৭ লাখ বেংক কৰ্মচাৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত ভাগ লোৱাৰ ফলত বেংকিং খণ্ডৰ সকলো কাম-কাজ অচল হোৱাত গ্ৰাহকসকল এতিয়া বিমোৰত পৰিছে৷
ইপিনে ৰাজ্যতো বেংক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বেংক সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰ্মচাৰীসকলে নিজৰ অফিচৰ সন্মুখতে বেনাৰ-প’ষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ‘বেংক সংস্কাৰ বিল প্ৰত্যাহাৰ কৰক’, ‘বেংকৰ বিৰুদ্ধে চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক’ আদি শ্ন’গানেৰে উত্তাল কৰি তোলে বেংক কৰ্মচাৰীসকলে৷ ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰত থকা মাণ্ডলিক মুখ্য কাৰ্যালয়ৰ লগতে মহানগৰৰ এছ বি আই কেইবাটাও শাখাত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক