--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অচল দেশৰ বেংক ব্যৱস্থা ৷ মোদী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নছ(UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷


ইন্দিৰা গান্ধীয়ে বেংক আৰু বীমাকাৰী সংস্থাসমূহক ৰাষ্ট্ৰীয়কৰণ কৰি জনতাক সুৰক্ষা দিয়াৰ প্ৰয়াস কৰিছিল যদিও এতিয়াৰ মোদী চৰকাৰে সেই বেংকসমূহক নিজৰ ঘনিষ্ঠ কৰ্প’ৰেট বাহিনীৰ হাতত গতাই দিয়াৰ যি ফান্দ পাতিছে, সেই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে৷ উল্লেখ্য যে, ১৩টা বৃহৎ কোম্পানীয়েই ৰাষ্ট্ৰীয়কৃত বেংকক ঘূৰাই দিবলৈ আছে ৪.৮৬ লাখ কোটি টকা। তাৰ ভিতৰত এতিয়ালৈ সেই ধন উদ্ধাৰ হৈছে মাত্ৰ ১.৬১ লাখ কোটি টকা। সেই ধাৰ আদায় কৰিবৰ বাবেই চৰকাৰে বেংক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি এক অদ্ভুট যুক্তি আগবঢ়াইছে৷
উল্লেখ্য যে, ললিত মোদী, নীৰৱ মোদী দৰে পুঁজিপতিয়ে বৃহৎ পৰিমাণত ঋণ লৈ বেংকক সেই ধন ঘূৰাই দিব নোৱাৰা বাবে দেশত বেংকৰ এই দুৰ্দিন আহিল বুলি সকলোৱে ক’ব বিছাৰিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপৰ বিৰুদ্ধে বেংক কৰ্মচাৰীসকলে দুদিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইতিমধ্যে কালি বেংক কৰ্মচাৰীৰৰ ধৰ্মঘট কাৰ্যসূচীত অচল হৈ পৰিল দেশৰ সমগ্ৰ বেংক ব্যৱস্থা৷ দেশৰ ৭ লাখ বেংক কৰ্মচাৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত ভাগ লোৱাৰ ফলত বেংকিং খণ্ডৰ সকলো কাম-কাজ অচল হোৱাত গ্ৰাহকসকল এতিয়া বিমোৰত পৰিছে৷
ইপিনে ৰাজ্যতো বেংক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বেংক সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰ্মচাৰীসকলে নিজৰ অফিচৰ সন্মুখতে বেনাৰ-প’ষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ‘বেংক সংস্কাৰ বিল প্ৰত্যাহাৰ কৰক’, ‘বেংকৰ বিৰুদ্ধে চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক’ আদি শ্ন’গানেৰে উত্তাল কৰি তোলে বেংক কৰ্মচাৰীসকলে৷ ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰত থকা মাণ্ডলিক মুখ্য কাৰ্যালয়ৰ লগতে মহানগৰৰ এছ বি আই কেইবাটাও শাখাত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?