--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰাৰ এক অশুভ পৰম্পৰাই গা কৰি উঠিছে ভাৰতত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অপেছাদাৰী সমিতি ‘টু প্ৰটেক্ট জাৰ্নালিষ্ট (চিপিজে)’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷ চলিত বৰ্ষত ভাৰতত ৪ জন সাংবাদিকক তেওঁলোকৰ বৃত্তিৰ বাবে 'হত্যা' কৰা হৈছে৷ প্ৰতিবেদনত বিশ্ব প্ৰেক্ষাপটত এই বছৰটোক সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে এক 'ধূসৰ বছৰ' বুলি অভিহিত কৰা হৈছে৷ কালি প্ৰকাশিত এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত এই বছৰ সাংবাদিকৰ বৃত্তিৰ "প্ৰতিশোধ" হিচাপে নিহত হোৱা সাংবাদিকৰ সংখ্যা সৰ্বাধিক।

যোৱা ১ ডিচেম্বৰলৈ এই বৰ্ষত ভাৰতত চাৰিজন সাংবাদিকক হত্যা কৰা হৈছে৷ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ ওপৰত চলোৱা চিপিজেৰ বাৰ্ষিক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। হত্যাৰ বলি হোৱা চাৰিগৰাকী ভাৰতীয় সাংবাদিক হৈছে- নৱেম্বৰত অবিনাশ ঝা (বিএনএন নিউজ), আগষ্টত চেন্নাকেচাভালু (ইভি5) আৰু মনীষ সিং (সুদৰ্শন টিভি), আৰু জুনত সুলভ শ্ৰীবাস্তৱ (এবিপি নিউজ)। দেশত ক্ৰমবৰ্ধমান সাংবাদিক নিগ্ৰহৰ ঘটনাই সচেতন সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

সাংবাদিকতাৰ নিৰপেক্ষতা আৰু প্ৰাথমিক চৰিত্ৰত ৰাজনৈতিক হস্তক্ষেপে সাংবাদিকতা বৃত্তিটোৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে৷ সাংবাদিকতাত ৰাজনৈতিক হস্তক্ষেপ আৰু প্ৰভাৱ বিস্তাৰে সংবাদ জগতলৈ নমাই আনিছে অন্ধকাৰ৷ ৰাইজৰ পৰা দূৰলৈ গৈছে সাংবাদিকতা৷ আৰু তাত হাত উজান দিছে একাংশ সাংবাদিকেই৷

বাক-স্বাধীনতা হৰণ কৰিব খোজা হৈছে সাংবাদিকৰ লগতে জনসাধাৰণৰো৷ এতিয়া চৰকাৰৰ ভুল-ক্ৰুটী আঙুলিয়াই দিয়া মানেই দেশদ্ৰোহ বুলি কোৱা হয়৷ যিটো ভাৰতৰ সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী৷ সাংবাদিকক হত্যা পৰ্যন্ত কৰা হৈছে বিশ্বৰ সৰ্ববৃবৎ গণতান্ত্ৰিক দেশ ভাৰতত৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে আক্ৰমণে সামাজিক প্ৰেক্ষাপটত বিৰূপ প্ৰভাৱ পেলোৱাৰ উপৰি ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতিও নিশ্চিত ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি