--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰাৰ এক অশুভ পৰম্পৰাই গা কৰি উঠিছে ভাৰতত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অপেছাদাৰী সমিতি ‘টু প্ৰটেক্ট জাৰ্নালিষ্ট (চিপিজে)’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷ চলিত বৰ্ষত ভাৰতত ৪ জন সাংবাদিকক তেওঁলোকৰ বৃত্তিৰ বাবে 'হত্যা' কৰা হৈছে৷ প্ৰতিবেদনত বিশ্ব প্ৰেক্ষাপটত এই বছৰটোক সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে এক 'ধূসৰ বছৰ' বুলি অভিহিত কৰা হৈছে৷ কালি প্ৰকাশিত এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত এই বছৰ সাংবাদিকৰ বৃত্তিৰ "প্ৰতিশোধ" হিচাপে নিহত হোৱা সাংবাদিকৰ সংখ্যা সৰ্বাধিক।

যোৱা ১ ডিচেম্বৰলৈ এই বৰ্ষত ভাৰতত চাৰিজন সাংবাদিকক হত্যা কৰা হৈছে৷ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ ওপৰত চলোৱা চিপিজেৰ বাৰ্ষিক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। হত্যাৰ বলি হোৱা চাৰিগৰাকী ভাৰতীয় সাংবাদিক হৈছে- নৱেম্বৰত অবিনাশ ঝা (বিএনএন নিউজ), আগষ্টত চেন্নাকেচাভালু (ইভি5) আৰু মনীষ সিং (সুদৰ্শন টিভি), আৰু জুনত সুলভ শ্ৰীবাস্তৱ (এবিপি নিউজ)। দেশত ক্ৰমবৰ্ধমান সাংবাদিক নিগ্ৰহৰ ঘটনাই সচেতন সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

সাংবাদিকতাৰ নিৰপেক্ষতা আৰু প্ৰাথমিক চৰিত্ৰত ৰাজনৈতিক হস্তক্ষেপে সাংবাদিকতা বৃত্তিটোৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে৷ সাংবাদিকতাত ৰাজনৈতিক হস্তক্ষেপ আৰু প্ৰভাৱ বিস্তাৰে সংবাদ জগতলৈ নমাই আনিছে অন্ধকাৰ৷ ৰাইজৰ পৰা দূৰলৈ গৈছে সাংবাদিকতা৷ আৰু তাত হাত উজান দিছে একাংশ সাংবাদিকেই৷

বাক-স্বাধীনতা হৰণ কৰিব খোজা হৈছে সাংবাদিকৰ লগতে জনসাধাৰণৰো৷ এতিয়া চৰকাৰৰ ভুল-ক্ৰুটী আঙুলিয়াই দিয়া মানেই দেশদ্ৰোহ বুলি কোৱা হয়৷ যিটো ভাৰতৰ সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী৷ সাংবাদিকক হত্যা পৰ্যন্ত কৰা হৈছে বিশ্বৰ সৰ্ববৃবৎ গণতান্ত্ৰিক দেশ ভাৰতত৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে আক্ৰমণে সামাজিক প্ৰেক্ষাপটত বিৰূপ প্ৰভাৱ পেলোৱাৰ উপৰি ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতিও নিশ্চিত ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু