--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমিকাক অন্য এজন যুৱকে কৰা মন্তব্য সহ্য কৰিব নোৱাৰি প্ৰেমিকে ঘটালে অঘটন৷ এই ঘটনা গুৰুগ্ৰামৰ৷ গুৰুগ্ৰামৰ এছজিটি বিশ্ববিদ্যালয়ত প্ৰেমিকাৰ ওপৰত কৰা মন্তব্যৰ প্ৰতিশোধ ল’বলৈ আইনৰ এজন ছাত্ৰই মেডিকেলৰ এজন ছাত্ৰৰ পেটলৈ লক্ষ্য কৰি গুলীয়ায়৷ গুলীবিদ্ধ হোৱাৰ পিছত যুৱকজন ঘটনাস্থলীতে বাগৰি পৰে। গুলীবৰ্ষণৰ শব্দ শুনি উপস্থিত লোকৰ মাজত আতংকৰ সৃষ্টি হয়৷

গুলীবিদ্ধ যুৱকজনক লৰালৰিকৈ শিক্ষাৰ্থী আৰু গাৰ্ডে মিলি জৰুৰীকালীন চিকিৎসাৰ বাবে লৈ গৈছিল। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে যুৱকজনৰ মৃত্যু হয় বুলি জনায় চিকিৎসকে৷ ৰাজেন্দ্ৰপাৰ্ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সদৰী কৰা অনুসৰি এছ জি টি বিশ্ববিদ্যালয় চৌহদস্থিত পাৰ্কিঙত দিল্লীৰ নজফগড়ৰ বাসিন্দা লাকীয়ে উত্তৰ প্ৰদেশৰ চামলিৰ বাসিন্দা বিনীত(২৩)ক গুলীয়াই হত্যা কৰে। গুলীয়ে তেওঁৰ পেটত আঘাত কৰিছিল আৰু অধিক ৰক্তক্ষৰণৰ বাবে তেওঁ মৃত্যুক সাৱটে৷

মৃত ছাত্ৰ বিনীত

বিনীত মেডিকেলৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল। আৰক্ষীয়ে অনুসন্ধানৰ সময়ত জানিব পাৰিছে যে এগৰাকী এমএছচি তৃতীয় বৰ্ষৰ ছাত্ৰীৰ সৈতে লাকীৰ প্ৰেমজনিত সম্পৰ্ক আছিল। বিনীতে ছাত্ৰীগৰাকীৰ বিষয়ে কিবা মন্তব্য প্ৰদান কৰিছিল। সেই মন্তব্য সহ্য কৰিব নোৱাৰি ইয়াৰ প্ৰতিশোধ ল’বলৈ লাকীয়ে এই হত্যাকা্ণ্ড সংঘটিত কৰে। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আগবঢ়াই নিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ