--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমিকাক অন্য এজন যুৱকে কৰা মন্তব্য সহ্য কৰিব নোৱাৰি প্ৰেমিকে ঘটালে অঘটন৷ এই ঘটনা গুৰুগ্ৰামৰ৷ গুৰুগ্ৰামৰ এছজিটি বিশ্ববিদ্যালয়ত প্ৰেমিকাৰ ওপৰত কৰা মন্তব্যৰ প্ৰতিশোধ ল’বলৈ আইনৰ এজন ছাত্ৰই মেডিকেলৰ এজন ছাত্ৰৰ পেটলৈ লক্ষ্য কৰি গুলীয়ায়৷ গুলীবিদ্ধ হোৱাৰ পিছত যুৱকজন ঘটনাস্থলীতে বাগৰি পৰে। গুলীবৰ্ষণৰ শব্দ শুনি উপস্থিত লোকৰ মাজত আতংকৰ সৃষ্টি হয়৷

গুলীবিদ্ধ যুৱকজনক লৰালৰিকৈ শিক্ষাৰ্থী আৰু গাৰ্ডে মিলি জৰুৰীকালীন চিকিৎসাৰ বাবে লৈ গৈছিল। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে যুৱকজনৰ মৃত্যু হয় বুলি জনায় চিকিৎসকে৷ ৰাজেন্দ্ৰপাৰ্ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সদৰী কৰা অনুসৰি এছ জি টি বিশ্ববিদ্যালয় চৌহদস্থিত পাৰ্কিঙত দিল্লীৰ নজফগড়ৰ বাসিন্দা লাকীয়ে উত্তৰ প্ৰদেশৰ চামলিৰ বাসিন্দা বিনীত(২৩)ক গুলীয়াই হত্যা কৰে। গুলীয়ে তেওঁৰ পেটত আঘাত কৰিছিল আৰু অধিক ৰক্তক্ষৰণৰ বাবে তেওঁ মৃত্যুক সাৱটে৷

মৃত ছাত্ৰ বিনীত

বিনীত মেডিকেলৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল। আৰক্ষীয়ে অনুসন্ধানৰ সময়ত জানিব পাৰিছে যে এগৰাকী এমএছচি তৃতীয় বৰ্ষৰ ছাত্ৰীৰ সৈতে লাকীৰ প্ৰেমজনিত সম্পৰ্ক আছিল। বিনীতে ছাত্ৰীগৰাকীৰ বিষয়ে কিবা মন্তব্য প্ৰদান কৰিছিল। সেই মন্তব্য সহ্য কৰিব নোৱাৰি ইয়াৰ প্ৰতিশোধ ল’বলৈ লাকীয়ে এই হত্যাকা্ণ্ড সংঘটিত কৰে। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আগবঢ়াই নিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু