--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ল উত্তৰ প্ৰদেশ আৰক্ষী। কেইবাদিনজোৰা হোঁহকা-পিছলাৰ পাছত তেওঁক গ্ৰেপ্তাৰ শনিবাৰে গ্ৰেপ্তাৰ কৰে উত্তৰপ্ৰদেশ আৰক্ষীয়ে। প্ৰায় ১২ ঘণ্টা জুৰি জেৰা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় আশিস মিশ্ৰক। মিশ্ৰৰ গাড়ীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উঠিছিল।

এই ভয়ংকৰ ঘটনাৰ পাছত প্ৰচাৰ হোৱা বিভিন্ন ভিডিঅ’ আৰু আন সাক্ষ্যই আশিস মিশ্ৰৰ বিৰুদ্ধে উঠা অভিযোগ সঁচা বুলি প্ৰমাণ কৰিছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল। কিন্তু কৃষকৰ নিৰন্তৰ প্ৰতিবাদ, আন ৰাজনৈতিক দলৰ হেঁচা তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে তেওঁ তদন্তকাৰী আৰক্ষীৰ আগত হাজিৰ হয়। তেওঁক দীৰ্ঘ সময় সোধা-পোছা কৰা হয় যদিও তেওঁ বিভ্ৰান্তিকৰ উত্তৰ দিয়া আৰু জেৰাত আৰক্ষীক সহযোগ নকৰা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, হত্যাৰ গোচৰ ৰুজু হোৱাৰ পাঁচদিনৰ পাছতহে গ্ৰেপ্তাৰ কৰা হ’ল আশিস মিশ্ৰক। তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ থকাৰ পাছতো তেওঁক আৰক্ষীয়ে ভিআইপি ট্ৰিটমেণ্ট দিয়াক লৈও প্ৰশ্ন উত্থাপন হৈছে। তেওঁৰ পিতৃৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বলতে যে এই সুবিধা তেওঁ লাভ কৰিছিল সেয়া স্পষ্ট। আনহাতে শুকুৰবাৰে তেওঁক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ দিয়া হৈছিল যদিও তেওঁ সেয়া মনা নাছিল। তদন্তকাৰী জ্যেষ্ঠ আৰক্ষী বিষয়াই তেওঁৰ বাবে তিনিঘণ্টা বোন্দাপৰ দি থাকি বিমুখ হ’বলগীয়া হয়।

শনিবাৰেও তেওঁক পিছ দুৱাৰেদি লৈ যোৱা হৈছিল যাতে তেওঁ সংবাদ মাধ্যৰ সন্মুখীন হ’বলগীয়া নহয়। আনহাতে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত আন এটা প্ৰশ্ন উত্থাপন হৈছে। কিয়নো আশিস মিশ্ৰলৈ জাৰি কৰা চমনত আৰক্ষীয়ে তেওঁক ঘটনাৰ সাক্ষী হিচাপেহে উল্লেখ কৰিছে, অভিযুক্ত বুলি উল্লেখ কৰা নাই। এই কাৰ্যয়ো আৰক্ষীৰ তদন্ত সন্দৰ্ভত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে তেওঁক বছোৱাৰ চেষ্টাহে কৰি আছে নেকি সেয়াও প্ৰশ্নৰ আওতালৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ