--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ল উত্তৰ প্ৰদেশ আৰক্ষী। কেইবাদিনজোৰা হোঁহকা-পিছলাৰ পাছত তেওঁক গ্ৰেপ্তাৰ শনিবাৰে গ্ৰেপ্তাৰ কৰে উত্তৰপ্ৰদেশ আৰক্ষীয়ে। প্ৰায় ১২ ঘণ্টা জুৰি জেৰা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় আশিস মিশ্ৰক। মিশ্ৰৰ গাড়ীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উঠিছিল।

এই ভয়ংকৰ ঘটনাৰ পাছত প্ৰচাৰ হোৱা বিভিন্ন ভিডিঅ’ আৰু আন সাক্ষ্যই আশিস মিশ্ৰৰ বিৰুদ্ধে উঠা অভিযোগ সঁচা বুলি প্ৰমাণ কৰিছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল। কিন্তু কৃষকৰ নিৰন্তৰ প্ৰতিবাদ, আন ৰাজনৈতিক দলৰ হেঁচা তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে তেওঁ তদন্তকাৰী আৰক্ষীৰ আগত হাজিৰ হয়। তেওঁক দীৰ্ঘ সময় সোধা-পোছা কৰা হয় যদিও তেওঁ বিভ্ৰান্তিকৰ উত্তৰ দিয়া আৰু জেৰাত আৰক্ষীক সহযোগ নকৰা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, হত্যাৰ গোচৰ ৰুজু হোৱাৰ পাঁচদিনৰ পাছতহে গ্ৰেপ্তাৰ কৰা হ’ল আশিস মিশ্ৰক। তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ থকাৰ পাছতো তেওঁক আৰক্ষীয়ে ভিআইপি ট্ৰিটমেণ্ট দিয়াক লৈও প্ৰশ্ন উত্থাপন হৈছে। তেওঁৰ পিতৃৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বলতে যে এই সুবিধা তেওঁ লাভ কৰিছিল সেয়া স্পষ্ট। আনহাতে শুকুৰবাৰে তেওঁক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ দিয়া হৈছিল যদিও তেওঁ সেয়া মনা নাছিল। তদন্তকাৰী জ্যেষ্ঠ আৰক্ষী বিষয়াই তেওঁৰ বাবে তিনিঘণ্টা বোন্দাপৰ দি থাকি বিমুখ হ’বলগীয়া হয়।

শনিবাৰেও তেওঁক পিছ দুৱাৰেদি লৈ যোৱা হৈছিল যাতে তেওঁ সংবাদ মাধ্যৰ সন্মুখীন হ’বলগীয়া নহয়। আনহাতে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত আন এটা প্ৰশ্ন উত্থাপন হৈছে। কিয়নো আশিস মিশ্ৰলৈ জাৰি কৰা চমনত আৰক্ষীয়ে তেওঁক ঘটনাৰ সাক্ষী হিচাপেহে উল্লেখ কৰিছে, অভিযুক্ত বুলি উল্লেখ কৰা নাই। এই কাৰ্যয়ো আৰক্ষীৰ তদন্ত সন্দৰ্ভত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে তেওঁক বছোৱাৰ চেষ্টাহে কৰি আছে নেকি সেয়াও প্ৰশ্নৰ আওতালৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু