--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি চৰ্চা লাভ কৰা এগৰাকী ছাত্ৰী৷ কৰ্ণাটকৰ মাণ্ড্য প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰী মুস্কান খান এতিয়া সাহসী বুলিও চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত৷ শিক্ষানুষ্ঠানত হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কই দেশৰ লগতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ এটা ভিডিঅ’ত একাংশ সোঁপন্থী শিক্ষাৰ্থীয়ে দিয়া শ্ল’গানৰ বিৰুদ্ধে মুস্কানে অকলে ‘আল্লা হু আকবৰ’ ধ্বনিৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হয়৷ ভিডিঅ’টোত মুস্কানে প্ৰতিবাদী হিন্দুত্ববাদী ছাত্ৰৰ দলৰ সন্মুখত বীৰত্ব প্ৰদৰ্শনে আগবাঢ়ি যোৱা দেখা গৈছিল৷ কৰ্ণাটকৰ মহাবিদ্যালয়খনত সেই সময়ছোৱাত মুস্কানক কোনোধৰণৰ ভয় বা শংকাৰ ভাব পৰিলক্ষিত হোৱা নাছিল৷ তাই তাৰ পৰিৱৰ্তে ‘আল্লা হু আকবৰ...’ শ্ল’গানেৰে চিঞৰি উত্তাল কৰি তুলিছিল পৰিৱেশ। মুস্কান মাণ্ড্যৰ প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী। মুস্কান মুছলমান সম্প্ৰদায়ৰ বাবে সাহস আৰু শক্তিৰ প্ৰতীক হৈ পৰিছে৷ বিশেষকৈ যিসকলে হিজাব পিন্ধাৰ অধিকাৰৰ বাবে যুঁজ দি আছে। মুস্কানৰ এই কাৰ্যৰ ভিডিঅ’ই দেশৰ বহুকেইজন শীৰ্ষ ৰাজনীতিবিদৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ লগতে প্ৰশংসাৰে উপচাই পেলাইছিল। এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে মুস্কানৰ সন্দৰ্ভত কয় যে, ‘নিৰ্ভীকতাৰ কাম সকলোৰে বাবে সাহসৰ উৎস হৈ পৰিছে’। ইপিনে মুস্কানে সংবাদ মাধ্যমৰ আগত কয় যে, ‘প্ৰতিটো ধৰ্মৰে স্বাধীনতা আছে, ভাৰতে একতাক বিশ্বাস কৰে৷ আমাক আমাৰ সংস্কৃতি অনুসৰণ কৰিবলৈ দিয়ক৷’ এই ঘটনাৰ পাছতে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ দ্বাৰা পৰিচালিত কৰ্ণাটক চৰকাৰে মঙলবাৰে তিনিদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ৰাজ্যখনৰ সকলো উচ্চ বিদ্যালয় তিনিদিনৰ বাবে বন্ধ থাকিব বুলি ঘোষণা কৰাৰ পাছত শান্ত হ’বলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক