--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি চৰ্চা লাভ কৰা এগৰাকী ছাত্ৰী৷ কৰ্ণাটকৰ মাণ্ড্য প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰী মুস্কান খান এতিয়া সাহসী বুলিও চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত৷ শিক্ষানুষ্ঠানত হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কই দেশৰ লগতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ এটা ভিডিঅ’ত একাংশ সোঁপন্থী শিক্ষাৰ্থীয়ে দিয়া শ্ল’গানৰ বিৰুদ্ধে মুস্কানে অকলে ‘আল্লা হু আকবৰ’ ধ্বনিৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হয়৷ ভিডিঅ’টোত মুস্কানে প্ৰতিবাদী হিন্দুত্ববাদী ছাত্ৰৰ দলৰ সন্মুখত বীৰত্ব প্ৰদৰ্শনে আগবাঢ়ি যোৱা দেখা গৈছিল৷ কৰ্ণাটকৰ মহাবিদ্যালয়খনত সেই সময়ছোৱাত মুস্কানক কোনোধৰণৰ ভয় বা শংকাৰ ভাব পৰিলক্ষিত হোৱা নাছিল৷ তাই তাৰ পৰিৱৰ্তে ‘আল্লা হু আকবৰ...’ শ্ল’গানেৰে চিঞৰি উত্তাল কৰি তুলিছিল পৰিৱেশ। মুস্কান মাণ্ড্যৰ প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী। মুস্কান মুছলমান সম্প্ৰদায়ৰ বাবে সাহস আৰু শক্তিৰ প্ৰতীক হৈ পৰিছে৷ বিশেষকৈ যিসকলে হিজাব পিন্ধাৰ অধিকাৰৰ বাবে যুঁজ দি আছে। মুস্কানৰ এই কাৰ্যৰ ভিডিঅ’ই দেশৰ বহুকেইজন শীৰ্ষ ৰাজনীতিবিদৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ লগতে প্ৰশংসাৰে উপচাই পেলাইছিল। এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে মুস্কানৰ সন্দৰ্ভত কয় যে, ‘নিৰ্ভীকতাৰ কাম সকলোৰে বাবে সাহসৰ উৎস হৈ পৰিছে’। ইপিনে মুস্কানে সংবাদ মাধ্যমৰ আগত কয় যে, ‘প্ৰতিটো ধৰ্মৰে স্বাধীনতা আছে, ভাৰতে একতাক বিশ্বাস কৰে৷ আমাক আমাৰ সংস্কৃতি অনুসৰণ কৰিবলৈ দিয়ক৷’ এই ঘটনাৰ পাছতে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ দ্বাৰা পৰিচালিত কৰ্ণাটক চৰকাৰে মঙলবাৰে তিনিদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ৰাজ্যখনৰ সকলো উচ্চ বিদ্যালয় তিনিদিনৰ বাবে বন্ধ থাকিব বুলি ঘোষণা কৰাৰ পাছত শান্ত হ’বলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ