--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এলাহ লাগিলে আপুনি কি কৰে? এলাহৰ বশৱৰ্তী হৈ এগৰাকী নিৰাপত্তাৰক্ষীয়ে নষ্ট কৰিলে ১নিযুত ডলাৰ মূল্যৰ পেইণ্টিং৷ এলাহেই কাল হ’ল নিৰাপত্তাৰক্ষীজনৰ বাবে৷ কৰ্মক্ষেত্ৰৰ প্ৰথম দিন আছিল নিৰাপত্তাৰক্ষীজনৰ বাবে৷ আৰু প্ৰথম দিনটোতেই এলাহৰ বশৱৰ্তী হৈ ১ নিযুত ডলাৰৰ (৭.৪৭ কোটি টকা) পেইণ্টিং নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰাপত্তাৰক্ষীজনৰ বিৰুদ্ধে৷ এই ঘটনাটো হৈছে পশ্চিম-মধ্য ৰাছিয়াৰ স্ভেৰ্ডলভস্ক ওব্লাষ্ট অঞ্চলৰ য়েলৎচিন কেন্দ্ৰত৷ আন্না লেপোৰ্স্কায়াৰ ট্ৰেটিয়াকভ গেলেৰীত ‘থ্ৰী ফিগাৰ্ছ’ (১৯৩২-১৯৩৪) নামৰ চিত্ৰখনত নিৰাপত্তাৰক্ষীজনে চকু আঁকি নষ্ট কৰে ছবিখন। অভিযোগ অনুসৰি, কৰ্মক্ষেত্ৰত ব’ৰ হৈ থকা নিৰাপত্তাৰক্ষীজনে চিত্ৰখনত থকা তিনিটা চৰিত্ৰৰ দুটাত কলমেৰে চকু আঁকিছিল৷ জানিব পৰা মতে, ছবিখনৰ এই তিনিটা চৰিত্ৰ অকংন কৰিছিল ১৯৩২ৰ পৰা ১৯৩৪ৰ ভিতৰত৷ আনহাতে ছবিখন ৭.৪৭ কোটি টকাত বিমা কৰোৱা হৈছিল৷ খবৰ অনুসৰি ২০২১ চনৰ ৭ ডিচেম্বৰত ছবিখন প্ৰথমবাৰ প্ৰদৰ্শন কৰা হৈছিল৷ ‘দ্য ৱ’ৰ্ল্ড এজ নন-অবজেক্টিভিটী, দ্য বাৰ্থ অব এ নিউ আৰ্ট’ নামৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হৈছিল ছবিখন। আৰু এই প্ৰদৰ্শনীতেই ছবি আঁকি নষ্ট কৰে ১ নিযুত ডলাৰৰ পেইণ্টিংখন৷ য়েল্টচিন চেণ্টাৰৰ কাৰ্যবাহী সঞ্চালক আলেকজেণ্ডাৰ ড্ৰোজডোভে দাখিল কৰা এক বিবৃতিত নিৰাপত্তাৰক্ষীজনৰ পৰিচয় দাঙি ধৰা নাছিল৷ কিন্তু কাৰ্যবাহী সঞ্চালকজনে নিৰাপত্তাপক্ষীজন এটা ব্যক্তিগত সুৰক্ষা কোম্পানীত কৰ্মৰত বুলি জানিবলৈ দিছিল। প্ৰদৰ্শনীখনৰ কিউৰেটৰ আন্না ৰেশ্বেটকিনাই কৈছিল যে ছবিখন ‘য়েলৎচিন চেণ্টাৰ-ব্ৰেণ্ডেড কলমেৰে’ নষ্ট কৰা হৈছিল। ঘটনাটোৰ পাছত, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ তদন্তৰ ভিত্তিত নিৰাপত্তাৰক্ষীজনে ৩৯,৯০০ টকা জৰিমনা পৰিশোধ কৰাৰ লগতে আৰু এবছৰৰ কাৰাদণ্ড বিহা হয়। তথ্য অনুসৰি, ভাৰতীয় মূল্যত ২,৪৯,৫০০ টকাৰ ক্ষতি হয় পেইণ্টিংখনৰ৷ ছবি বিশেষজ্ঞসকলৰ মতে, ছবিখন পুনৰ আগৰ দৰে কৰিবলৈ প্ৰয়াস কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?