--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এলাহ লাগিলে আপুনি কি কৰে? এলাহৰ বশৱৰ্তী হৈ এগৰাকী নিৰাপত্তাৰক্ষীয়ে নষ্ট কৰিলে ১নিযুত ডলাৰ মূল্যৰ পেইণ্টিং৷ এলাহেই কাল হ’ল নিৰাপত্তাৰক্ষীজনৰ বাবে৷ কৰ্মক্ষেত্ৰৰ প্ৰথম দিন আছিল নিৰাপত্তাৰক্ষীজনৰ বাবে৷ আৰু প্ৰথম দিনটোতেই এলাহৰ বশৱৰ্তী হৈ ১ নিযুত ডলাৰৰ (৭.৪৭ কোটি টকা) পেইণ্টিং নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰাপত্তাৰক্ষীজনৰ বিৰুদ্ধে৷ এই ঘটনাটো হৈছে পশ্চিম-মধ্য ৰাছিয়াৰ স্ভেৰ্ডলভস্ক ওব্লাষ্ট অঞ্চলৰ য়েলৎচিন কেন্দ্ৰত৷ আন্না লেপোৰ্স্কায়াৰ ট্ৰেটিয়াকভ গেলেৰীত ‘থ্ৰী ফিগাৰ্ছ’ (১৯৩২-১৯৩৪) নামৰ চিত্ৰখনত নিৰাপত্তাৰক্ষীজনে চকু আঁকি নষ্ট কৰে ছবিখন। অভিযোগ অনুসৰি, কৰ্মক্ষেত্ৰত ব’ৰ হৈ থকা নিৰাপত্তাৰক্ষীজনে চিত্ৰখনত থকা তিনিটা চৰিত্ৰৰ দুটাত কলমেৰে চকু আঁকিছিল৷ জানিব পৰা মতে, ছবিখনৰ এই তিনিটা চৰিত্ৰ অকংন কৰিছিল ১৯৩২ৰ পৰা ১৯৩৪ৰ ভিতৰত৷ আনহাতে ছবিখন ৭.৪৭ কোটি টকাত বিমা কৰোৱা হৈছিল৷ খবৰ অনুসৰি ২০২১ চনৰ ৭ ডিচেম্বৰত ছবিখন প্ৰথমবাৰ প্ৰদৰ্শন কৰা হৈছিল৷ ‘দ্য ৱ’ৰ্ল্ড এজ নন-অবজেক্টিভিটী, দ্য বাৰ্থ অব এ নিউ আৰ্ট’ নামৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হৈছিল ছবিখন। আৰু এই প্ৰদৰ্শনীতেই ছবি আঁকি নষ্ট কৰে ১ নিযুত ডলাৰৰ পেইণ্টিংখন৷ য়েল্টচিন চেণ্টাৰৰ কাৰ্যবাহী সঞ্চালক আলেকজেণ্ডাৰ ড্ৰোজডোভে দাখিল কৰা এক বিবৃতিত নিৰাপত্তাৰক্ষীজনৰ পৰিচয় দাঙি ধৰা নাছিল৷ কিন্তু কাৰ্যবাহী সঞ্চালকজনে নিৰাপত্তাপক্ষীজন এটা ব্যক্তিগত সুৰক্ষা কোম্পানীত কৰ্মৰত বুলি জানিবলৈ দিছিল। প্ৰদৰ্শনীখনৰ কিউৰেটৰ আন্না ৰেশ্বেটকিনাই কৈছিল যে ছবিখন ‘য়েলৎচিন চেণ্টাৰ-ব্ৰেণ্ডেড কলমেৰে’ নষ্ট কৰা হৈছিল। ঘটনাটোৰ পাছত, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ তদন্তৰ ভিত্তিত নিৰাপত্তাৰক্ষীজনে ৩৯,৯০০ টকা জৰিমনা পৰিশোধ কৰাৰ লগতে আৰু এবছৰৰ কাৰাদণ্ড বিহা হয়। তথ্য অনুসৰি, ভাৰতীয় মূল্যত ২,৪৯,৫০০ টকাৰ ক্ষতি হয় পেইণ্টিংখনৰ৷ ছবি বিশেষজ্ঞসকলৰ মতে, ছবিখন পুনৰ আগৰ দৰে কৰিবলৈ প্ৰয়াস কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য
Advertisement