--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিনাদোষত 'কাৰাবাস' খাটিলে এজন ব্যক্তিয়ে৷ শুনি আচৰিত হ'লেও কিন্তু এয়া এক সঁচা ঘটনা৷ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাটোৱেই বিনাকাৰণত বন্দী হৈ অৱশেষত ন্যায় লাভ কৰিলে আমেৰিকাৰ এজন লোকে৷ যুক্তৰাষ্ট্ৰৰ মিজোৰিৰ ৬২ বছৰীয়া কেভিন ষ্ট্ৰিকলেণ্ড নামৰ এজন লোকে ১৯৭৮চনৰ তিনিটা হত্যাকাণ্ডত অভিযুক্ত হৈ কাৰাবাস খাটি অৱশেষত বন্দিত্বৰ জীৱনৰ পৰা মুক্ত হ'ল৷

১৮ বছৰ বয়সতে ষ্ট্ৰিকলেণ্ডে হত্যাকাণ্ডত অভিযুক্ত হোৱা বুলি গ্ৰেপ্তাৰ কৰিছিল৷ বন্দিত্ব জীৱনৰ পৰা মুক্ত হৈ তেঁও কয় যে, "মই কেতিয়াও এই দিন আহিব বুলি ভবা নাছিলো৷" যি ঘটনাত তেখেতে বন্দিত্ব জীৱন কটাবলগীয়া হৈছিল, সেই ঘটনাত তেওঁক ভুলবশতে কাৰাবন্দী কৰি ৰাখিল বুলি প্ৰমাণিত হয়৷ তেখেতে ১৫,৪৮৭ দিন মুঠ কাৰাবাস খাটিলে বিনাদোষত৷

উল্লেখ্য যে দেশখনৰ ইতিসাহত এয়াই আটাইতকৈ দীঘলীয়া পৰ্যায়ৰ ভূল কাৰাবাস জীৱন কটোৱা ঘটনা৷ জীৱনৰ সবাটোকৈ গুৰুত্বপূৰ্ণ সময়ৰ ৪৩টা বছৰেই কাৰাবন্দিত্বৰ মাজেৰে পৰা কৰা ষ্ট্ৰিকলেণ্ডক মিজোৰিৰ আদালতে বুধবাৰে তাৎক্ষণিকভাৱে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ ১৯৭৮চনৰ ২৫ এপ্ৰিলত কাঁ চহৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যিটো ঘটনাত মৃত্যু ঘটিছিল তিনিজন লোকৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ